তেজপুৰত প্ৰয়াত সাংবাদিক প্ৰনৱ সিংহক স্মৰণ : স্মাৰক বঁটা প্ৰদান লোকশিল্পী দিনাৰাম বড়োক

0 46

শতাব্দ প্ৰতিনিধি তেজপুৰ,১মে’: ৰাজ্যৰ এগৰাকী বিশিষ্ট সাংবাদিক তথা সমাজ সংগঠক তথা শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰনৱ সিংহৰ অষ্টম মৃত্যু তিথি শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাকক্ষত আজি দিনৰ ১১বজাত অনুষ্ঠিত কৰা হয়। সভাতে জিলাখনৰ ঠেলামৰাৰ এগৰাকী প্ৰবীন লোকশিল্পী দিনাৰাম বড়োলৈ সংবাদিক প্ৰনৱ সিংহ স্মাৰক বঁটা ২০২২ আগবঢ়োৱা হয়। সভাৰ আৰম্ভণিতেই প্ৰয়াত সিংহৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰি শোণিপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই প্ৰয়াত সাংবাদিক গৰাকীৰ সপোন আৰু তেওঁৰ কৰ্মৰাজিক আগুৱাই নিয়াৰ বাবে বৰ্তমানৰ সাংবাদিকসকলক আন্তৰিকতাৰে কাম কৰি যাবলৈ আহ্বান জনাই। আনহাতে বিশিষ্ট অতিথি তথা প্ৰয়াত সাংবাদিক সিংহৰ বন্ধু, বিশিষ্ট নাট্যকাৰ,পৰিচালক,অভিনেতা,লেখক ঐশ্বৰ্য কাকতিয়ে সিংহৰ বিষয়ে স্মৰণ কৰি কয় যে সিংহ আছিল হাঁহি ভালপোৱা আৰু হঁহুৱাই ভাল পোৱা এজন ব্যক্তি। এই গুণৰ উপৰি তেওঁ মানুহক সহায় কৰি ভাল পাইছিল বুলি মন্তব্য কৰি কাকতিয়ে আৰু কয় যে বন্ধু মহলত দাদু নামৰে পৰিচিত সিংহই ৰাজহুৱা কামত সদায়েই আগবাঢ়ি আহিছিল। চাহৰ আড্ডাত তেওঁ কোৱা বহু খুহুতীয়া কথা স্মৰণ কৰি কয় যে এইদৰে হাঁহি হাঁহি জীৱন পাৰ কৰা সিংহই আনকি গুৰুতৰ ৰোগত সময় অতিবাহিত কৰাৰ সময়তো হাঁহিয়েই কটাইছিল। সংগীত নাটকমৰ গঠনৰ ক্ষেত্ৰতো তেওঁৰ বিশেষ ভূমিকা থকাৰ বিষয়ে উল্লেখ কৰি কাকতিয়ে সংগীত নাটকমৰ নামটোও সিংহই দিয়া বুলি প্ৰকাশ কৰি সেই সময়ত সংগীত নাটকমে ৰাজ্যজুৰি আৰু বিশিষ্ট অভিনয় শিল্পী বিজু ফুকন, নিপন গোস্বামী, চেতনা দাস, তচুদ্দুক ইউচুফ আাদিকে ধৰি বহু শিল্পীৰ অভিনয়ৰে ৰাইজৰ মনত বিশেষ স্থান অৰ্জন কৰিবলৈ সক্ষম হৈছিল বুলিও কয়।  বিশিষ্ট অতিথি নিৱন্ধকাৰ তথা শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ড° প্ৰাণজিৎ হাজৰিকাই প্ৰয়াত সিংহৰ স্মৃতি ৰোমন্থন কৰি কয় যে,১৯৭৭ত কটনৰ পৰা উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হৈ আহি আহি দৰং মহাবিদ্যালয়ত নামভৰ্তি কৰাৰ পাছতে হাজৰিকাই সেই সময়ত মহাজাতি কাকতৰ কাৰ্যালয়লৈ যোৱাৰ দিনটোতে সিংহৰ স’তে প্ৰথম সাক্ষাৎ হৈছিল। ইয়াৰ পাছত দীঘলীয়া সময় তেওঁৰ স’তে সম্পৰ্ক অব্যাহত থকাৰ বিষয়ে ড° হাজৰিকাই প্ৰকাশ কৰি সিংহৰ তৎপৰতাত শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ কাৰ্যালয়ত গ্ৰন্থ উন্মোচনি সভা,পৰিবেশ সুৰক্ষা,খেলুৱৈ শিল্পীক সম্বৰ্ধনা জনোৱাৰ পৰম্পৰা আৰম্ভ কৰিছিল আৰু এই কাৰ্য বৰ্তমানেও অব্যাহত থকা বুলি তেওঁ কয়। মহাজাতি কাকতৰ চৌহদটো শোণিতপুৰৰ তথা তাহানিৰ দৰংজিলাৰ সাংবাদিকৰ বাবে এক বীজ স্থান আছিল বুলি উল্লেখ কৰি ড° হাজৰিকাই লগতে কয় যে মহাজাতি আছিল ১৯৬০ত অবিভক্ত দৰংজিলাৰ প্ৰথমখন বাতৰি কাকত। প্ৰয়াত সিংহ বহুমুখী প্ৰতিভাৰ অধিকাৰী আছিল বুলিও মন্তব্য কৰি তেওঁ কয় যে ৰাজ্যৰ বহুকেজন বিশিষ্ট সাংবাদিক সৃষ্টিৰ ক্ষেত্ৰত প্ৰয়াত ড° পূৰ্ণ নাৰায়ণ সিংহ,পংকজ সিংহ আৰু প্ৰণৱ সিংহৰ অৰিহণা চিৰস্মৰণীয়। সিংহ পিটিআইৰ দৰং জিলাৰ প্ৰথমজন সাংবাদিক হোৱাৰ উপৰি তেওঁ ইউ এন আই,ছেন্টিনেল আৰু আজিৰ অসম আদি কাকততো সাংবাদিকতা কৰিছিল বুলি প্ৰকাশ কৰি লগতে কয় যে তেওঁ আছিল সামাজিক ভাবে দায়বদ্ধ এগৰাকী সাংবাদিক। সংগীত নাটকমৰ জৰিয়তে সমাজলৈ প্ৰয়াত সিংহ আৰু তেওঁৰ সতীৰ্থ সকলে বিশেষ অৱদান যোগাইছিল বুলিও ড° হাজৰিকাই মন্তব্য কৰে। আনহাতে আজিৰ সভাত প্ৰনৱ সিংহ স্মাৰক বঁটা ২০২২ লোকশিল্পী দিনাৰাম বড়োলৈ আগবঢ়োৱা হয়। তেজপুৰৰ বিধায়ক তথা শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ উপদেষ্টা শিল্পী পৃথ্বিৰাজ ৰাভাৰ লগতে উপায়ুক্ত তথা বিশিষ্ট অতিথি সকলৰ স’তে তেজপুৰৰ সাংবাদিক সংস্থাটোৰ সভাপতি সঞ্জীৱ হাজৰিকা,সাধাৰণ সম্পাদক মনোজ কুমাৰ শইকীয়া,বিষয়ববীয়া প্ৰনৱ কুমাৰ দাসে শৈশৱৰ পৰাই লোকসংস্কৃতিৰ সাধনাৰে জড়িত প্ৰচাৰ বিমুখ শিল্পী দিনাৰাম বড়োক এই বঁটা আগবঢ়ায। এই বঁটাত গামোচা, প্ৰশস্তি পত্ৰ, শৰাই,জাপি আৰু নগদ ধন আগবঢ়োৱা হয়। শিল্পীজনে বঁটা গ্ৰহণ কৰি এই অনুভৱ প্ৰকাশ কৰি কয় যে নিজকে তেওঁ কেতিয়াও লোকশিল্পী বুলি ভবা নাই। ৰাইজেহে তেনেদৰে কয় বুলি মন্তব্য কৰি শিল্পী বড়োৱে সমাজৰ স’তে সম্পৰ্ক ৰক্ষা কৰিবলৈহে তেওঁ এই সাধনা কৰি আহিছে বুলি মন্তব্য কৰে। শিল্পীজনে ৰাজ্যৰ এগৰাকী বিশিষ্ট শিল্পী লোকনাথ গোস্বামীৰ এটা অতি অৰ্থবহ আৰু শ্ৰুতিমধুৰ গীতো পৰিৱেশন কৰে তেওঁ। সাংবাদিক, নাট্যকাৰ পৰিচালক পুলক কুমাৰ ডেকাই আকৰ্ষণীয় ভাবে আঁত ধৰা এই অনুষ্ঠানত অংশ লৈ বিধায়ক পৃথ্বিৰাজ ৰাভাই কয় যে,বহু সাংবাদিক সৃষ্টি কৰাৰ ক্ষেত্ৰত প্ৰয়াত সিংহৰ লগতে মহাজাতি কাকতৰ অৰিহণা আছে। ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰত আৰু মানুহৰ স’তে সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰতো তেওঁৰ অৱদান বহু আছে বুলি উল্লেখ কৰি বিধায়কজনে প্ৰকাশ কৰে যে ৰাজ্যৰ লগতে বহিৰাজ্যত থকা সেই সময়ৰ অসমীয়া যুৱকসকলৰ স’তে সম্পৰ্ক ৰক্ষা কৰি আছিল প্ৰয়াত প্ৰণৱ সিংহই। তেওঁ এজন প্ৰৱল আত্মবিশ্বাসী ব্যক্তি আছিল বুলি উল্লেখ কৰি ৰাভাই আৰু কয় যে, বৰ্তমানৰ সাংবাদিক সকলৰ বাবে প্ৰয়াত সিংহ এগৰাকী আদৰ্শ। সভাত শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ কাৰ্যালয়টো আটকধুনীয়াকৈ নিৰ্মাণৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰা হ’ব বুলিও তেওঁ কয়। আজিৰ এই স্মৃতিচাৰণ আৰু বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জনাই প্ৰয়াত সিংহৰ আন এগৰাকী বন্ধু গোপেন ভূঞা (ভাইটি),তেজপুৰ পৌৰসভাৰ পৌৰপতি প্ৰজ্ঞানু ভট্টাচাৰ্য, জনসংযোগ বিষয়া জ্যোতিৰ্ময় চক্ৰৱৰ্তী, শিল্পী জান তালুকদাৰ, আজুৰ সভাপতি পংকজ কুমাৰ নাথ, প্ৰাক্তন ছাত্ৰ নেতা কুলেন ভৰালী,সাংবাদিক পেঞ্চন প্ৰাপক তৰুণ বৰা, যুগল উচ্ছতৰ মাধ্যমিকৰ অধ্যক্ষ বিশ্বজিৎ বড়ো, সাংবাদিক দিব্যজ্যোতি নাথ, জিতু ডেকা, মিন্টু হেমৰমকে ধৰি ভালেকেজন বিশিষ্ট ব্যক্তিয়ে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More