তেজপুৰত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে অত্যাধুনিক কনভেনচন চেন্টাৰৰ

0 8

শতাব্দ প্ৰতিনিধি, তেজপুৰ ১১জুনঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ সম্প্ৰসাৰিত মন্ত্ৰী সভাৰ প্ৰথম খন ৰাজ্যিক কেবিনেট বৈঠক আজি অনুষ্ঠিত হৈছে তেজপুৰত। মুঠ ১৬জন মন্ত্ৰীৰ অংশ গ্ৰহনৰে আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এই কেবিনেট বৈঠকৰ পূৰ্বে মুখ্যমন্ত্ৰীজনে তেজপুৰৰ বাটমাৰিত নৱনিৰ্মিত কনভেনচন ভৱনটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কনভেনচন ভৱনৰ উদ্বোধন কৰি সংবাদ মাধ্যমৰ আগত কয় যে  অসম আৰু সমগ্ৰ ভাৰত বৰ্ষৰে সভ্যতা সংস্কৃতিৰ পীঠস্থান তথা আমাৰ সাংস্কৃতিক জীৱনৰ প্ৰানকেন্দ্ৰ তেজপুৰ। তেওঁ এই ঐতিহ্যমণ্ডিত তেজপুৰৰ এই স্থানতে ৰাজ্য চৰকাৰৰ  কেবিনেট বৈঠক অনুষ্ঠিত হ‍োৱা আৰু জিলা উপায়ুক্তসকলৰ দ্বিতীয়খন সন্মিলন দুদিনীয়া কার্যসূচীৰে‍ অনুষ্ঠিত হোৱাকলৈ তেওঁ সন্তুষ্টি ব্যক্ত কৰে। তেওঁ কয় যে কেবিনেটৰ বৈঠকেই হওঁক বা উপায়ুক্তসকলৰ সন্মিলনেই হওঁক ৰাজ্য চৰকাৰে হাতত লোৱা বিভিন্ন কল্যাণকামী আঁচনিসমূহ কেনেদৰে ৰাইজৰ পদূলিলৈ লৈ যাব পাৰি সেই বিষয়ে কেবিনেটত গুৰুত্ব দিয়াৰ লগতে ৰাজ্যৰ  সামগ্ৰিক উন্নয়ন আৰু বিকাশৰ  বিষয় সমুহ উপায়ুক্ত সন্মিলনত মন্থন কৰা হ’ব। উপায়ুক্ত সন্মিলনৰ লক্ষ্য ৰাজ্য চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহ ৰূপায়ণৰ বিষয়ে প্ৰতিখন জিলাৰ উপায়ুক্তসকলে অগ্ৰগতিৰ খটিয়ান দাঙি ধৰিব আৰু ইয়াৰ বাবে একোজন উপায়ুক্তই ৪৫ মিনিটকৈ সময় লাভ কৰিব। মুখ্যমন্ত্ৰী শৰ্মাই সেয়ে এই উপায়ুক্ত সন্মিলন ঘোষণাৰ সন্মিলন নহয় এয়া পৰ্যালোচনাৰহে সন্মিলন বুলিও অভিহিত কৰে। তেওঁ কয় যে,চৰকাৰে যিবোৰ কাম হাতত লৈছে সেইবোৰ কিমানদুৰ আগবাঢ়িছে, কৰবাত কিবা সমস্যা আছে নেকি,কৰবাত কিবা জটিলতা আছে নেকি আৰু তেনেবোৰ অসুবিধা আঁতৰ কৰাৰ কাৰনেহে এই বৈঠক বোৰ অনুষ্ঠিত হ’ব বুলিও তেওঁ মন্তব্য কৰে। উল্লেখযোগ্য যে,ৰাজ্য চৰকাৰৰ নগৰ উন্নয়ন বিভাগৰ দ্বাৰা অনুমোদিত ১৭ কোটিৰ অধিক টকা ব্যয়ৰে আজি উদ্বোধন কৰা কনভেনচন ভৱনটোৰ নিৰ্মাণ কৰা হৈছে। কনভেনচন ভৱনত উপস্থিত হোৱা মুখ্যমন্ত্ৰী গৰাকীক জিলা প্ৰশাসনে গায়ণ-বায়নেৰে আদৰি আনে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More