তেজপুৰত বেংক লুটৰ ঘটনা:গ্ৰেপ্তাৰ অভিযুক্তক

0 64

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৫ফেব্ৰুৱাৰীঃ তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী তথা শালনিবাৰী আৰক্ষীৰ চকীৰ অধীনৰ এলেকাত যোৱা নিশা সংঘটিত হোৱা এক বেংক লুটৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে।ঘটনাৰ সন্দৰ্ভত জানিব পৰামতে তেজপুৰ তেজপুৰ সদৰ থানাৰ অন্তগত তথা শালনিবাৰী আৰক্ষীৰ চকীৰ অধীনৰ তেজপুৰৰ বায়ুসেনা শিৱিৰ চৌহদত থকা ষ্টেটবেংকৰ শালনিবাৰী শাখাৰ লকাৰখুলি চোৰে লুটি নিয়ে প্ৰায় ২৩লাখ ৫২হেজাৰ নশ টকা৷IMG 20230205 WA0040 উল্লেখযোগ্য যে,নিশা প্ৰায় ১২-৩০বজাত এই বিষয়ে আৰক্ষীয়ে লাভ কৰা খবৰৰ ভিত্তিত নিশাই আৰক্ষীয়ে অভিযান চলাই বিশ্বনাথ জিলাৰ অন্তৰ্গত জিনজিয়াৰ পৰা লক্ষেশ্বৰ বৰা নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে৷ উল্লেখযোগ্য যে, লুটহোৱা বেংকটোৰ কেন্টিনত যোৱা ৩০বছৰে কৰ্মচাৰী হিচাপে আছিল বৰা৷ তেওঁৰ পৰা লুট হোৱা সকলো ধনো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী৷ ইপিনে, অভিযুক্ত বৰাই কয় যে তেওঁৰ হাততে বেংকৰ চাবি আছিল আৰু সেয়ে ইয়াৰ সুযোগ গ্ৰহণ কৰি নিশা বেংকৰ ধন লুট কৰিছিল৷ উল্লেখযোগ্য যে,কালি সন্ধিয়া প্ৰায় ৬-৩০বজাত বৰাই এই ধন লুট কৰাৰ পাছত এখন চাৰিচকীয়া বাহন ভাড়াত লৈ জিনজিয়াৰ নিজা গৃহলৈ যাত্ৰা কৰে৷ পাছত আৰক্ষীয়ে এই তথ্য লাভ কৰাৰ পাছতে নিশাই অভিযান চলাই বিশ্বনাথৰ জিনজিয়াৰ পৰাই বৰাক কৰায়ত্ব কৰিবলৈ সক্ষম হয়৷ বৰ্তমানেও শালনিবাৰী আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ধনলুটৰ গোচৰত অভিযুক্তজনক৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More