তেজপুৰৰ পৰা মুম্বাইলৈ উভটিল বলিউদৰ তিনি তাৰকা

অনিল কাপুৰে ক’লে তেজপুৰ এখন ধুনীয়া ঠাই

0 14

শতাব্দ প্ৰতিনিধি, তেজপুৰ,২৮নৱেম্বৰঃ তেজপুৰৰ শালনিবাৰী বায়ুসেনা শিৱিৰ যোৱা ১৫ নবেম্বৰৰ পৰা চৌহদত চলা বলিউদৰ ছবি ফাইটাৰৰ দৃশ্য গ্ৰহণ সমাপ্ত হোৱাৰ পাছত আজি দুপৰীয়া তেজপুৰৰ পৰা মুম্বাইলৈ উৰা মাৰে ছবিখনৰ তিনি তাৰকাই৷IMG 20221128 WA0090ছবিখনৰ নায়ক হৃত্বিক ৰোশন, দীপিকা পাডুকনৰ লগতে আনগৰাকী জ্যেষ্ঠ অভিনেতা অনিল কাপুৰে আজি তেজপুৰ ত্যাগ কৰে৷উল্লেখযোগ্য যে,আকাশী যুঁজৰ ব্যয় বহুল ছবি ফাইটাৰৰ এক বৃহৎ পৰিমাণৰ ব্যয়ৰে সম্পন্ন হয় তেজপুৰত দৃশ্য গ্ৰহণৰ কাম৷উল্লেখযোগ্য যে, ১৪নৱেম্বৰত তেজপুৰত উপস্থিত হোৱা হৃত্বিক ৰোশন আৰু পৰিচালক সিদ্ধাৰ্থ আনন্দে ১৫নৱেম্বৰৰ পৰা ইয়াত ফাইটাৰৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰে আৰু ১৬নৱেম্বৰত ছবিখনৰ আন দুই তাৰকা অনিল কাপুৰ আৰু দীপিকা পাডুকন তেজপুৰত উপস্থিত হৈ নিশাৰ পৰা দৃশ্য গ্ৰহণৰ কামত ব্যস্ত হয়হি৷বিমান ঘাটিৰ মূল ৰাণৱে’ৰ লগতে আজাদ ময়দানাতো ছবিখনৰ দৃশ্যগ্ৰহণৰ কাম চলে৷২৬নৱেম্বৰত দৃশ্য গ্ৰহণৰ অধিকাংশ কাম পূৰ্ব নিৰ্দ্ধাৰিত সময়তে সম্পন্ন হয় আৰু সেইদিনা চুখইৰ এক টেষ্ট ফ্লাইটৰো প্ৰদৰ্শনত উপস্থিত থাকে তিনি অভিনেতা অভিনেত্ৰী৷আনহাতে তিনিও তাৰকাৰ বাবে বায়ুসেনাই কালি আজাদ ময়দানত এক প্ৰদৰ্শনীমূলক কাৰ্যসূচীৰ আয়োজন কৰে আৰু হেলিকপ্টাৰ উৰণৰ প্ৰদৰ্শন কৰা হয়৷উল্লেখযোগ্য যে,ইয়াতে ছবিখনৰ বাবে প্ৰয়োজন হোৱা দুটামান দৃশ্যও পুণৰ গ্ৰহণ কৰাৰ লগতে যোৱা নিশা মূল ৰাণৱেতো আন এক দৃশ্য গ্ৰহণ কৰে৷আজি তিনিওজন তাৰকা মুম্বাইলৈ উভটাৰ পথত স্হানীয় সংবাদ মাধ্যমৰ আগত জ্যেষ্ঠ অভিনেতা অনিল কাপুৰে তেজপুৰত যথেষ্ট সুন্দৰ সময় অতিবাহিত কৰা বুলি মন্তব্য কৰাৰ লগতে তেজপুৰ এখন সুন্দৰ ঠাই বুলিও কয়৷অৱশ্যে অভিনেত্ৰী দীপিকাই স্হানীয় সংবাদকৰ্মীৰ কোনো প্ৰশ্নৰ উত্তৰ দিয়াৰ আগ্ৰহ নেদেখুৱালে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More