তেজপুৰত বিশ্ব ভাতৃত্ব দিৱস উপলক্ষে মনোজ্ঞ অনুষ্ঠান

পুনৰ উদ্ভাসিত হ'ল স্বামী বিবেকানন্দৰ বিশ্ব বন্দিত চিকাগোঃ

0 42

শতাব্দ প্ৰতিনিধি তেজপুৰ, ১১ ছেপ্টেম্বৰঃ এখন সুস্থ সমাজ, একোগৰাকী সুস্থ মনৰ অধিকাৰী ব্যক্তিত্বৰ সন্ধান, নিজস্ব দৰ্শন আৰু পৰম আধ্যাত্মিক চিন্তা- চেতনাৰে ওৰেটো জীৱন নিজকে উৎসৰ্গিত কৰি বিশ্ব মানৱতাবাদী গুৰুলৈ পৰ্যৱসিত হোৱা স্বামী বিবেকানন্দৰ সেই বিশ্ব বন্দিত চিকাগো ভাষণৰ মৰ্মাৰ্থ উপভোগ কৰিলে একাংশ তেজপুৰীয়া ৰাইজে। ১৮৯৩ চনৰ ১১ ছেপ্তেম্বৰ অৰ্থাৎ আজিৰ দিনটোতে চিকাগোত স্বামী বিবেকানন্দৰ সেই মননশীল ভাষণৰ পিছত বহু সময় ধৰি হাজাৰ হাজাৰ ৰাইজে হাত চাপৰিৰে সেই ভাষণৰ মহত্বক চিৰকালৰ বাবে প্ৰাসঙ্গিক কৰি তোলাই নহয়, সেই দিনটোক স্বৰ্ণময় দিন হিচাপে প্ৰতিষ্ঠা কৰি তাৰ পৰৱৰ্তী বৰ্ষৰ পৰাই ১১ ছেপ্তেম্বৰক “বিশ্ব ভাতৃত্ব দিৱস” হিচাপে পালন কৰি আহিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগোৰ পৰা প্ৰতিধ্বনিত হোৱা সেই বিখ্যাত ভাষণৰ কিয়দাংশৰ মহত্বৰে আজি বিয়লি উদ্ভাসিত হৈ পৰিল তেজপুৰ মুঢ়াতেতেলীৰ “স্বামী বিবেকানন্দ অধ্যয়ন” কেন্দ্ৰৰ সভাগৃহ। উল্লেখ্য যে, স্বামী বিবেকানন্দৰ ডেৰশ বছৰীয়া জয়ন্তীৰ ১৯ ১৩ – ১৪ বৰ্ষৰ আয়োজনৰ সময়ছোৱাতে তেজপুৰৰ বিশিষ্ট অধিবক্তা তথা সমাজকৰ্মী অনন্ত গোস্বামীৰ বিশেষ তৎপৰতাত নিজৰ বাসগৃহৰ চৌহদতে ১৯১৩ চনত এক মহৎ উদ্দেশ্যৰে গঢ়ি উঠা” স্বামী বিবেকানন্দ অধ্যয়ন কেন্দ্ৰ” ৰ উদ্যোগত আৰু তেজপুৰৰ “ৰামকৃষ্ণ সেৱাশ্ৰম” ৰ সহযোগত আজি বিয়লি অনুষ্ঠিত হয় এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান।বিবেকানন্দ কেন্দ্ৰৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া তথা আজিৰ অনুষ্ঠানটিত সভাপতিৰ আসন অলংকৃত কৰা ড০ ৰথীন্দ্ৰনাথ নাথ পালে স্বামী বিবেকানন্দৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰা আৰু বিবেকানন্দ অধ্যয়ন কেন্দ্ৰৰ যুটীয়া আহ্বায়িকা ৰঞ্জুলা গোস্বামীয়ে শান্তি মন্ত্ৰ পৰিৱেশন কৰা আৰু যুটীয়া আহ্বায়ক, বিশিষ্ট অধিবক্তা অনন্ত গোস্বামীয়ে “বিবেকানন্দ অধ্যয়ন কেন্দ্ৰ” ৰ উদ্দেশ্য আৰু কামকাজ সবিশেষ দাঙি ধৰা আজিৰ এই অনুষ্ঠানৰ আৰম্ভণিতে পুৱাৰ ভাগত মহাবিদ্যালয় শিক্ষাৰ্থীৰ মাজত স্বামী বিবেকানন্দৰ বিশেষ চিন্তা আৰু দৰ্শনক মূল বিষয় হিচাপে লৈ আয়োজন কৰা ভাষণ প্ৰতিযোগিতাৰ ছয় গৰাকী বিজয়ী প্ৰতিযোগীক পুৰস্কাৰ প্ৰদান কৰা হয়। ইয়াৰ পিছতেই স্বামী বিবেকানন্দ অধ্যয়ন কেন্দ্ৰই ৰাজ্যখনৰ বিশিষ্ট অনাতাঁৰ শিল্পী দুৰ্গাময়ী বৰা আৰু উদ্যোগী যুৱক তথা অসম চৰকাৰৰ “অসম গৌৰৱ বঁটা” ৰে বিভূষিত মনোজ কুমাৰ বসুমতাৰীক বিশেষ ভাবে সম্বৰ্ধনা জ্ঞাপন কৰে ।অধ্যয়ন কেন্দ্ৰৰ হৈ বিশিষ্ট কন্ঠশিল্পী দুৰ্গাময়ী বৰাক প্ৰবীণ লেখিকা তথা সমাৰোহৰ সভানেত্ৰী মায়া শৰ্মা আৰু বিশিষ্ট শিক্ষাবিদ শৈলজা কুমাৰ পদ্মপতিয়ে গ্ৰন্থৰ টোপোলা, অংগ বস্ত্ৰ আৰু প্ৰশস্তি লেখাৰে বিশেষ ভাবে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে নিজৰ বিশেষ ব্যৱসায়েৰে অসমৰ হাজাৰ হাজাৰ নিবনুৱাৰ সন্মুখত আৰ্থিক স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰি অসম চৰকাৰৰ “অসম গৌৰৱ” উপাধিৰে বিভূষিত হোৱা মনোজ কুমাৰ বসুমতাৰীক তেজপুৰ সাহিত্য সভাৰ সভাপতি বিশিষ্ট ঔপন্যাসিক ড০ ভূপেন শইকীয়া আৰু বিশিষ্ট নাট্যকাৰ – পৰিচালক তথা প্ৰাবন্ধিক, ঔপন্যাসিক ঐশ্বৰ্য্য কাকতিয়ে গ্ৰন্থৰ টোপোলা, অংগ বস্ত্ৰ আৰু প্ৰশস্তি লেখাৰে বিশেষ ভাবে সম্বৰ্ধনা জ্ঞাপন কৰে ।আনহাতে অসম সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক পংকজ বৰুৱাই আঁত ধৰা আৰু তেজপুৰৰ বিদ্বৎ সমাজৰ গৰিষ্ঠসংখ্যক ব্যক্তি উপস্থিত থকা মনোজ্ঞ অনুষ্ঠানটিত “স্বামী বিবেকানন্দৰ চিকাগো ভাষণ আৰু আজিৰ সময়ত ইয়াৰ প্ৰাসংগিকতা” শীৰ্ষক গুৰুত্বপূৰ্ণ বিষয়ত সাৰগৰ্ভ ভাষণ প্ৰদান কৰে তেজপুৰৰ বিশিষ্ট শিক্ষাবিদ, দৰংমহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক পূৰ্ণেশ্বৰ নাথে। ভাষণ প্ৰসংগত তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পূৰ্ণেশ্বৰ নাথে স্বামী বিবেকানন্দৰ সেই বিখ্যাত চিকাগো ভাষণৰ কেতবোৰ গুৰুত্বপূৰ্ণ উৰ্দ্ধৃতিৰে তাৰ মহত্ব অতি প্ৰাঞ্জল ভাষত ব্যখ্যা কৰি আজিৰ সমাজ ব্যৱস্থাত ই কিয় অতি প্ৰাসংগিক তাৰ সবিশেষ ব্যখ্যা দাঙি ধৰে।শিক্ষাবিদ নাথে বিষয়টো অধিক জটিল বিষয় বুলি মন্তব্য কৰি ৰামকৃষ্ণ পৰমহংস আৰু স্বামী বিবেকানন্দৰ চিন্তা আৰু দৰ্শনেৰে ঊনবিংশ শতিকাৰ পৰা ভাৰতীয় চিন্তা – চেতনাৰ পুণৰ অভূদ্যয় ঘটিছে বুলি মন্তব্য কৰে। আনহাতে স্বামী বিবেকানন্দক ভাৰতীয় নৱপ্ৰভাতৰ অগ্ৰদূত বুলি মন্তব্য কৰি স্বামী বিবেকানন্দই ভাৰতীয় বেদ আৰু বেদান্ত দৰ্শনৰ বিশ্ব ভাতৃত্বৰ বাণীৰে সমগ্ৰ পাশ্চাত্যক চমক খুৱাইছিল বুলি কয়। চিকাগোৰ ছয়টা সত্ৰৰ ছয়টাকৈ ভাষণ অতি সাৰগৰ্ভ আছিল বুলি কৈ পাশ্চাত্যৰ বহুকেইগৰাকী মানৱতাবাদী দৰ্শনৰ ব্যক্তিৰ দৰ্শনেৰে অনুপ্ৰাণিত হৈছিল বিবেকানন্দ। ভাৰতীয় দৰ্শন মানেই বিবেকানন্দৰ দৰ্শন, সেয়েহে ভাৰতবৰ্ষক জানিবলৈ বিবেকানন্দক জানিব লাগিব বুলি মন্তব্য কৰে নাথে। উল্লেখ্য যে, আজিৰ এই অনুষ্ঠানতে সম্বৰ্ধিত হোৱা “অসম গৌৰৱ বঁটা” ৰে বিভূষিত মনোজ কুমাৰ বসুমতাৰী আৰু বিশিষ্ট কন্ঠশিল্পী দুৰ্গাময়ী বৰাইও নিজৰ অনুভৱ সদৰী কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More