তেজপুৰত প্ৰাক্তন সৈনিকৰ সভা

0 18

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৯মাৰ্চঃ শোণিতপুৰ জিলা সৈনিক কল্যাণ কাৰ্যালয়ৰ উদ্যোগত আজি এক প্ৰাক্তন সৈনিক সভাৰ আয়োজন কৰা হয় তেজপুৰত ৷ এই সভা ডেকাৰগাঁও আঞ্চলিকৰ অন্তৰ্ভুক্ত প্ৰাক্তন সৈনিক সকলকলৈ অনুষ্ঠিত কৰা হয় ৷ ইয়াত অনুষ্ঠিত সভাখন জিলা সৈনিক কল্যাণ কাৰ্যালয়ৰ মুৰব্বী তথা প্ৰাক্তন সেনা বিষয়া লেফটেনেণ্ট কৰ্ণেল এ কে নন্দীয়ে প্ৰাক্তন সৈনিক সকলক সম্বোধন কৰি কয় যে আমাৰ প্ৰাক্তন সৈনিক সকলৰ দৰমহা দিয়াৰ উৎসটো সম্প্ৰতি বদলি হৈছে ৷সকলোৰে দৰমহা স্পৰ্শৰ দ্বাৰা বিতৰণ হ’ব বুলি তেওঁ অবগত কৰে৷এই সভাতে তেওঁ স্পৰ্শৰ বিষয়ে সকলোকে বিতং ভাবে অবগত কৰে ৷ তেওঁ কয় যে স্পৰ্শ যদি সোনকালে নাম অন্তৰ্ভুক্ত কৰা নহয়, তেনেহলে সকলোৰে মাহিলী দৰমহা পোৱাত অসুবিধা হব ৷ এই প্ৰাক্তন সৈনিকৰ সভাখনত ১৫৫ জন প্ৰাক্তন সৈনিক আৰু প্ৰয়াত সৈনিক সকলৰ পৰিবাৰ সকল উপস্হিত থাকে ৷ এই সভাত জিলা সৈনিক কল্যাণ বিষয়াই সকলোকে অন্যান্য সা সুবিধাৰ বিষয়েও অবগত কৰে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More