তেজপুৰত বাণিজ্যবীৰ ভোলানাথ বৰুৱাক স্মৰণ

0 11

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩০মে’ঃ তেজপুৰৰ অসমীয়া ব্যৱসায়ী উন্নয়ন পৰিষদৰ উদ্যোগত আৰু বালিপুখুৰী তিনিআলি ব্যৱসায়ীসকলৰ সহযোগত আজি বালিপুখুৰী নামঘৰ প্ৰাংগণত ৰাজ্যখনৰ এগৰাকী বিখ্যাত সদাগৰ তথা দানবীৰ সাউদ,বাণিজ্যবীৰ ভোলানাথ বৰুৱাৰ আজি মৃত্যু শতবাৰ্ষিকী তিথিৰ দিনটো বাণিজ্য দিৱস হিচাপে উদযাপন কৰা হয়৷ উল্লেখযোগ্য যে,তেজপুৰৰ এই থলুৱা ব্যৱসায়ী সংস্হাটোৱে বিগত তিনিবছৰে ৰাজ্যখনৰ প্ৰখ্যাত সাউদ গৰাকীক আনুষ্ঠানিক ভাবে স্মৰণ কৰি আহিছে আৰু আজি ইয়াৰে অংশ হিচাপে বাণিজ্যবীৰ গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই এখন স্মৃতি চাৰণ সভা অনুষ্ঠিত কৰা হয়৷ সদাগৰ ভোলানাথ বৰুৱাৰ ব্যৱসায়িক জীৱনৰ ওপৰত আলোকপাত কৰাৰ লগতে তেওঁ ৰাজ্যখনৰ বাবে আগবঢ়োৱা মহান অৱদানৰ বিষয়ে দৰং মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ অধ্যাপক ড০ মনোজ হাজৰিকাই ব্যাখ্যা আগবঢ়ায়৷ সভাত যুৱ সমাজ কৰ্মী হিৰণ্য ভুঞা, স্থানীয় বয়োজ্যেষ্ঠ ব্যৱসায়ী কুলেন শইকীয়া, নামঘৰৰ সভাপতি চিত্ৰৰঞ্জন পটংগীয়া আৰু স্থানীয় ব্যৱসায়ী সকল উপস্থিত থকা সভাখনতে এই বিশেষ দিৱসৰ লগত সংগতি ৰাখি বালিপুখুৰী তিনিআলিৰ সাত জন প্ৰয়াত সফল ব্যৱসায়ীৰ প্ৰতি সন্মান জনোৱাৰ লগতে তেওঁলোকৰ অৱদানক স্মৰণ কৰি এইসকলৰ পৰিয়ালৰ লোকক একোখনকৈ সম্বৰ্দ্ধনা পত্ৰ আগবঢ়োৱা হয়৷ ব্যৱসায়ী প্ৰশান্ত দাসে আঁত ধৰা সভাখনত প্ৰয়াত ভোগেশ্বৰ পটংগীয়া, নিৰ্মল দাস, চেনাৰাম পটংগীয়া, অমিয় দাস, লক্ষীধৰ কেওট, কুঞ্জৰাম পটংগীয়া, কমল পটংগীয়াৰ পৰিয়ালে সম্বৰ্ধনা পত্ৰ গ্ৰহণ কৰি থলুৱা ব্যৱসায়ী সকলৰ এনে উদ্যোগৰ শলাগ লয়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More