তেজপুৰত ৰাষ্ট্ৰীয় পথৰ ওপৰৰে বাগৰিল পানী

শোণিতপুৰত ৬০গাঁও বানৰ কৱলত 

0 22
শতাব্দ প্ৰতিনিধি, তেজপুৰ ,১৭মে’: ৰাজ্যজুৰি বানৰ সংহাৰ অব্যাহত থকাৰ সময়তে তেজপুৰৰ বিভিন্ন অঞ্চল পৰিছে বানৰ কবলত। ইতিমধ্যে ঘগৰা আৰু ডিপোতা নৈৰ বাঢ়নি পানীয়ে বাঁহবাৰী আৰু বিহগুৰি  মৌজাৰ বহু অঞ্চল প্লাবিত কৰিছে। যোৱা নিশাৰে পৰা তেজপুৰৰ বিহগুৰি অঞ্চলত ১৫নম্বৰ ৰাষ্ট্ৰীয় পথৰ ওপৰৰে পানী বাগৰিবলৈ আৰম্ভ কৰে। ইতিমধ্যে গাভৰুকে ধৰি বিভিন্ন নৈ উপনৈসমূহৰ জলস্তৰ বৃদ্ধি পোৱাত বৰছলা সমষ্টি অন্তৰ্গত আন বহু অঞ্চলৰ প্ৰতি ভাবুকী বৃদ্ধি পাইছে। উল্লেখযোগ্য যে,ইতিমধ্যে বিহগুৰিত একাধিক বিদ্যালয় জলমগ্ন হৈ পৰিছে। অঞ্চলটোৰ বিহগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, ব্ৰহ্মপুত্ৰ পাব্লিক স্কুল শ্ৰীমন্ত শংকৰদেৱ জাতীয় বিদ্যালয়কে ধৰি বহুকেইখন শিক্ষানুষ্ঠান বৰ্তমান পানীৰ তলত। উল্লেখযোগ্য যে,অভূতপূৰ্ব এই বানৰ বাবে ইতিমধ্যে ৰাষ্ট্ৰীয় পথটোৰ দুয়োকাষে থকা ওখ গছবোৰৰ একাংশ উভালি পৰিছে। বৰ্তমান এনে গছ পথাৰৰ দিশে পৰাত পথচোৱা বন্ধ হৈ পৰা ফলত যাতায়াতত অসুবিধাৰ সৃষ্টি হৈছে। ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰৰে পানী বাগৰি থকা পথৰ দুয়োপাৰে সুৰক্ষাৰ বাবে বৰ্তমান ৰঙা নিচান স্থাপন কৰা হৈছে। ইপিনে, বাঁহবাৰী মৌজাৰ সহস্ৰাধিক লোকে দুটাকৈ নিশা ভোকে পিয়াহে, লঘোনে ভোকে স্থানীয় স্কুলত আশ্ৰয় লৈ থাকিব লগীয়া হৈছে। শোণিতপুৰ প্ৰশাসন,বৰছলাৰ বিধায়ক গণেশ লিম্বুৱে এইসকল লোকৰ এবাৰো খবৰ ল’বলৈ আহৰি নোপোৱাত তেওঁলোকে বিদ্যালয়তে ইটাৰ চৌকা পাতি চকুলো টুকি অপেক্ষা কৰিছে যদিও এমুঠি চাউল, এটুপি খোৱা পানীৰ বাবে হাঁহাকাৰ অৱস্থাৰ সন্মূখীন হ’ব লগীয়া হৈছে। বাহবাৰী মৌজাৰ ডেকা চুবুৰীৰ সহস্ৰাধিক বানাক্ৰান্ত ৰাইজৰ লগতে কণ কণ শিশু সহ সহস্ৰাধিক আদিবাসী পৰিয়ালে দুদিন ধৰি লঘোণে ভোকে থাকি সাহায্যৰ বাবে অপেক্ষা কৰিব লগীয়া হৈছে।ইপিনে তেজপুৰৰ গৰৈমাৰী অঞ্চলতো ৰাষ্ট্ৰীয় পথৰ ওপৰৰে পানী বাগৰাৰ সমান্তৰাল ভাবে বায়ুসেনা চৌহদো প্লাৱিত হৈছে। বৰ্তমান শোণিতপুৰত জীয়াভৰলী নৈ বিপদসীমাৰ ওপৰৰে বৈ থকাৰ লগতে জলস্তৰ অধিক বৃদ্ধি পাইছে। ইফালে বান্দৰমাৰী আৰু বিন্দুকৰি সংযোগী গড়কাপ্তানি বিভাগৰ পথটো বাঢ়নী পানীয়ে কেইবাস্থানটো ক্ষতিসাধন কৰিছে। ইফালে ঘগৰা আৰু বিন্দুকুৰিৰ মাজৰ পঞ্চয়তে নিৰ্মাণ কৰা পথটোৰ বিস্তৰ ক্ষতি সাধন কৰিছে। শেহতীয়া বানত শোণিতপুৰৰ মুঠ ৬৩খন গাঁও জলমগ্ন হৈছে। চৰকাৰী তথ্যত প্ৰকাশ কৰা হৈছে এই কথা। ইয়াৰে ভিতৰত চাৰিদুৱাৰ ৰাজহচক্ৰৰ ১৫খন, ঢেকিয়াজুলিৰ ১২খন, নদুৱাৰৰ দুখন, তেজপুৰৰ ১৫খন আৰু ঠেলামৰাৰ ১৯খন গাঁও বানৰ কবলত পৰিছে। তদুপৰি এই বানত জিলাখনৰ মুঠ ৯ হাজাৰ ৭শ ১৬জন লোক আক্ৰান্ত হৈছে আৰু ইয়াৰে ভিতৰত ২৫০১টা শিশু তথা ৩৩৮০গৰাকী মহিলা। জিলাখনৰ ৯০১হেক্টৰ কৃষিভূমি বানৰ কবলত পৰাৰ বিষয়ে উল্লেখ কৰি চৰকাৰী তথ্যত প্ৰকাশ কৰা মতে, ঢেকিয়াজুলি আৰু তেজপুৰত সাতটাকৈ বানাক্ৰান্তসকলৰ বাবে মুঠ ১৪টা শিবিৰ স্থাপন কৰা হৈছে। উল্লেখযোগ্য যে বানাক্ৰান্তসকলে যোৱা দুদিন ধৰি খাদ্য আৰু খোৱা পানীৰ সংকটত পৰাৰ বিষয়ে অভিযোগ উত্থাপন কৰিছিল। আনহাতে জিলাখনত ২৩২১টা পশুধন বানৰ কবলত পৰাৰ লগতে বহুসংখ্যক পুখুৰী জলমগ্ন হৈছে। আনহাতে শোণিতপুৰৰ চাৰিদুৱাৰ, ঢেকিয়াজুলি আৰু ঠেলামৰাত খহনীয়াৰো সৃষ্টি হৈছে।এই বানত ঢেকিয়াজুলি আৰু তেজপুৰত দুটা পথ আৰু এখন পকী দলং ক্ষতিগ্ৰস্ত হোৱাৰ লগতে বানাক্ৰান্ত শিশুৰ বাবে খাদ্য যোগান ধৰা বুলিও কোৱা হৈছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More