তেজপুৰত  বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰাপক ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শাস্ত্ৰীয় নৃত্য শিল্পী বিপুল দাস

"সপ্তাশ্ব" ৰ সাদিনীয়া "সত্ৰীয়া নৃত্য আৰু খোলবাদন কৰ্মশালাৰ শুভাৰম্ভণি

0 16
শতাব্দ প্ৰতিনিধি তেজপুৰ, ১ জুলাইঃ তেজপুৰৰ অন্যতম নৃত্যানুষ্ঠান “সপ্তাশ্ব” ৰ উদ্যোগত আৰু সংগীত নাটক একাদেমীৰ অৰ্থ সাহায্যত আজিৰে পৰা সাতদিনীয়াকৈ অনুষ্ঠিত হোৱা সত্ৰীয়া নৃত্য আৰু খোলবাদনৰ এক কৰ্মশালাৰ শুভাৰম্ভণি অনুষ্ঠানত ৰুদ্ৰ বৰুৱা সংগীত মহাবিদ্যালয়ৰ অধ্যাপক তথা শাস্ত্ৰীয় নৃত্যৰ ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী, বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰাপক বিপুল দাসে তেজপুৰৰ চানমাৰীৰ দুৰ্গা পূজা মণ্ডপত এদল কণ কণ শিক্ষাৰ্থীক  প্ৰদান কৰে সত্ৰীয়া নৃত্যৰ পাঠ। দাসে আৰম্ভণিতেই কণ কণ শিক্ষাৰ্থীসকলক উচ্চাৰণ আৰু সত্ৰীয়া নৃত্যৰ ব্যাকৰণৰ আভাস দিয়ে। উল্লেখ্য যে,বিশিষ্ট নৃত্য গুৰু দাসৰ লগতে তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই জিলা সাংস্কৃতিক উন্নয়ন বিষয়া তথা জ্যোতি ভাৰতীৰ ভাৰপ্ৰাপ্ত বিষয়া জিতেন কুমাৰ দাস, জ্যোতি কলাকন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ লিখন শৰ্মা, বিশিষ্ট শিক্ষাবিদ ৰমেশ চন্দ্ৰ কলিতা, তেজপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ কমল চন্দ্ৰ উপাধ্যায়ে বন্তি প্ৰজ্বলনেৰে এই সাদিনীয়া গুৰুত্বপূৰ্ণ কৰ্মশালা শুভাৰম্ভ কৰাৰ পিছত উদ্বোধনী ভাষণত বিধায়ক পৃথ্বিৰাজ ৰাভাই পূৰ্বে এনেদৰে কৰ্মশালাৰ জৰিয়তে যিকোনো শিল্প আয়ত্ব কৰাৰ ব্যৱস্থা নাছিল যদিও সম্প্ৰতি বিভিন্ন অনুষ্ঠানৰ প্ৰশিক্ষণ কৰ্মশালাৰ জৰিয়তে কণ কণ শিক্ষাৰ্থীসকলে যিকোনো শিল্প শুদ্ধ শৈলীৰে শিকিব পৰাৰ এনে ব্যৱস্থাৰ দ্বাৰা শিক্ষাৰ্থী সকল অধিক উপকৃত হৈছে বুলি মন্তব্য কৰে। সপ্তাশ্বৰ সম্পাদিকা, নৃত্য পটীয়সী ড০ প্ৰতিভা শৰ্মাই আঁত ধৰা এই শুভাৰম্ভণি অনুষ্ঠানত জ্যোতি ভাৰতীৰ ভাৰপ্ৰাপ্ত বিষয়া তথা জিলা সাংস্কৃতিক উন্নয়ন বিষয়া জিতেন কুমাৰ দাসে বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰি আমাৰ চৌপাশৰ পৰিবেশ কিম্বা পাৰিপাৰ্শ্বিকতাৰ সন্তুলন বজাই ৰাখিবলৈ যেনেদৰে গছপুলি ৰোপণকে ধৰি প্ৰকৃতি সুৰক্ষাৰ বাবে যিকোনো কাৰ্যসূচী গ্ৰহণ কৰা হয় একেদৰে আমাৰ সংস্কৃতি সুৰক্ষিত কৰি ৰাখিবলৈও অনুষ্ঠান সমূহৰ দ্বাৰা এনে পদক্ষেপ গ্ৰহণ কৰা হয় বুলি  মন্তব্য কৰে। প্ৰশিক্ষাৰ্থীসকলৰ লগতে একাংশ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত আজিৰ এই সত্ৰীয়া নৃত্য আৰু খোলবাদন কৰ্মশালাৰ শুভাৰম্ভণি অনুষ্ঠানটিত উপস্থিত থকা বিশিষ্ট সংগীতশিল্পী তথা জ্যোতি কলাকন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ লিখন শৰ্মাই ভাষণ প্ৰসংগত “সপ্তাশ্ব” ৰ জড়িয়তে নৃত্যশিল্পী ড০ শৰ্মাই তেজপুৰৰ পৰা সত্ৰীয়া নৃত্যৰ এক ৰেনেচা আনিবলৈ সক্ষম হৈছে বুলি প্ৰশংসা কৰি সপ্তাশ্বৰ পদক্ষেপক প্ৰশংসা কৰে। আনহাতে আজিৰ এই অনুষ্ঠানতে “সপ্তাশ্ব” ৰ জড়িয়তে নৃত্যশিল্পত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত কৃতীত্ত্বৰ পৰিচয় দিবলৈ সক্ষম হোৱা প্ৰেৰণা বৈশ্য, স্বাতী বায়ন, মৃগাক্ষী বৰুৱা, কৃষ্টিনা পূজাৰী, সম্প্ৰীতি বৰা, বিদিশা সাহা, গায়ত্ৰী বিশ্বকৰ্মা, সুৰুষ্টানী দাস আৰু নম্ৰতা গগৈক সাংস্কৃতিক উন্নয়ন বিষয়া জিতেন কুমাৰ দাস, সংগীত শিল্পী লিখন শৰ্মা, শিক্ষাবিদ কমল চন্দ্ৰ উপাধ্যায় আৰু অসম সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক পংকজ বৰুৱাই “সপ্তাশ্ব” ৰ হৈ প্ৰশংসা পত্ৰ আৰু স্মাৰকেৰে  অভিনন্দন জ্ঞাপন কৰে। চানমাৰী দুৰ্গা পূজা সমিতিৰ সদস্য, অৱসৰপ্ৰাপ্ত শিক্ষক গণেশ পৌড়েল, বিশিষ্ট সত্ৰীয়া শিল্পী দুলাল দত্তৰ উপৰি বিশিষ্ট ব্যক্তিৰ উপস্থিতিত শুভাৰম্ভণি অনুষ্ঠানটিত বিশিষ্ট নৃত্যশিল্পী বিপুল দাসৰ লগতে পংকজ বৰুৱা আৰু শিক্ষাবিদ কমল চন্দ্ৰ উপাধ্যায়েও  ভাষণ প্ৰদান কৰে। উল্লেখ্য যে, এই সাদিনীয়া কৰ্মশালাত মূল প্ৰশিক্ষক হিচাবে উপস্থিত থাকিব বিশিষ্ট সত্ৰীয়া শিল্পী, সংগীত নাটক অকাদেমী বঁটা প্ৰাপক হৰিচৰণ ভূঞা বৰবায়ন।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More