তেজপুৰত সৌন্দৰ্য প্ৰতিযোগিতা

তিনিকুৰি প্ৰতিযোগীৰ পৰম্পৰাগত সাজপাৰ পিন্ধি ৰেম্পত খোজ

0 155

শতাব্দ ষ্টাফ ৰিপটাৰ, তেজপুৰ, ২ ফেব্ৰুৱাৰী : ৰূপ-সৌন্দৰ্য্যৰ সমাহাৰ ঘটাই পৰম্পৰাগত সাজপাৰ পৰিহিত এজাক যুৱক-যুৱতীৰ লয়লাস খোজ । আধুনিক সৌন্দৰ্যৰ জগতত ফেৰ মাৰিব পৰাকৈ এচাম যুৱক-যুৱতীক সাজু কৰি তুলিছে ডায়না বিউটি এণ্ড মেকআপ একাডেমীৰ সঞ্চালিকা ঋতু শইকীয়াই।WhatsApp Image 2023 02 02 at 8.40.46 PM উল্লেখযোগ্য যে ডায়না উদ্যোগত দ্যা আলোহা ৰিজৰ্টৰ সহযোগত জোনাক পলৰ দ্বাৰা আয়োজন কৰা দ্যা পিকক ৰান ৱে শ্বত ৰাজ্যখনৰ প্ৰায় ৬০ গৰাকী মডেলে অংশগ্ৰহণ কৰে । ভাৰতীয় সংস্কৃতিৰ ভিন্ন পৰম্পৰাগত সাজ পোচাকক নতুন ৰূপত উপস্থাপনৰ মানসৰে আয়োজন কৰা এই প্ৰতিযোগিতাত পাঁচ গৰাকীকৈ ফেচন ডিজাইনাৰে অংশগ্ৰহণ কৰাৰ লগতে অভিনেতা বিবেক বৰা অভিনেত্ৰী সুনিতা কৌশিক কৰিশ্মা হাজৰিকা আৰু মৃদুল বৰা উপস্থিত থাকে । ভাস্কৰ শইকীয়া আৰু ডিপ্লো হাজৰিকাই বিচাৰকৰ আসন অলংকৃত কৰা অনুষ্ঠানত মৃদুল বৰা উপস্থিত থাকে। প্ৰতিযোগিতাত তবশ্যম খাতুন বন্দিতা কোঁৱৰ আৰু বুন বৰাই তেজপুৰৰ ডুগ ডুগি নামৰ প্ৰতিষ্ঠানে আগবঢ়োৱা কেঁচা সোণৰ গহনা লাভ কৰে। প্ৰতিযোগিতাত শ্ৰেষ্ঠ প্ৰতিযোগী হিচাপে নিৰ্বাচিত কৰা ১২ গৰাকী অংশগ্ৰহণকাৰী হল- বিভা বৈশ্য, সমীক্ষা নেওৱাৰ, খুচি শৰ্মা, বন্দিতা কোঁৱৰ, শিৱানি বৰা, জলি হাজৰিকা, চয়নিকা পাল, গীতাঞ্জলি কোঁচ, কাশ্মিৰী ভূঞা, অৰ্কি দাস, মানসী সিং আৰু তবশ্যম খাতুন।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More