তেজপুৰত মঞ্চ ৰত্ন ৰতন লহকৰক গীতে মাতে স্মৰণ

জোনতৰা কলাকেন্দ্ৰৰ বিশেষ উদ্যোগক বিধায়ক পৃথ্বিৰাজ ৰাভাৰ শলাগ

0 21

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ৩০ জানুৱাৰী : মঞ্চৰত্ন ৰতন লহকৰৰ যষ্ঠ প্ৰয়াণ দিৱসৰ লগত সংগতি ৰাখি কালি তেজপুৰৰ ভূপেন হাজৰিকা কলাভূমিত এক বিশেষ কাৰ্যসূচী সম্পন্ন হয়। কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ নিকটৱৰ্তী মাৰিবাৰীৰ “এক ন-সৃষ্টিৰ পাতনি,,,, জোনতৰা কলাকন্দ্ৰ” ই ৰাজ তিলক থিয়েটাৰৰ সহযোগত আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তেজপুৰ সমষ্টিৰ বিধায়ক তথা অভিনেতা পৃথিৰাজ ৰাভা মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰি পুৰোধা নাট্যশিল্পী ৰতন লহকৰ জীৱনাদৰ্শ স্মৰণ কৰি অসমীয়া নাটশিল্প তথা ভ্ৰাম্যমাণ থিয়েটাৰলৈ শিল্পী গৰাকীৰ অনবদ্য অৱদান স্মৰণ কৰে। দৰঙৰ জীয়ৰী, নলবাৰীৰ বোৱাৰী ডলী ভৰদ্বাজে আঁত ধৰা অনুষ্ঠানত জোনতৰা কলাকেন্দ্ৰৰ ছাত্ৰী ক্ৰমে নিকিতা ডেকা, বৰষা নাথ, মনিষা চুলতানা, পাৰবিন চুলতানা,জুবিলী ঠাকুৰীয়া, কৃষ্টিনা তালুকদাৰ আৰু গৰিমা ডেকাই নৃত্য পৰিবেশন কৰে। লগতে দুটি গীত পৰিবেশন কৰে শিশুশিল্পী প্ৰঞ্জাৰাণী ৰাজবংশীয়ে। অনুষ্ঠানত উপস্থিত থাকি অভিনেত্ৰী চিমি গোস্বামী আৰু অভিনেতা ধৰ্মেন্দ্ৰ নাথে ৰতন লহকৰৰ লগত অভিনয় কৰাৰ বিভিন্ন অভিজ্ঞতা স্মৰণ কৰে । জোনতৰা কলাকেন্দ্ৰৰ মুখ্য সম্পাদক তথা চিত্ৰ সাংবাদিক কুতুবুদ্দিন আলীয়ে অহাবাৰ ৰতন লহকৰৰ মৃত্যু দিনত এখন নাটক কৰাৰ কথা উল্লেখ কৰে লগতে তেজপুৰবাসী ৰাইজৰ সহায় সহযোগ আন্তৰিকতাৰে কামনা কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More