তেজপুৰত ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ হৰ্ষজিতে গঢ়া বাগদেৱীৰ মৃন্ময় প্ৰতিমাৰে হ’ব নিজ বিদ্যালয়ত পূজা

0 13

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৫জানুৱাৰী: গণৰাজ্য দিৱসৰ দিনটোতে কাইলৈ অনুষ্ঠিত হ’বলগীয়া বাগদেৱী সৰস্বতী পূজাৰ মৃন্ময় প্ৰতিমাসমূহ তেজপুৰৰ বিভিন্ন শিক্ষানুষ্ঠানলৈ আজি নিয়া হৈছে৷ছাত্ৰছাত্ৰী,শিক্ষক শিক্ষয়িত্ৰী তথা অভিভাৱক সকলৰ উৎসাহৰ মাজতে তেজপুৰৰ এজন ষষ্ঠ শ্ৰেণীৰ ছাত্ৰই নিৰ্মাণ কৰা বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ প্ৰায় তিনিফুট উচ্চতাৰ মৃন্ময় প্ৰতিমা চৰ্চিত বিষয় হৈ পৰাৰ লগতে ছাত্ৰজনে অধ্যয়ন কৰা বিদ্যালয়ত এই প্ৰতিমাৰেই পূজা অনুষ্ঠিত হ’ব৷উল্লেখযোগ্য যে,শোণিতপুৰ শিশু বিকাশ বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ হৰ্ষজিত ভাৱালে নিজ হাতে গঢ়িছে বাগদেৱীৰ দুটি মৃন্ময় প্ৰতিমা৷তেজপুৰৰ ভৈৰৱ নগৰ তিলা নিবাসী চয়ন ভাৱাল আৰু জয়া ভাৱালৰ ১২বছৰীয়া পুত্ৰ হৰ্ষজিতে ইতিমধ্যেই মহিষাসুৰমৰ্দিনীৰ মৃন্ময় প্ৰতিমা নিজহাতে গঢ় দি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল৷ছাত্ৰজনৰ এনে প্ৰতিভাৰ বিষয়ে অৱগত হৈ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলে বিদ্যালয়ৰ পূজাৰ বাবে হৰ্ষজিতক বাগদেৱীৰ প্ৰতিমা নিৰ্মাণৰ পৰামৰ্শ আগবঢ়াই আৰু ছাত্ৰজনে ইয়াত সঁহাৰি জনাই যোৱা এমাহৰ পৰিশ্ৰমৰে বাগদেৱীৰ দুই প্ৰতিমা সাজি উলিয়াই৷ইয়াৰে ভিতৰত এক প্ৰতিমা নিজা ঘৰুৱা পূজাৰ বাবে ৰাখে হৰ্ষজিতে৷আনহাতে আজি দিনত খোল তাল বাদনৰে তেওঁৰ ঘৰৰ পৰা বিদ্যালয়লৈ আনজনা প্ৰতিমা নিয়া হয় আৰু এই সময়ত বিদ্যালয়ত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More