তেজপুৰত বিশ্ব পশুপালন দিৱস উদযাপন

অতিৰিক্ত কামৰ বোজা আৰু প্ৰত্যাহ্বানে পশু চিকিৎসকৰ মানসিক চাপ বৃদ্ধি কৰিছে

0 22
শতাব্দ প্ৰতিনিধি তেজপুৰ,৩০এপ্ৰিলঃ “বিশ্বৰ  বিভিন্ন প্ৰান্তত থকা চাৰি পাঁচ হেজাৰ বছৰ প্ৰাচীন গুহাবোৰত আদিম মানবে অঁকা জীৱ-জন্ত আৰু গছ গছনিৰ ছবি দেখা পোৱা যায়।এই কথাই প্ৰতিপন্ন কৰে যে মানুহৰ সম্পৰ্ক জীৱ-জন্তৰ স’তে তাহানিৰ পৰাই আছিল।”–এই মন্তব্য ড° অৱনী শৰ্মাৰ।দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষজনে আজি বিশ্ব পশুপালন দিৱস উপলক্ষে  শোণিতপুৰ জিলা পশু পালন বিষয়াৰ তেজপুৰৰ কাৰ্যালয়ত আয়োজিত অনুষ্ঠানত অংশলৈ এইদৰে কয়।ড° শৰ্মাই লগতে কয় যে মানসিক উদ্বিগ্নতা বৰ্তমান বিশ্বৰ সকলো ক্ষেত্ৰতে বৃদ্ধি পাইছে আৰু অতি ক্ষীপ্ৰতাৰে পৰিচালিত হোৱা এনে পৰিৱেশৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিয়েই সকলো আগবাঢ়িব লাগিব।পশু চিকাৎসক তথা ইয়াৰে জড়িত সকলেও এনে প্ৰত্যাহ্বানৰ মাজৰেই সেৱা আগবঢ়াই যাব লাগিব বুলিও ড° শৰ্মাই মন্তব্য কৰে।উল্লেখ্য যে ১৯৫৯ত আৰম্ভ হোৱা এই বিশ্ব পশুপালন  দিৱস ২০০১ৰ পৰা এপ্ৰিলৰ অন্তিমটো শনিবাৰে উদযাপন কৰি অহা হৈছে।  তেজপুৰৰ  হাতী পিল খানাত থকা জিলা পশুপালন বিষয়াৰ কাৰ্যালয়ত জিলা পশু চিকিৎসক সেৱা সন্থাৰ উদ্যোগত আজি দিনৰ ১১ বজাৰ  পৰা বিশেষ দিনটোৰে সংগতি ৰাখি আয়োজিত  সভাখন গীতে মাতে মুখৰিত হৈ পৰে। ৰাজ্য চৰকাৰৰ পশুপালন বিভাগৰ জিলা পশুপালন বিষয়া ডাঃ বিনয় কুৰ্মাৰ বৰ্মনৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাত বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহন কৰে শিক্ষাবিদ তথা দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° শৰ্মাই। গুৰুত্বপুৰ্ণ ভাষণ আগবঢ়ায়। ড° শৰ্মাই আৰু কয় যে,জীৱ-জন্তু আৰু মানুহৰ বাবে এটা ভাল পৰিবেশো থাকিব লাগিব। আনহাতে আজিৰ অনুষ্ঠানত এইবাৰৰ পশুপালন দিৱসৰ বিষয়বস্তু ‘ষ্ট্ৰেনথেনিং ভেটেৰনাৰী ৰিজাইলিয়েঞ্চ’ সন্দৰ্ভত তথ্য সহকাৰে ব্যাখ্যা কৰে  জ্যেষ্ঠ পশু চিকিৎসক তৃষ্ণা ভাণ্ডাৰ কাশ্যপে।তেওঁ বিশ্ব পশুপালন দিৱসৰ তাৎপৰ্য আৰু পশুপালন বিভাগৰ সেৱাৰ স’তে জড়িত সকল কেনে প্ৰত্যাহ্বানৰ সন্মূখীন হ’বলাগে সেই বিষয়ে ব্যাখ্যা কৰাৰ লগতে সুস্বাস্থ্য,খাদ্য সুৰক্ষা তথা অৰ্থনৈতিক দিশত পশুপালনৰ ভূমিকাৰ বিষয়ে প্ৰকাশ কৰে। চিকিৎসক কাশ্যপে  কয় যে ১৮৬৩ ত প্ৰথমবাৰলৈ বিশ্বৰ পশুচিকিৎসক তথা গৱেষক সকল একত্ৰিত হৈ এক সভা আয়োজন কৰিছিল আৰু ১৯৫৯ প্ৰথম বাৰৰ বাবে মাদ্ৰিদত বিশ্ব পশু চিকিৎসা সেৱা সন্থা গঠন  হোৱাৰ লগতে মানুহ আৰু পশু সকলোৰে ক্ষেত্ৰত সমভাৱাপন্ন ভাবে  এক স্বাস্থ্য এক পৃথিৱী আদৰ্শৰে  এই সন্থাই কাম কৰি আহিছে।তেওঁ লগতে কয় যে বৰ্তমান ৰাজ্যৰ বিভাগটোত পশু চিকিৎসকৰ সংখ্যা যথেষ্ট কম আৰু তেওঁলোকে অতিৰিক্ত ভাবে বহু কাম কৰিবলগীয়া হোৱাত তথা বিভিন্ন প্ৰত্যাহ্বানৰ পৰিপ্ৰেক্ষিতত প্ৰতি ২০জনৰ ভিতৰত দুজনে উদ্বিগ্নতাত ভোগাৰ বিপৰীতে এজন ইয়াৰ পৰা মুক্ত হ’ব পাৰে। শোণিতপুৰ জিলাৰ পশু চিকিৎসক সেৱা সন্থাৰ সভাপতি তথা জিলা প্ৰকল্প বিষয়া পশুচিকিৎসক তীৰথ  সিঙে আঁত ধৰা আৰু সম্পাদক ডাঃ সুৰুজ হাজৰিকাই উদ্দেশ্য ব্যাখ্যা কৰা সভাৰ আৰম্ভণিতে জিলা খনৰ পুৰুষ আৰু মহিলা পশু চিকিৎসক সকলে সুধাকণ্ঠৰ এটা গীত সমবেতভাবে পৰিবেশন কৰে। আনহাতে সভাত পশু চিকিৎসক ডাঃ মনিকা বৰদলৈ ,ডাঃ গিৰীশ কলিতা , ডাঃ এল কে বৰ্মনে  গীত আৰু ডাঃ দিপক শৰ্মাই কবিতা আবৃত্তি কৰে।শলাগৰ শৰাই আগবঢ়াই মহকুমা পশু চিকিৎসা বিষয়া ডা°ভূপেন চহৰীয়াই। শোণিতপুৰৰ বিভিন্নপ্ৰান্তৰৰ ১৭ খন ৰাজ্যিক পশু চিকিৎসালয়ৰ ভিতৰত পাঁচ খনত বহু বছৰ ধৰি চিকিৎসক নাই আৰু  বহু বছৰ কাল ৰাজ্যত পশু চিকিৎসকৰ ১৬৪ টা পদ ৰিক্ত হৈ আছে । এনে বহু সমস্যাৰ মাজতো একোজন পশু চিকিৎসকে কমেও অৰ্দ্ধশতাধিক গাঁও অঞ্চলত চিকিৎসা সেৱা আগবঢ়াই আহিছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More