তেজপুৰত বনৰীয়া হাতীৰ উপদ্ৰৱ

0 125

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১ ডিচেম্বৰঃ তেজপুৰত যোৱানিশা বনৰীয়া হাতীয়ে একাধিক অঞ্চলত উপদ্ৰৱ চলোৱাৰ লগতে পকা ধান ভক্ষণ কৰি তহিলং কৰে৷তেজপুৰৰ চহৰৰ সমীপৰে দেৱী সিং ঘাট, গঢ় দৌল, বেচেৰীয়া আৰু পখীয়াঝাৰত একে সময়তে একাধিক ভাগত বিভক্ত হৈ পৰা বনৰীয়া হাতীয়ে উপদ্ৰৱ চলায়৷উল্লেখযোগ্য যে,সোণাই ৰূপাই অভয়াৰণ্যৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীৰ জাকে যোৱা দীঘলীয়া সময়ধৰি ৰঙাপৰাৰ লগতে তেজপুৰৰ বিভিন্ন অঞ্চলত বিচৰণ কৰাৰ লগতে সম্প্ৰতি পকা ধানৰ পথাৰত নামি ধান ভক্ষণ কৰাৰ লগতে পথাৰ তহিলং কৰিছে৷দুই তিনিটাকৈ ভাগত বিভক্ত হৈ পৰা এই বনৰীয়া হাতীৰ জাকটোৰ ভিতৰত দুটাই তেজপুৰৰ বেচেৰীয়া, দেবী সিং ঘাট, গঢ়দৌল আৰু পক্ষীয়াঝাৰত আদি বিভিন্ন সময়ত উপদ্ৰৱ চলোৱাৰ লগতে যোৱা নিশা তেজপুৰৰ নিকটৱৰ্তী দেৱীসিং ঘাট, বেচেৰীয়া আদিত পথাৰৰ ধান ভক্ষণ কৰে৷পৰৱৰ্তী সময়ত বন বিভাগৰ সহযোগত হাতী কেইটা খেদি পঠিয়াবলৈ সক্ষম হয় যদিও আৰিমৰা চাপৰিলৈ বছৰি বনৰীয়া হাতীৰ বৃহৎ জাকৰ আগমন ঘটাৰ এই সময়ে কৃষক ৰাইজক শংকিত কৰিছে৷উল্লেখযোগ্য যে,সোণাইৰূপাইৰ পৰা ওলাই অহা প্ৰায় ১৬টা হাতী সম্প্ৰতি ৰঙাপৰা তথা তেজপুৰৰ সীমামূৰীয়া অঞ্চলতে বিচৰণ কৰি আছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More