তেজপুৰত ফ্লাইঅভাৰ নিৰ্মাণৰ বাবে অতি কম মূল্যত ভূমি অধিগ্ৰহণঃ ক্ষুব্ধ বহুলোক

0 12

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১১মে’ ইতিমধ্যে নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা তেজপুৰ মিছন চাৰিআলিৰ ফ্লাই অভাৰৰ বাবে চৰকাৰে অধিগ্ৰহণ কৰা ম্যাদী ভূমিৰ মূল্য যথেষ্ট কম পৰিমানে নিৰ্দ্ধাৰণ কৰা বুলি অভিযোগ উঠিছে৷ সদাব্যস্ত মিছন চাৰিআলিত এখন ফ্লাই অভাৰ নিৰ্মানৰ বাবে দাবী উত্থাপন হৈ আহিছিল আৰু সম্প্ৰতি ৰাজ্য চৰকাৰে ইয়াত ইয়াৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে৷ প্ৰথম অৱস্থাত ফ্লাইঅভাৰখন নিৰ্মাণৰ ক্ষেত্ৰত সেনাৰ পৰা আপত্তি প্ৰদৰ্শন কৰা হৈছিল আৰু ইয়াৰ বাবে প্ৰায় দুবছৰে কাম আৰম্ভ কৰা হোৱা নাছিল৷পাছত তেজপুৰত অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত এইখন উৰণীয়া সেতুৰ দৈৰ্ঘ বৃদ্ধি কৰাৰ উপৰি আবন্টিত ধনৰ পৰিমানো বৃদ্ধি কৰা হয়৷কিন্তু সেনাৰ স’তে নিৰ্মাণৰ বিষয়টো মীমাংসা হোৱাৰ পাছত সম্প্ৰতি ফ্লাইঅভাৰখনৰ নিৰ্মাণৰ বাবে কিছু অঞ্চলত অধিগ্ৰহণ কৰা স্হানীয় লোকৰ ম্যাদীভূমিৰ বিপৰীতে অতি কম মূল্য চৰকাৰী ভাবে নিৰ্দ্ধাৰণ কৰাৰ অভিযোগত একাংশ লোকে আদালতৰ দ্বাৰস্হ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷উল্লেখযোগ্য যে,প্ৰায় ডেৰশ লোকৰ ভূমি অধিগ্ৰহণ কৰাৰ বিপৰীতে এই বিষয়ে আগতীয়াকৈ কোনো কথা জনোৱা হোৱা নাছিল বুলি অভিযোগ কৰি ভুক্তভোগী লোকসকলে কয় যে,মাজতে তেওঁলোকক তেজপুৰ ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা ভূমি অধিগ্ৰহণ শাখালৈ মাতি নি বিভিন্ন নথিপত্ৰত এটকাও আদায় নিদিয়াকৈ চহী লোৱা হয় আৰু সেই সময়তহে এইসকল লোকে মিছন চাৰিআলিৰ লগতে কাষৰ অঞ্চলৰ অতি মূল্যৱান মাটি পানীৰ দৰত চৰকাৰে অধিগ্ৰহণ কৰিবলৈ লোৱাৰ বিষয়টো পোহৰলৈ আহে৷মাটিৰ মূল্য একপক্ষীয় ভাবেই নিৰ্দ্ধাৰণ কৰা হৈছে বুলি তেওঁলোকে অভিযোগ কৰে৷ বিষয়টো শোণিতপুৰৰ উপায়ুক্তকো দৃষ্টিগোচৰ কৰা হৈছে বুলি উল্লেখ কৰি লগতে কয় যে,অতি ব্যস্ত আৰু ব্যৱসায়িক তথা আৱাসিক অঞ্চলৰ এই ভূমিৰ দোকান,ভাড়া আদিৰ পৰাই মাহে ৩০-৫০হেজাৰ টকা উপাৰ্জনৰ সুবিধা থকাৰ বিপৰীতে বৰ্তমান চৰকাৰী ভাবে অতি সামান্য পৰিমানৰ ধনহে ধাৰ্য কৰা হৈছে৷ তেজপুৰৰ আন অঞ্চলত অধিগৃহিত ভূমি আৰু আন স্হাৱৰ অস্হাৱৰ সম্পত্তিৰ বিপৰীতেও যথেষ্ট পৰিমাণৰ ধন আদায় দিয়া হৈছে,তেনে সময়ত মিছন চাৰিআলি আৰু কাষৰীয়া অঞ্চলৰ অতি মূল্যৱান মাটিৰ ক্ষেত্ৰত নিৰ্দ্ধাৰণ কৰা ধনৰ পৰিমানৰ বিৰুদ্ধে একাংশ লোকে আদালতৰ কাষ চাপিবলৈ বাধ্য হ’ব বুলিও মন্তব্য কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More