তেজপুৰৰ প্ৰবীণ নৃত্যশিল্পী, বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰাপক শান্তি শংকৰ দাসগুপ্তৰ পৰলোকপ্ৰাপ্তি

অসমৰ গোপী কিষনক হেৰুৱাই ম্ৰীয়মান তেজপুৰবাসী

0 23

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৩ আগষ্ট : পঞ্চাশৰ পৰা ৭০ দশকলৈ তেজপুৰৰ শিল্পকলা ক্ষেত্ৰখনৰ এগৰাকী প্ৰসিদ্ধ কথক আৰু শাস্ত্ৰীয় নৃত্যৰ শিল্পী হিচাপে সকলো প্ৰান্ততে সমাদৃত হোৱা অসমৰ “গোপী কিষণ” হিচাপে পৰিচিত তথা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্নিধ্য লাভ কৰা তেজপুৰৰ প্ৰবীণ নৃত্যশিল্পী, বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰাপক শান্তি শংকৰ দাসগুপ্ত আৰু নাই। আজি পুৱা প্ৰায় ৮ বজাত নগাঁৱৰ বিবাহিত কন্যাৰ বাসগৃহত এইগৰাকী জনপ্ৰিয় নৃত্যশিল্পীৰ পৰলোকপ্ৰাপ্তি ঘটাত তেজপুৰত গভীৰ শোকৰ ছাঁ পৰিছে। উল্লেখ্য যে, অসমৰ প্ৰথমখন সংগীত বিদ্যালয় তথা বৰ্তমানৰ জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ দীঘলীয়া সময়ৰ কথক নৃত্যৰ শিক্ষক তথা কথক নৃত্যৰ এগৰাকী প্ৰসিদ্ধ শিল্পী শান্তি শংকৰ দাসগুপ্তই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ লগতে নটসূৰ্য্য ফণী শৰ্মাৰ সান্নিধ্যত কেবাখনো নাটকতো অভিনয় কৰাৰ সমান্তৰাল ভাবে অসংখ্য বঙালী আৰু অসমীয়া নৃত্য নাটিকা অতি দক্ষতাৰে পৰিচালনা কৰি আৰু নিজে নৃত্য পৰিৱেশন কৰি এসময়ত যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল। বিশেষকৈ ৰবীন্দ্ৰনাথ ঠাকুৰৰ বহু কালজয়ী নৃত্য নাটিকা পৰিচালনা কৰি দক্ষতাৰ পৰিচয় দিবলৈ সক্ষম হৈছিল। তেজপুৰৰ বৰ্তমান সময়ৰ প্ৰায় গৰিষ্ঠসংখ্যক নৃত্যশিল্পীৰে গুৰু শান্তি শংকৰ দাসগুপ্ত দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ নগাঁৱৰ বিবাহিত শিল্পী কন্যা পিয়ালী দাসগুপ্তৰ বাসগৃহতে চিকিৎসাধীন হৈ থকাৰ পিছত আজি পুৱা কন্যাৰ বাসগৃহতে শেষ নিশ্বাস ত্যাগ কৰে। তেজপুৰৰ মহাভৈৰৱ মন্দিৰৰ সমীপৰ বাসিন্দা, অতি সৰবৰহী আৰু জনপ্ৰিয় নৃত্যশিল্পী গৰাকীয়ে ষাঠিৰ দশকতে প্ৰয়াত সংগীত শিল্পী জয়ন্ত বৰুৱা ৰচিত আৰু অজিৎ সিংহ সুৰাৰোপিত “শকুন্তলা” গীতি নৃত্য নাটিকাত দুষ্মন্তৰ চৰিত্ৰ ৰূপায়ন কৰি তেজপুৰৰ পৰা ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত কলা ৰসিকৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছিল। উল্লেখ্য যে, নিজে নৃত্য পৰিচালনা কৰা এই নৃত্য নাটিকাখনত ৰূপলেখা ডেকাই শকুন্তলা চৰিত্ৰ ৰূপায়ন কৰিছিল । একেদৰে সেইখিনি সময়তে” ৰঙালী” নামৰ আন এখন জনপ্ৰিয় গীতি নৃত্য নাটিকা নিজে পৰিচালনা কৰি মূল চৰিত্ৰত নিজে নৃত্য কৰি ৰাইজৰ অন্তৰ জীনা শান্তি শংকৰ দাসগুপ্তই ৰবীন্দ্ৰ নাথ ঠাকুৰ ৰচিত “শ্যামা” শীৰ্ষক নৃত্য নাটিকা পৰিচালনা কৰি নিজে ব্ৰজসেন চৰিত্ৰ ৰূপায়ন কৰাৰ লগতে “তাসেৰ দেশ”, “চন্দালিকা” আদি অসংখ্য বাঙালী আৰু অসমীয়া নৃত্য নাটিকা পৰিচালনা কৰাৰ লগতে নিজে চৰিত্ৰ ৰূপায়ন কৰি কলাৰসিকৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছিল। নৃত্যৰ বাবে ৰাষ্ট্ৰীয় জলপানিৰ লগতে অসম চৰকাৰৰ বিষ্ণু প্ৰসাদ ৰাভা বঁটাৰে বিভূষিত প্ৰবীণ নৃত্যশিল্পী গৰাকী সেনাবাহিনীৰ অভিযান্ত্ৰিক বিভাগৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত সুদীৰ্ঘকাল জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ কথকৰ শিক্ষক ৰূপে আৰু আন এগৰাকী প্ৰসিদ্ধ নৃত্যশিল্পী কৃষ্ণা দাস নাথৰ “কৰুণাময়ী কলা নিকেতনৰ শিক্ষক ৰূপেও অসংখ্য উঠি অহা প্ৰজন্মক নৃত্যশিল্পৰ পাৰ্গত কৰি তুলিছিল। প্ৰয়াত শিল্পী অজয় চলিহা, অলকা চলিহা, সংগীত শিল্পী প্ৰেম বাহাদুৰ, বংকিম শৰ্মা আদিৰ জৰিয়তে সংগীত আৰু নৃত্য শিল্পৰ জগত খনেৰে তেজপুৰৰ বঙালী আৰু অসমীয়া সকলো লোকৰ মাজতেই নিজৰ সৰবৰহী ব্যক্তিত্বৰে জনপ্ৰিয় হৈ পৰা শিল্পী গৰাকীৰ পৰলোকপ্ৰাপ্তিত সংস্কৃতিৰ নগৰী তেজপুৰৰ সৰ্বত্ৰ শোকৰ ছাঁ পৰিছে।তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, প্ৰাক্তন বিধায়ক বৃন্দাবন গোস্বামী, এমট্ৰনৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা, শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ লিখন শৰ্মা, বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা, তেজপুৰ সাহিত্য সভাৰ সভাপতি ড° ভূপেন শইকীয়া, শোণিতপুৰ জাণেৰ্লিষ্ট ইউনিয়ন, তৰুণ অসম সংঘ, অসমীয়া ক্লাব, আদিয়ে গভীৰ শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More