তেজপুৰত সংগীতৰ শিক্ষানুষ্ঠান “চিত্ৰলেখা সংগীত বিদ্যালয়” ৰ শুভাৰম্ভ

0 20

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৯ জানুৱাৰী : তেজপুৰৰ নিকটৱৰ্তী বালিপখুৰী তিনিআলি প্ৰাথমিক বিদ্যালয়ত আজি “চিত্ৰলেখা সংগীত বিদ্যালয়” নামকৰণেৰে এখনি সংগীত বিদ্যালয়ৰ শুভাৰম্ভ কৰা হয় । শিশু শিল্পী বিস্মিতা কাশ্যপে এটি বৰগীতেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটিৰ বন্তি প্ৰজ্বলন কৰে বালিপুখুৰী সত্ৰৰ সত্ৰাধিকাৰ ৰামেশ্বৰ মহন্তই । স্হানীয় সমাজকৰ্মী নিৰ্মল কলিতাৰ পৌৰোহিত্যত শিশু শিল্পী ডিম্পল দেৱীয়ে এটি গীত পৰিবেশন কৰা অনুষ্ঠানটিত প্ৰবীণ কন্ঠশিল্পী, “অমূল্য কাকতি বঁটা” প্ৰাপক সচ্চিদানন্দ বৰাই ভাষণ প্ৰদান কৰাৰ লগতে এটি জ্যোতি সংগীত পৰিবেশন কৰে । উপস্হিত সকলোৱে ধূপ প্ৰজ্বলন কৰাৰ উপৰিও নাৰিকল ভাঙে স্হানীয় শিল্পী চিত্তৰঞ্জন পটঙ্গীয়াই । আনহাতে গায়ক দেৱেশ্বৰ নাথে এটি সুন্দৰ ভাষণ প্ৰদান কৰা আৰু নাট্যশিল্পী মৃগেন চন্দ্ৰ বড়াই আঁত ধৰা সভাখনিত সভাৰ উদ্দেশ্য বাখ্যা কৰে বিদ্যালয় খনিৰ প্ৰশিক্ষিকা অনিমা বড়াই । স্হানীয় উদীয়মান শিল্পী তথা উত্তৰ – পশ্চিম তেজপুৰ শাখা সাহিত্য সভাৰ সম্পাদক প্ৰশান্ত কুমাৰ দাসেও ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত ৯১ বছৰীয়া সত্ৰাধিকাৰ গৰাকীয় এটি ভাষণ দিয়াৰ লগতে ভাওনাৰ গীত পৰিবেশন কৰি সকলোকে আপ্লুত কৰে । উল্লেখ্য যে, প্ৰতি শনিবাৰ আৰু দেওবাৰে বিদ্যালয়খনিত সংগীতৰ পাঠদান কৰা হ’ব বুলি প্ৰশিক্ষিকা গৰাকীয়ে প্ৰকাশ কৰে। তিনিআলি প্ৰাথমিক বিদ্যালয় কৰ্তৃপক্ষ আৰু উপস্হিত সুধীগণক শলাগ জ্ঞাপন কৰে মৃগেন চন্দ্ৰ বড়াই ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More