তেজপুৰত স্বাধীনতা অমৃত মহোৎসৱৰ বৰ্ণিল পৰিৱেশ

0 29

৭৫ মিটাৰ দৈৰ্ঘ্যৰ জাতীয় পতাকা লৈ ইন্সপায়াৰ একাডেমীৰ শিক্ষাৰ্থী-শিক্ষকৰ শোভাযাত্ৰা-আছামভেলী ছিনিয়ৰ ছেকেণ্ডেৰীৰ স্বাধীনতা শীৰ্ষক মুকলি কুইজঃৰঙাপৰা মহাবিদ্যালয়ৰ পৰা ৭৫খন বাইকেৰে ৭৫ কিলোমিটাৰ শোভাযাত্ৰা

শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৪ আগষ্টঃ দেশৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে দেশজুৰি উদযাপিত হোৱা ‘স্বাধীনতাৰ অমৃত মহোৎসৱ’ৰ কাৰ্যসূচীৰ অংশ হিচাপে এইবাৰ চৰকাৰ – প্ৰশাসনৰ সমান্তৰাল ভাবে শিক্ষানুষ্ঠান সমূহে গ্ৰহণ কৰা বাৰেৰহনীয়া কাৰ্যসূচীয়ে সকলোকে আকৰ্ষিত কৰা পৰিলক্ষিত হৈছে৷ চৰকাৰী বিদ্যালয়সমূহে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া তিনিদিনীয়া কাৰ্যসূচীৰ বিপৰীতে একাংশ বেচৰকাৰী শিক্ষানুষ্ঠানেও কেতবোৰ দৃষ্টান্তমূলক আৰু আকৰ্ষণীয় কাৰ্যসূচীৰে দেশ মাতৃৰ স্বাধীনতাৰ অমৃত মহোৎসৱৰ অংশীদাৰ হোৱাই নহয় কেতবোৰ বিশেষ বাৰ্তাও দিবলৈ সক্ষম হোৱাৰ মাজতে আজি পুৱাই ৭৫ মিটাৰ দৈৰ্ঘ্যৰ জাতীয় পতাকাৰে ৭৫ বছৰীয়া স্বাধীনতা দিৱস উদযাপন কৰে তেজপুৰৰ ইন্সপায়াৰ একাডেমী নামৰ বেচৰকাৰী শিক্ষানুষ্ঠানখনে৷ মাজগাঁও স্থিত শিক্ষানুষ্ঠানখনৰ চৌহদৰ পৰা ৭৫ মিটাৰ দৈৰ্ঘ্যৰ জাতীয় পতাকা হাতে হাতে লৈ স্থানীয় অঞ্চলটি পৰিক্ৰমণ কৰাৰ কালত সকলোৰে দৃষ্টি আকৰ্ষণ কৰা পৰিলক্ষিত হয়৷ আনহাতে কালি তেজপুৰৰ কেতেকীবাৰীস্থিত আছামভেলী ছিনিয়ৰ ছেকেণ্ডেৰী নামৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানখনৰ পৰা পুৱাৰ ভাগত দেশৰ স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে জাতীয় পতাকা হাতে হাতে লৈ শিক্ষাৰ্থী আৰু শিক্ষক – শিক্ষয়িত্ৰী সকলে স্থানীয় অঞ্চলটিত এক আকৰ্ষণীয় শোভাযাত্ৰা উলিয়ায়৷ পুৱাৰ ভাগৰ এই শোভাযাত্ৰাৰ পিছত সন্ধিয়া অতি দৃষ্টান্তমূলক ভাবে আছামভেলী ছিনিয়ৰ একাডেমী পৰিয়ালে তেজপুৰ চহৰৰ পাৰ্কিং প্লেচত দেশৰ স্বাধীনতাৰ ওপৰত অনুষ্ঠিত কৰে সকলো শ্ৰেণীৰ ৰাইজৰ বাবে মুকলি কুইজ প্ৰতিযোগিতা৷ উদীয়মান সাংস্কৃতিক কৰ্মী ৰূপজ্যোতি নাথৰ পৰিচালনাত শিক্ষানুষ্ঠানখনৰ সঞ্চালক অভিজিৎ কলিতা আৰু সকলো শিক্ষক – শিক্ষয়িত্ৰীৰ তৎপৰতাত অনুষ্ঠিত এই মুকলি কুইজত অভূতপূৰ্ব ৰাইজৰ সমাগম হয়৷ কুইজ প্ৰতিযোগিতাস্থলীত শুদ্ধ উত্তৰ দিওতা সকলক তাৎক্ষণিকভাৱে পুৰস্কাৰ প্ৰদান কৰে শিক্ষানুষ্ঠানখনৰ কতৃৰ্পক্ষই৷ সেইদৰে আজি তেজপুৰৰ নিকটৱৰ্তী ৰঙাপৰা মহাবিদ্যালয় কতৃৰ্পক্ষই মহাবিদ্যালয়খনৰ পৰা দেশৰ স্বাধীনতা ৭৫ বৰ্ষপূত উপলক্ষ্যে ৭৫ খন বাইকেৰে জাতীয় পতাকা লৈ উলিওৱা শোভাযাত্ৰাই স্থানীয় অঞ্চলটিৰ ৭৫ কিঃমি পথ অতিক্ৰম কৰাৰ সময়ত ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰা পৰিলক্ষিত হয়৷ আনহাতে আজি বিয়লি তেজপুৰ চান্দমাৰী যুৱক সংঘই স্থানীয় দুৰ্গা পূজা মণ্ডপৰ পৰা উলিওৱা এক আকৰ্ষণীয় শোভাযাত্ৰা স্থানীয় অঞ্চলটিৰ পৰিক্ৰমণ কৰা কালত ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More