তেজপুৰৰ পদুমপুখুৰীৰ দলঙৰ পৰা পানীলৈ জাঁপ মহিলাৰঃ কথমপি প্ৰাণ ৰক্ষা

0 30

শতাব্দ প্ৰতিনিধি ,তেজপুৰ,২৮অক্টোবৰ: তেজপুৰ চহৰত থকা ঐতিহ্যমণ্ডিত পদুমপুখু্ৰীৰ মাজত থকা তথা দৰ্শনাৰ্থী ফুৰিব পৰা দলংখনৰ মাজৰ পৰা আজি এগৰাকী মহিলাই পুখুৰীটোৰ পানীত জাঁপ দিয়ে৷ অৱশ্যে প্ৰত্যক্ষদৰ্শীৰ বাবে মহিলাগৰাকীৰ প্ৰাণ কোনোমতে ৰক্ষা পৰে৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি তেজপুৰৰ নেপালীপট্টিৰ বাসিন্দা মহিলাগৰাকী কিছু মানসিক উদ্বিগ্নতাত ভূগি আছে৷ ইতিমধ্যে স্বামীৰ পৰা পৃথকে থকা মহিলাগৰাকীৰ বিবাহ বিচ্ছেদৰ গোচৰ আদালতত চলি থকা বুলি উল্লেখ কৰি মহিলাগৰাকীয়ে ঘৰুৱা অশান্তিৰ বাবেই তেনে পন্থা লোৱা বুলি সন্দেহ ব্যক্ত কৰে৷ উল্লেখযোগ্য যে,আজি দুপৰীয়া পদুমপুখুৰীৰ চৌহদৰ উদ্যানত প্ৰৱেশ কৰা মহিলাগৰাকীৰ অস্বাভাৱিক আচৰণ উদ্যানৰ প্ৰৱেশ দ্বাৰত থকা এজন যুৱকে লক্ষ্য কৰি আছিল৷ মহিলাগৰাকী পদসেঁঁতুখনত বহু সময় থিয় হৈ আছিল আৰু প্ৰায় ১২বজাত তেওঁ হঠাতে তলৰ পুখুৰীলৈ জাঁপ মাৰে৷ লগে লগে উদ্যানৰ কৰ্মচাৰী আৰু যুৱকজনে দলংখনত উপস্থিত হয় আৰু কৰ্মচাৰীজনে পানীত জঁপিয়াই মহিলা গৰাকীক উদ্ধাৰ কৰাৰ লগতে যুৱকজনৰ সহায়ত পাৰলৈ আনে৷ ইপিনে এই বিষয়ে খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত তেজপুৰ আৰক্ষী আৰু মৃত্যুঞ্জয় এম্বুলেন্স সেৱাৰ এম্বুলেন্স উপস্থিত হৈ অচেতন মহিলাগৰাকীক তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ নিয়ে৷ ৩৫উৰ্দ্ধৰ মহিলা গৰাকী বৰ্তমান চিকিৎসাধীন হৈ আছে আৰু তেওঁ সম্প্ৰতি বিপদমুক্ত যদিও কথা ক’ব পৰা হোৱা নাই বুলিও আৰক্ষীয়ে প্ৰকাশ কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More