তেজপুৰৰ বাণ থিয়েটাৰত মহিলাৰ “কংসবধ” ভাওনাত আপ্লুত দৰ্শক 

0 26
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৪ জানুৱাৰী:IMG 20230124 WA0045
তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ প্ৰেক্ষাগৃহত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ভাওনাই কালি নিশা মন্ত্ৰমুগ্ধ কৰিলে দৰ্শকক। অসম শিল্পী কাননৰ ভাওনা সমাৰোহৰ সামৰণি অনুষ্ঠানৰ কালি দিনজোৰা কাৰ্যসূচীৰ অন্তত শিল্পী কাননৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত কেৱল মহিলাৰ দ্বাৰা পৰিৱেশিত হোৱা “কংসবধ ভাওনা” ত তেজপুৰৰ মহিলাৰ অভিনয় পাৰদৰ্শিতা পৰিলক্ষিত হয়। উল্লেখ্য যে, তেজপুৰৰ বিশিষ্ট ভাওনা আৰু সত্ৰীয়া শিল্পী শ্ৰীকুমাৰ বৰুৱাৰ মুখ্য পৰিচালনাত আৰু বিশিষ্ট নৃত্যশিল্পী ৰুবী বৰা বৰদলৈৰ নৃত্য পৰিচালনা আৰু নৃত্য সংৰচনাৰ লগতে কন্ঠশিল্পী বনদীপা শইকীয়া হাজৰিকাৰ কন্ঠেৰে অতি আকৰ্ষণীয় ৰূপত মহিলা সকলে পৰিবেশন কৰা “কংসবধ” ভাওনাৰ দৃষ্টিনন্দন দৃশ্যই ৰাইজক আপ্লুত কৰি তোলে।গায়ন বায়নৰ  সৰুধেমালি – বৰধেমালীৰে অগ্নিগড়ৰ মাজেৰে গায়ন – বায়নৰ লগতে ভাৱৰীয়া প্ৰবেশ হোৱা ভাওনাখনত সৰু কৃষ্ণৰ ৰূপত ৰিমলী দাস বৰুৱা, কৃষ্ণ আৰু বিষ্ণুৰ চৰিত্ৰত বিশিষ্ট নৃত্যশিল্পী তথা শিল্পী কাননৰ শোণিতপুৰ জিলা সমিতিৰ সম্পাদক ৰুবী বৰদলৈ বৰা, সূত্ৰধাৰী ৰূপত ভায়লীনা বৰদলৈ, কংশৰ চৰিত্ৰত তেজপুৰৰ প্ৰবীণ অভিনেত্ৰী তৰুলতা দাস, কুজি বুঢ়ীৰ চৰিত্ৰত আন এগৰাকী প্ৰবীণ অভিনেত্ৰী কল্পনা কলিতা, নাৰদৰ চৰিত্ৰত ক্ষীৰমাই দত্ত বৰা, দৈৱকীৰ চৰিত্ৰত দৰ্শনা বাইলুং, বসুদেৱৰ চৰিত্ৰত মামু বায়ন, যশোদা অমিসা বৰা ভট্টাচাৰ্য, পুতনাৰ চৰিত্ৰত তৃণা ডেকা, মোহিনী নীপা বৰুৱা, কালকেতু ৰুবী দাস, ৰাধা বিকশিতা শইকীয়াৰ লগতে গোৱালী আৰু গোপী সকলৰ চৰিত্ৰত ক্ৰমে – দিপালী বৰদলৈ, চন্দ্ৰপ্ৰভা গগৈ, মামনি কলিতা, ৰশ্মিৰেখা দাস শৰ্মা, নিপা বৰুৱা, জৰ্ণালী গগৈ, মামু বায়ন, পৰিস্মিতা বৰুৱা আৰু নিষ্ঠা মহন্তই সাৱলীল অভিনয়ৰে দৰ্শকক মুগ্ধ কৰে। উল্লেখযোগ্য যে, কালি  পুৱা ৯ বজাত অসম শিল্পী কাননৰ পতাকা উত্তোলন কৰে কাৰ্যকৰী সভাপতি মৌচুমী কাকতীয়ে। ৯ ৩০ বজাত স্মৃতি তৰ্পণ মুকলি কৰে অসম শিল্পী কাননৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি বনদীপা হাজৰিকা শইকীয়াই ।ইয়াৰ পিছতেই  সমবেত বৰগীতেৰে আৰম্ভ হয় মূল সভা। অসম শিল্পী কাননৰ সভাপতি তিলক চন্দ্ৰ মজুমদাৰৰ পৌৰোহিত্যত সম্পাদক প্ৰধান মৃদুপৱন বৰাৰ আদৰণী ভাষণেৰে আৰম্ভ হোৱা মূল অনুষ্ঠানতে অসম শিল্পী কাননৰ শীৰ্ষ গীত এন পৰিৱেশন কৰে সদস্যা সকলে। অনুষ্ঠানটিত বাৰ্ষিক মুখপত্ৰ “আলোকেৰে যাত্ৰা” উন্মোচন কৰে তেজপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট শিক্ষাবিদ ড০ প্ৰাণজিৎ হাজৰিকাই। উন্মোচনী ভাষণত ড০ হাজৰিকাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন আদৰ্শই অসমীয়া জাতিক মহিমামণ্ডিত কৰি তুলিছে বুলি মন্তব্য কৰি মহাপুৰুষসৃষ্ট ভাওনা সংস্কৃতিয়ে অসমীয়া সংস্কৃতি বিশ্বদৰবাৰত জিলিকাই তুলিছে বুলি মন্তব্য কৰে। আনহাতে সভাপতি প্ৰমুখ্যে অসম শিল্পী কাননৰ বিষয়ববীয়াৰ লগতে পংকজ বৰদলৈৰ সহধৰ্মিনী, বিশিষ্ট নৃত্যশিল্পী ৰুবী বৰদলৈ বৰাৰ উপস্থিতিত বিশিষ্ট সংগীতশিল্পী সূৰ্য্য গোস্বামীক গামোচা, চেলেং, স্মাৰক, প্ৰশস্তি আৰু নগদ ধনেৰে পংকজ বৰদলৈ সোঁৱৰণী বঁটা আৰু সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট সাধক হিৰু প্ৰসাদ মহন্তক অসম শিল্পী কাননৰ জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰাৰ পিছত দুয়োগৰাকীয়ে নিজৰ অনুভৱ সদৰী কৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More