তেজপুৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে “৩০ সংখ্যক ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ” আৰু “ৰাজ্যিক বিজ্ঞান মেলা”

0 15

শতাব্দ ষ্টাফৰিপৰ্টাৰ তেজপুৰ, ১৫ ডিচেম্বৰঃ ৰাজ্যখনৰ তিনি শতাধিক শিশু বিজ্ঞানী আৰু শতাধিক বিজ্ঞানী আৰু বিজ্ঞান শিক্ষকৰ উপস্থিতিৰে কাইলৈৰ পৰা ১৯ ডিচেম্বৰলৈকে চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তেজপুৰৰ নেহৰু ময়দান আৰু তেজপুৰৰ ঐতিহ্যমণ্ডিত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হ’ব ৩০ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ অসম ৰাজ্যিক সমাৰোহৰ লগতে অসম চৰকাৰৰ ৰাজ্যিক বিজ্ঞান মেলা। শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত শিশু বিজ্ঞান সমাৰোহৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ সমাৰোহ আৰু বিজ্ঞান মেলা সফল কৰি তুলিবলৈ শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ সভাপতিত্বত আয়োজক সমিতিয়ে ব্যপক তৎপৰতা গঢ়ি তুলিছে। উল্লেখ্য যে, শিশুসকলক বিজ্ঞান মনস্ক অথবা বৈজ্ঞানিক দৃষ্টিভংগী সম্পন্ন কৰি গঢ়ি তোলাৰ লক্ষ্যৰে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা মন্ত্ৰালয়ে ১০ ৰ পৰা ১৭ বছৰ বয়সৰ শিশু সকলক সামৰি ১৯৯৩ চনৰ পৰা প্ৰতিবছৰে আয়োজন কৰি আহিছে ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ।এইবাৰ ৩০ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ উপলক্ষে ইতিমধ্যে দেশজুৰি শিক্ষাৰ্থী সকলৰ মাজত জিলা পৰ্য্যায়ত এই সমাৰোহ সম্পন্ন হোৱাৰ পিছত অসম ৰাজ্যিক সমাৰোহখনিৰ লগতে অসম চৰকাৰৰ বিজ্ঞান মেলাখনো সাফল্যমণ্ডিত কৰি তুলিবলৈ আয়োজক সমিতিয়ে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। এই প্ৰস্তুতিৰ মাজতেই আজি এক সংবাদমেল সম্বোধন কৰে অসম বিজ্ঞান সমিতিৰ তেজপুৰ শাখাৰ সভাপতি তথা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ শোণিতপুৰ জিলা সমিতিৰ প্ৰাক্তন সমন্বয়ক, বৰ্তমানৰ উপদেষ্টা দৰংমহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ পলাশ মণি শইকীয়াই। শোণিতপুৰ জিলাৰ সমন্বয়ক নিপজ্যোতি শইকীয়াৰ লগতে একাংশ বিষয়ববীয়াৰ উপস্থিতিত অনুষ্ঠিত সংবাদ মেলত চাৰিদিনীয়া কাৰ্যসূচী ঘোষণা কৰে। উল্লেখ্য যে, কাইলৈ ৰাজ্যখনৰ ৩১ খনকৈ জিলাৰ পৰা আহিব লগা শিশু বিজ্ঞানী সকলৰ পঞ্জীয়নৰ পিছত ১৭ ডিচেম্বৰৰ পুৱাৰ ভাগত এই সমাৰোহ আৰু ৰাজ্যিক বিজ্ঞান মেলা আনুষ্ঠানিক ভাৱে উদ্বোধন কৰিব যোৰহাটৰ নিষ্টৰ সঞ্চালক, বিশিষ্ট বিজ্ঞানী ডঃ জি নৰহৰি শাস্ত্ৰীয়ে। উল্লেখ্য যে, এই সমাৰোহ আৰু বিজ্ঞান মেলাত ডেৰাডুনৰ মহাকাশ গৱেষণা সংস্থা অৰ্থাৎ ইছৰোৰ বিজ্ঞানী অধ্যাপক কুনাল কুমাৰ দাস, যোৰহাট নিষ্টৰ ড০ মন্টু ভূঞা, তেজপুৰ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য, বিশিষ্ট বিজ্ঞানী ডঃ ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্য্য, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা বিশিষ্ট বিজ্ঞানী অধ্যাপক মোহন চন্দ্ৰ কলিতা, আই আই টি গুৱাহাটীৰ অধ্যাপক ডঃ দেৱাশীষ বৰাকে ধৰি দেশৰ ১০ গৰাকীকৈ বিশিষ্ট বিজ্ঞানীয়েও অংশ গ্ৰহণ কৰিব।আনহাতে এই ৩০ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ ৰাজ্যিক সমাৰোহৰ কাৰ্যসূচীৰ সৈতে একেলগে তেজপুৰৰ নেহৰু ময়দানত অনুষ্ঠিত হ’ব লগা ৰাজ্যিক বিজ্ঞান মেলাত ৰাজ্যখনৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ সৈতে জড়িত বিভিন্ন প্ৰতিষ্ঠানৰ মাজৰ পৰা ৩০ টাকৈ বিপনিত বিজ্ঞানৰ বিভিন্ন দিশৰ ওপৰত প্ৰদৰ্শনীৰ সমান্তৰাল ভাৱে বিজ্ঞান বিষয়ক বিভিন্ন গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হ’ব। বিজ্ঞান মেলাৰ প্ৰদৰ্শনীত গুৱাহাটী খানাপাৰাৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, গুৱাহাটীৰ বায়টেক পাৰ্ক, এন ই এছ এ চি, ভাৰত জন বিজ্ঞান যাথা, টোকলাই চাহ গৱেষণা সংস্থা, চেন্টাৰ অব প্লাজমা ফিজিক্স – ইনষ্টিটিউট অৱ প্লাজমা ৰিছাৰ্ছ, আই এ এছ এছ টি, তেজপুৰ বিশ্ববিদ্যালয়, কেন এণ্ড বেম্ব টেকনলজি চেন্টাৰ, এ ই ডি এ, এ এচ এচ এ চি, অসম বিজ্ঞান সমিতি, আৰণ্যক, এমট্ৰণ, স্পাৰ্ক বী, আদি অনুষ্ঠান আৰু প্ৰতিষ্ঠানে অংশ গ্ৰহণ কৰিব বুলি সংবাদ মেলত সদৰী কৰে। কাৰ্যসূচী অনুসৰি ১৭ ডিচেম্বৰৰ পুৱা ৮ ৩০ বজাত পতাকা উত্তোলন আৰু শপত গ্ৰহণৰ পিছত ৯ বজাৰ পৰা শিশু বিজ্ঞানী সকলক লৈ তেজপুৰ চহৰত শোভাযাত্ৰাৰ পিছত ৯- ৪৫ বজাত উদ্বোধনী অনুষ্ঠান। ইয়াৰ পিছতেই তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত ১১ – ৩০ বজাৰ পৰা কাৰিকৰী সত্ৰ আৰম্ভ হ’ব য’ত ৰাজ্যখনৰ বিভিন্ন জিলাৰ শিশু বিজ্ঞানী সকলে নিজৰ নিজৰ বিজ্ঞানৰ আৰ্হি প্ৰকল্প প্ৰদৰ্শন কৰিব। বিয়লি ২ বজাৰ পৰা পুণৰ কাৰিকৰী সত্ৰ আৰম্ভ হোৱাৰ লগতে ৪ বজালৈকে বিজ্ঞান আৰু গণিত শিক্ষকৰ প্ৰশিক্ষণৰ পিছত ৪ – ৩০ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ বিজ্ঞানী সকলৰ সৈতে মত বিনিময় অনুষ্ঠানৰ লগতে ৭ – ৩০ বজালৈ জিলা সমন্বয়কৰ বৈঠক আৰু সন্ধিয়া ৬ বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব। একেদৰে ১৮ ডিচেম্বৰৰ পুৱা ৯ – ১৫ বজাৰ পৰা কাৰিকৰী সত্ৰৰ লগতে প্ৰথমদিনাৰ সৈতে একেই কাৰ্যসূচীৰ লগতে ১৯ ডিচেম্বৰত পুৱা ৯ বজাত শিশু বিজ্ঞানী সকলক লৈ স্হানীয় ভাৱে শিক্ষামূলক পৰিদৰ্শন আৰু ১১ বজাত অনুষ্ঠিত হব লগা সামৰণি অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰিব কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড০ ৰমেশ চন্দ্ৰ ডেকাই। এই সমূহ কাৰ্যসূচীত ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে আয়োজক সমিতিয়ে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More