তেজপুৰৰ বাতৰি কাকত বিতৰক, নাগাৰা নামৰ শিল্পী চন্দ্র কান্ত মজুমদাৰৰ আকস্মিক মৃত্যু

0 21

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৮ মাৰ্চ : দীৰ্ঘদিন ধৰি তেজপুৰৰ ঊষানগৰত ভাড়াতীয়া হিচাপে থাকি এখন গেলামালৰ দোকানৰ লগতে বাতৰি কাকতৰ বিতৰক হিচাপে সকলোৰে মাজত জনপ্ৰিয় হৈ পৰা নলবাৰী নিবাসী চন্দ্র কান্ত মজুমদাৰৰ কালি নিশা আকস্মিক ভাৱে ৭০ বছৰ বয়সত মৃত্যু হোৱাত তেজপুৰত শোকৰ ছাঁ পৰিছে। এগৰাকী নাগাৰা নামৰ শিল্পী হিচাপে পৰিচিত মজুমদাৰে কালি নিশাও আন দিনাৰ দৰে কোনো ঠাইৰ পৰা নাগাৰা নামত অংশ লৈ তেজপুৰ চহৰৰ ঊষানগৰৰ বাসগৃহলৈ আহে যদিও হঠাৎ অসুস্থ হৈ পৰি নিশা ১ মান বজাত আকস্মিক ভাৱে মৃত্যুক আঁকোৱালি লয়। বিগত ১৫ বছৰে বাতৰি কাকতৰ বিতৰক হিচাপে পুৱাই ঘৰে ঘৰে গৈ বাতৰি কাকত বিতৰণ কৰা আৰু এগৰাকী দক্ষ নাগাৰা নামৰ শিল্পী হিচাপে পৰিচিত মজুমদাৰৰ আকস্মিক মৃত্যুত শোণিতপুৰৰ প্ৰেছ ক্লাবৰ সভাপতি সুভাষ চন্দ্ৰ বিশ্বাস, সম্পাদক পংকজ বৰুৱা, বিত্ত সম্পাদক বাৰ্লিন কুমাৰ শইকীয়া, শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ শইকীয়া, সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পংকজ কুমাৰ নাথ, শোণিতপুৰ জিলা সাংবাদিক সন্থা, জাফাৰ হেমন্ত কুমাৰ নাথ আদিয়ে গভীৰ শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। মজুমদাৰে মৃত্যুৰ সময়ত পত্নীৰ লগতে এগৰাকী বিবাহিত কন্যা আৰু এগৰাকী পুত্ৰক এৰি থৈ গৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More