তেজপুৰত ফিটনেছ বুষ্ট কেম্প অনুষ্ঠিত

0 21
শতাব্দ জিলা প্ৰতিনিধি তেজপুৰ, ১৬ জুলাইঃ তেজপুৰ তথা ৰাজ্যৰ লৌহক্ৰীড়াৰ ক্ষেত্ৰত ঐকান্তিক প্ৰচেষ্টাৰে যথেষ্ট অৱদান আগবঢ়াবলৈ সক্ষম হোৱা তেজপুৰ নপামৰ এছ এম বি ব্যামাগাৰে আজি এক ফিটনেছ বুষ্ট কেম্প অনুষ্ঠিত কৰে। আজি পুৱা ছয় বজাৰ পৰাই পৰমাইঘূলি স্থিত তেজৰ্ট ৰিজ’ৰ্টত ব্যায়ামাগাৰৰ সদস্যসকলে “মেক ফিটনেছ ইয়ৰ ফেভাৰিট হেবিট” শীৰ্ষক বাণীৰে এই বুষ্ট কেম্পৰ তাৎপৰ্য ব্যাখ্যা কৰে এছ এম বি ব্যমাগাৰৰ মুখ্য প্ৰশিক্ষক তথা যুৱ ক্ৰীড়া সংগঠক মুজাহিদ ৰজাই।উল্লেখযোগ্য যে, এই  কেম্পত তেজপুৰৰ বিভিন্ন অঞ্চলৰ প্ৰায় ৮০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰে। আন্তঃ ৰাষ্ট্ৰীয় পাঞ্জা বিচাৰক তথা অসম বডী বিলডাৰচ এণ্ড ফিটনেছ এছোচিয়েচনৰ কাৰ্যকৰী সভাপতি  পংকজ বৰা, বিশিষ্ট ক্ৰীড়া সংগঠক শ্বেইখ ছাহাবুদ্দিন, পূব শোণিতপুৰ ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক জামাল উদ্দিন আহমেদ, বিশিষ্ট লেখক চিৰাজ খান, তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° অমিয় কুমাৰ দাস, ক্ৰীড়া সাংবাদিক প্ৰাণজিত বৰুৱাকে ধৰি ভালে সংখ্যক গণ্য মান্য ব্যক্তিয়ে এই ফিটনেছ কেম্পত অংশ গ্ৰহণ কৰে। প্ৰণিধানযোগ্য যে শোণিতপুৰত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা এই ফিটনেছ বুষ্ট কেম্পত আন্তঃ ৰাষ্ট্ৰীয় কাৰাটে খেলুৱৈ তথা ৰাষ্ট্ৰীয় খেলুৱৈ আৰু এন আই এছ প্ৰশিক্ষক  শংকৰ ছেত্ৰী আৰু প্ৰশিক্ষক তথা বাংগালুৰু স্থিত “বিল্ট টো লাষ্ট ফিটনেছ” সন্থাৰ প্ৰতিষ্ঠাপক ছামিম আলৰিক আয়োজকসকলে বিশেষ ভাৱে সম্বৰ্দ্ধনা জনায়। কোনো ধৰণৰ অত্যাধুনিক সা-সঁজুলি নোহোৱাকৈও বা কোনো ধৰণৰ ব্যামাগাৰলৈ নোযোৱাকৈ ঘৰতে নিয়মিত অনুশীলন কৰি কেনেকৈ নিজকে সুস্থ আৰু সুঠাম দেহৰ অধিকাৰী কৰি ৰাখিব পাৰি তাৰ ওপৰত গুৰুত্ব দি এই শিৱিৰৰ আয়োজন কৰা হৈছে। এই বিশেষ আৰু ব্যতিক্ৰমী অনুষ্ঠানত সকলো প্ৰশিক্ষাৰ্থীকে প্ৰবীণ সমাজকৰ্মী তথা ক্ৰীড়া সংগঠক শ্বেইখ চাহাব উদ্দিনে মানপত্ৰ প্ৰদান কৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More