তেজপুৰত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ ৰক্তদান শিবিৰ 

0 11

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৭ নবেম্বৰ : ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ ৭৫ বছৰ পূৰ্তি উপলক্ষে আজি ৭৩ নং ছোৱালী ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনী অসম আৰু ৫ নং অসম বেটেলিয়নে তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ত এক ৰক্তদান শিৱিৰৰ আয়োজন কৰে। কেডেটসকলৰ মাজত ৰক্তদানৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগতা আনিবৰ বাবেই এই পদক্ষেপ লোৱা হয়। মূলতঃ মানবতাবোধ জাগ্ৰত কৰি সমাজৰ বাবে আগবাঢ়ি যোৱাৰ যি মনোভাব— এই বাক্যশাৰীৰ যথাৰ্থতা কেডেটসকলৰ মাজলৈ লৈ যোৱাই এই শিৱিৰৰ মূল উদ্দেশ্য। ৭৩ নং ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ কমাণ্ডিং অফিচাৰ লে. ক. জে বি চেত্ৰী, সহযোগী বিষয়া বৰ্ণালী শইকীয়া, কুলৰাম মিলি, তৃষ্ণা ডেকা এই শিৱিৰত উপস্থিত থাকি ছাত্ৰীসকলক উৎসাহিত কৰে আৰু পূৰ্ণ সহযোগিতা আগবঢ়ায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More