তেজপুৰত বাচফৰ নৃত্য বিদ্যালয়

0 12
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ২১ মে’ : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে উচ্চ-নীচ, জাত-পাতৰ ভেদাভেদ পৰিহাৰ কৰি বৃহত্তৰ অসমীয়া জাতি গঠন কৰিছিল ৷ গুৰুজনাৰ সেই আদৰ্শকেই সৰোগত কৰি তেজপুৰত হৰিজনসকলে আৰম্ভ কৰিছে শংকৰী কলা-কৃষ্টিৰ সাধনা৷ হৰিজনসকলৰ ল’ৰা-ছোৱালীৰ মাজত শংকৰী কলা-কৃষ্টিৰ লগতে ৰাজ্যৰ বাৰেবৰণীয়া সংস্কৃতিৰ চৰ্চাৰ বাবে তেজপুৰৰ আমোলাপট্টিৰ হৰিজন কলনীত আজি আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয় বাচফ’ৰ নৃত্য বিদ্যালয় ৷ ডাঃ হেডগেৱাৰ সেৱা সমিতিৰ উদ্যোগত স্থাপন কৰা এই বিদ্যালয়খন আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে আৰ এছ এছৰ সহ-ক্ষেত্ৰ প্ৰচাৰক বশিষ্ট বুজৰবৰুৱাই ৷ উল্লেখ্য যে, যোৱা আঠ এপ্ৰিলত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই হৰিজনসকলৰ সমস্যাৰ বুজ লোৱাৰ লগতে তেওঁলোকৰ বৌদ্ধিক উত্তৰণৰ বাবেও আগভাগ ল’বলৈ আহ্বান জনাইছিল ।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More