তেজপুৰত শোকাবহ দুৰ্ঘটনাত নিহত শিশু ছাত্ৰ

0 21

শতাব্দ প্ৰতিনিধি, তেজপুৰ,৩নৱেম্বৰ: আজি দিনৰ প্ৰায় তিনিবজাত তেজপুৰৰ বিন্দুকুৰি সাপ্তাহিক বজাৰৰ সমীপতে সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত ৰাজেন ওৰাং নামৰ এটি সাত বছৰীয়া শিশু নিহত হয়৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি,মোৱামাৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ৰাজেনে বিদ্যালয়ৰ ছুটীৰ পাছত আছাৰৰ পেকেট এটা ক্ৰয় কৰিবলৈ অহাৰ সময়তে বিন্দুকুৰিৰ পৰা মোৱামাৰী অভিমুখে অহা এএছ ১২বিচি ৬৮৪২নম্বৰৰ পিক আপ ট্ৰাকখনে দোকানখনৰ সন্মুখতে শিশু ছাত্ৰজনক মহতিয়াই নিয়াৰ উপৰি বছিৰ উদ্দিনৰ দোকানখনো খুন্দিয়াই বিধ্বস্ত কৰে৷ মোৱামাৰীৰ প্ৰয়াত চমা ওৰাঙৰ পুত্ৰ ৰাজেনৰ দুৰ্ঘটনাস্হলীতে মৃত্যু ঘটে৷ আৰক্ষীয়ে ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰিছে

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More