তেজপুৰত বিজেপি চৰকাৰৰ বিৰুদ্ধে চিপিআই এম দলৰ মুকলি সভা

২০২৪-২৬ত ক্ষমতাৰ পৰা উৎখাতৰ আহ্বান

0 16

শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৯অক্টোবৰ: য’দিহে দেশ তথা ৰাজ্যৰ শাসনৰ পৰা বিজেপিক ২০২৪আৰু ২০২৬ ত উৎখাত কৰা নহয় তেনেহলে দেশ আৰু ৰাজ্য ভয়ংকৰ বিপদৰ সন্মুখীন হ’ব৷ বিজেপি দলে চৰকাৰ গঠন কৰাৰ পাছতে নিত্য ব্যৱহাৰ্য সামগ্ৰী আইনখন বাতিল কৰা কাৰ্যই সৰ্বসাধাৰণক মাধমাৰ সোধাইছে৷ তদুপৰি সংস্হাপনৰ নামত বিজেপি চৰকাৰে গ্ৰহণ কৰা নীতি কোনোকাৰণতে সমৰ্থন যোগ্য নহয়৷ এই বক্তব্য চি পি আই(এম) বিধায়ক মনোৰঞ্জন তালুকদাৰৰ৷ উল্লেখযোগ্য যে, ভাৰতৰ কমিউনিষ্ট পার্টি (মার্ক্সবাদীৰ) অৰ্থাৎ চিপিআই এমৰ শোণিতপুৰ জিলা কমিটিৰ উদ্যোগত আজি তেজপুৰ স্হিত হেম বৰুৱা ভৱন চৌহদত সম্প্ৰতি মূল্যবৃদ্ধিকে ধৰি বিভিন্ন জলন্ত সমস্যা সন্দৰ্ভত এখন মুকলি সভা অনুষ্ঠিত হয়৷ এই সভাত অংশলৈ দলটোৰ বিধায়কজনে লগতে আগন্তুক নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰিবৰ বাবে সৰ্বসাধাৰণক সংগঠিত হোৱাৰ আহ্বান জনাই৷ দলটোৰ এগৰাকী প্ৰবীন কৰ্মী গজেন বৰাৰ পৌৰোহিত্যত দিনৰ ১১-৩০বজাৰ পৰা অনুষ্ঠিত মুকলি সভাখনত দলটোৰ আন এগৰাকী প্ৰবীন নেতা ৰবীন তামুলীয়ে বিজেপি দলে সম্প্ৰতি বিৰোধীৰ অস্তিত্ব নোহোৱা কৰিবলৈ বিভিন্ন ষড়যন্ত্ৰ আৰু কূটকৌশলৰ আশ্ৰয় লোৱা বুলি উল্লেখ কৰি আৰু কয় যে এই দলটোৱে চাহশ্ৰমিক সকলক বিভিন্ন প্ৰকাৰে প্ৰৱঞ্চনা কৰি আহিছে৷ চাহশ্ৰমিক সকলৰ প্ৰাপ্য দৈনিক মজুৰিৰ পৰা বঞ্চিত কৰাৰ লগতে সম্প্ৰতি সৰ্বসাধাৰণৰ বাক স্বাধীনতা হৰণ কৰিবলৈ উঠিপৰি লগা বুলি উল্লেখ কৰি তামুলীয়ে লগতে কয় যে বিজেপি চৰকাৰে বৰ্তমান একনায়কত্ববাদী আচৰণ কৰিবলৈ লৈছে৷ নিৰজ দত্ত আৰু মনেশ্বৰ বড়োৱেও ভাষণ দিয়া তথা কেবাশ লোকৰ অংশগ্ৰহণৰে অনুষ্ঠিত আজিৰ ৰাজহুৱা সভাই কেতবোৰ প্ৰস্তাৱো গ্ৰহণ কৰে৷সেই অনুসৰি, খাদ্য সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় বয়- বস্তুৰ দাম বৃদ্ধিয়ে সর্বসাধাৰণ লোকৰ জীৱন-জীৱিকাত ভয়ংকৰ সংকটৰ প্ৰভাৱ পেলাইছে। অতি উদ্বেগৰ বিষয় যে চৰকাৰৰ নীতি ফলতে আন্তৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম কম হোৱা সত্ত্বেও দেশত তেলৰ দাম কম হোৱা নাই আৰু ইয়াৰ মূল কাৰণ হৈছে ইন্ধনৰ ওপৰত আৰোপিত অত্যাধিক কৰ। সভাৰ প্ৰস্তাৱ অনুসৰি, ভূতৰ ওপৰত দানহ পৰাদি আজি দুই তিনি মাহৰ পৰা বিদ্যুৎ গ্রাহকে অভাৱনীয় হাৰত বিদ্যুৎ মাচুল দিব লগা হৈছে বুলি প্ৰকাশ কৰি স্মার্ট মিটাৰৰ নামত উপভোক্তাসকল লুণ্ঠিত হৈছে বুলিও কোৱা হয়। চৰকাৰে আনকি ভূ-গৰ্ভস্থ পানী উত্তোলনৰ ওপৰত কৰ জাপি দিব বিচাৰি আর্থিক ভাবে জুৰুলা নাগৰিকক মাধমাৰ সোধাব বিচাৰিছে বুলি অভিযোগ কৰি শেহতীয়াকে পৌৰ কৰ বৃদ্ধিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি চৰকাৰে নগৰবাসীৰ ওপৰতো মাধমাৰ সোধাব বিচাৰিছে বুলিও কোৱা হয়। চৰকাৰৰ এনেবোৰ জন বিৰোধী নীতিক আজিৰ সভাই তীব্র প্রতিবাদ জনাই একাধিক দাবী কাৰ্যকৰী কৰিবলৈ চৰকাৰৰ ওচৰত প্ৰতিবাদ সাব্যস্ত কৰে৷ সেই. অনুসৰি, খাদ্য সামগ্ৰীকে ধৰি অত্যাৱশকীয় বয়বস্তুৰ দাম বৃদ্ধি বন্ধ কৰা, পেট্রল-ডিজেলৰ ওপৰত জাপি দিয়া অত্যাধিক কৰ প্ৰত্যাহাৰ কৰাৰ দাবী ৰ উপৰি চৰকাৰৰ বিদ্যুৎ মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰা, স্মার্ট মিটাৰৰ নামত বিদ্যুৎ গ্ৰাহকক লুণ্ঠন কৰা বন্ধ কৰা, ভূ-গর্ভস্থ পানী উত্তোলনৰ ওপৰত ৰাজহুৱা কৰ প্ৰত্যাহাৰ কৰা আৰু পৌৰ কৰ বৃদ্ধিৰ প্ৰচেষ্টা বাতিল কৰিবলৈ দাবী জনোৱা হয়৷ আনহাতে আজিৰ এই মুকলি সভাত গ্ৰহণ কৰা আন এক প্ৰস্তাৱ অনুসৰি, যোৱা তিনি ছেপ্টেম্বৰত বৰছলা সমষ্টিৰ তিনি নম্বৰ চিতলমাৰীৰ ব্ৰহ্মপুত্ৰ দাঁতি কাষৰীয়া অঞ্চলৰ ১৯৯টা পৰিয়ালক শোণিতপুৰ জিলা প্রসাশনে চলোৱা উচ্ছেদ কাৰ্যত আজিৰ ৰাজহুৱা সভাই গভীৰ ক্ষোভ আৰু উদ্বেগ প্রকাশ কৰে৷ এই পৰিয়াল সমূহ দশকৰ পাছত দশক ধৰি এই অঞ্চলত বসবাস কৰি আহিছে বুলি সদৰি কৰি ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই সৰ্বস্বান্ত কৰা বিভিন্ন জাতি-ধৰ্মৰ এই সকল ভাৰতীয় নাগৰিকক সংস্থাপনৰ কোনো ব্যৱস্থা নকৰাকৈ প্ৰশাসনে চলোৱা উচ্ছেদ অমানবীয় আৰু এখন কল্যাণকামী ৰাষ্ট্ৰৰ মূল আদৰ্শৰ পৰিপন্থী আখ্যা দিয়া হয়। জীৱন আৰু জীৱিকাৰ অধিকাৰ আমাৰ সংবিধান প্ৰদত্ত মৌলিক অধিকাৰ বুলি উল্লেখ কৰি চিপিআই (এম) দলে সংস্থাপন অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী জনায়। কিন্তু আর্থিকভাবে ভাৰাক্ৰান্ত খেতিয়কৰ ওপৰত জধেমধে উচ্ছেদ জাপি দি অন্নদাতাৰ বিৰুদ্ধেই চৰকাৰে যেন যুদ্ধ ঘোষণা কৰিছে বুলিও প্ৰস্তাৱত উল্লেখ কৰা হয়।উল্লেখযোগ্য যে চিতলমাৰীৰ উচ্ছেদিত ৮০,৯০ বছৰীয়া বৃদ্ধকে ধৰি ছয় বছৰৰ তলৰ শিশু, হাইস্কুল আৰু কলেজত পঢ়ি থকা কিশোৰ-কিশোৰী ব্ৰহ্মপুত্ৰ নদীৰ দাঁতিত মুকলি আকাশৰ তলত দুঃসহ জীৱন কটাই আছে বুলি প্ৰকাশ কৰি আহি থকা শীতকালৰ সময়ত এই সকল লোকৰ জীৱনলৈ কি ভয়ংকৰ বিপদ নামি আহিব পাৰে ইসহজে অনুমেয় বুলি ক্ষোভ ব্যক্ত কৰা হয়। চি পি আই (এম)ৰ আজিৰ ৰাজহুৱা সভাই চৰকাৰৰ এনে অমানবীয় উচ্ছেদক তীব্র নিন্দা কৰাৰ লগতে অহা শীতকালৰ আগতেই এই সকল পৰিয়ালক সংস্থাপন দিবলৈ দাবী জনায়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More