তেজপুৰত ৰখাই থোৱা বাহনৰ ওপৰত উভালি পৰিল গছ

0 28

শতাব্দ প্ৰতিনিধি তেজপুৰ , ৪ মে’: তেজপুৰৰ হলেশ্বৰ অঞ্চলত ১৫নম্বৰ ৰাষ্ট্ৰীয় পথত আজি দিনৰ প্ৰায় ১১ বজাত ৰখাই থোৱা বাহনৰ ওপৰত উভালি পৰিল এজোপা  প্ৰকাণ্ড গছ । পৰিণতিত পথৰ দাঁতিত ৰখাই থোৱা বাহন এখনৰ ক্ষতি হোৱাৰ লগতে ব্যস্ত ৰাষ্ট্ৰীয় পথৰে যান বাহনৰ চলাচলো কিছু সময় বন্ধ হৈ পৰে । উল্লেখযোগ্য যে,হলেশ্বৰস্থিত শ’লমৰা আৰক্ষী চকীলৈ ব্যক্তিগত কাৰণত অহা আব্দুল কুদ্দুচ নামৰ লোকজনৰ এ এছ১২ এল ২৬৬৮ নম্বৰৰ বাহনখন আৰক্ষী চকীৰ সমীপতে ৰখাই থোৱাৰ সময়তে ইয়াৰ কাষতে থকা পাকৰি গছজোপা উভালি পৰে । গছজোপাই ৰখাই থোৱা বাহনখন হেঁচা মাৰি ধৰাৰ সময়ত অৱশ্যে কুদ্দুচ আৰক্ষী চকীত থকাত তেওঁ ৰক্ষা পৰে । তদুপৰি ৰাষ্ট্ৰীয় পথটোৰে যান বাহনৰ চলাচলো বন্ধ হৈ পৰাত পথচোৱা মুকলি কৰিবলৈ আৰক্ষী, এছ ডি আৰ এফ, স্থানীয় ৰাইজ আৰু সেনা জোৱান সকলে তৎপৰতা গ্ৰহণ কৰে আৰু প্ৰায় দুঘন্টাৰ পৰিশ্ৰমৰ অন্তত পথছোৱা মুকলি কৰিবলৈ সক্ষম হয় । ধাৰাবাহিক বৰষুণৰ বাবেই পুৰণা পাকৰিজোপা এইদৰে উভালি পৰা বুলি ধাৰণা কৰা হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More