তেজপুৰত বিশ্ব ধৰিত্ৰী দিৱস উদযাপন

0 23

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৪এপ্ৰিল: ৰাজ্য তথা উত্তৰ পূৰ্বাঞ্চলৰ অগ্রণী মানসিক স্বাস্থ্য চিকিৎসা প্ৰতিষ্ঠান তেজপুৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত বিস্তৃত কার্যক্রমণিকাৰে উদযাপিত কৰা হয় বিশ্ব ধৰিত্ৰী দিৱস । সেই উদ্দেশ্যে প্ৰতিষ্ঠানখনৰ ‘চেণ্টাৰ ফৰ ৰেহাবিলিটেচন’ৰ উদ্যোগত উদযাপিত হয় দিনযোৰা বৰ্ণিল কাৰ্যসূচী । আজি পুৱা ১১ বজাত প্ৰতিষ্ঠানৰ সঞ্চালক বিশিষ্ট মনোৰোগ চিকিৎসক ডা°শৈলেন্দ্ৰ কুমাৰ দেউৰীয়ে শুভাৰম্ভ কৰা অনুষ্ঠানত প্ৰায় ২০ জোপাতকৈও অধিক উন্নত মানৰ গছপুলি ৰোপণ কৰা হয় প্ৰতিষ্ঠান চৌহদত। অনুষ্ঠানত অধীক্ষক ডা°জ্যোতি হাজৰিকা, প্ৰশাসনিক বিষয়া ডা°হেমন্ত দত্তৰ উপৰি বিভিন্ন বিভাগৰ অধ্যাপক অধ্যাপিকাকে ধৰি ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীৰ উপস্থিতিত সম্পন্ন হোৱা অনুষ্ঠানৰ শেষত বিয়লি অনুষ্ঠিত হয় ছাত্র ছাত্ৰীৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা। অনুষ্ঠানটিৰ পৰিচালনা কৰে সহযোগী অধ্যাপক ড° আৰিফ, বিবেক শৰ্মা আদিয়ে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More