তেজপুৰৰ বিশিষ্ট চিকিৎসক, “কেকটাছ”, “কানীন” আৰু “অনুৰ” চিনেমাৰ প্ৰযোজক ডাঃ গোপেন্দ্ৰ মোহন দাসলৈ ভাৰতীয় চিকিৎসা সন্থাৰ “কালচাৰেল এক্সিলেঞ্চ এৱাৰ্ড” ঘোষণা

0 53

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৪ ফেব্ৰুৱাৰী : তেজপুৰৰ সমাজ জীৱনৰ এগৰাকী জনপ্ৰিয় তথা মানৱ দৰদী চিকিৎসক, বিশিষ্ট সাংস্কৃতিক কৰ্মী ডাঃ গোপেন্দ্ৰ মোহন দাসলৈ ভাৰতীয় চিকিৎসা সন্হাৰ অসম ৰাজ্যিক সমিতিয়ে ২০২৩ বৰ্ষৰ “কালচাৰেল এক্সিলেঞ্চ” বঁটা প্ৰদান কৰাৰ কথা ঘোষণা কৰাত উৎফুল্ল হৈছে তেজপুৰৰ শিল্পকলা ক্ষেত্ৰখনৰ সৈতে জড়িত ব্যক্তি সকল। উল্লেখ্য যে এগৰাকী শল্য বিশেষজ্ঞ হিচাপে দীৰ্ঘদিন ধৰি তেজপুৰত চিকিৎসা সেৱা আগবঢ়াই অহা আৰু জিলাখনৰ মহকুমা চিকিৎসা বিষয়া হিচাপে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা ডাঃ গোপেন্দ্ৰ মোহন দাসে সহধৰ্মিনী বিশিষ্ট অভিনেত্ৰী ডাঃ জাহানাৰা বেগমৰ সৈতে “জে বি প্ৰডাকচন” নামৰ এক নাট্যানুষ্ঠান গঢ়ি তুলি তেজপুৰ চহৰৰ মুঢ়াতেতেলিৰ নিজ বাসগৃহ চৌহদতে নাটকৰ এক আখৰা গৃহ নিৰ্মাণ কৰি এক সুস্থ আৰু ৰুচিশীল নাট্য পৰম্পৰা দীৰ্ঘদিন ধৰি অব্যাহত ৰাখিছে। জে বি প্ৰডাকচনৰ নিজে সভাপতিৰ দায়িত্বত থাকি বহুকেইখন সুন্দৰ নাটক প্ৰয়োজনা কৰাই নহয় অসমীয়া চলচ্চিত্ৰ জগতলৈও বিশেষ অৰিহণা আগবঢ়াই “কেকটাছ”, “কানীন”, আৰু শেহতীয়াকৈ বহু চৰ্চিত “অনুৰ” চিনেমা প্ৰয়োজনা কৰি কৃতিত্ত্বৰ পৰিচয় দিবলৈ সক্ষম হৈছে। উল্লেখ্য যে, জে বি প্ৰডাকচনৰ জড়িয়তে প্ৰত্যেক বছৰেই ১ জানুৱাৰীৰ দিনটোত নিজৰ আখৰা গৃহতে “নাটকৰ দিন” উদযাপন কৰি তেজপুৰ তথা জিলাখনৰ সকলো নাট্য কৰ্মীক একত্ৰিত কৰি এক ৰুচিশীল অনুষ্ঠানৰ উপহাৰ দি অহাই নহয় প্ৰত্যেক বছৰে একোগৰাকী নিষ্ঠাবান নাট্যশিল্পীক বঁটা প্ৰদান আৰু আন একাংশক সম্বৰ্ধনা জ্ঞাপন কৰি আহিছে। এগৰাকী ব্যস্ত চিকিৎসক হোৱাৰ পিছতো সততে তেজপুৰৰ প্ৰায় সকলো সামাজিক সাংস্কৃতিক অনুষ্ঠানত অংশ গ্ৰহণ কৰা এইগৰাকী সৰবৰহী চিকিৎসকক ভাৰতীয় চিকিৎসা সন্হাৰ অসম ৰাজ্যিক সমিতিয়ে “কালচাৰেল এক্সিলেঞ্চ এৱাৰ্ড” প্ৰদানৰ কথা ঘোষণা কৰাত স্বাভাৱিকতে উৎফুল্ল হৈছে তেজপুৰবাসী। উল্লেখ্য যে অহা এপ্ৰিল মাহত ডিব্ৰুগড়ত অনুষ্ঠিত হ’ব লগা সন্হাৰ এক বিশেষ অনুষ্ঠানত এই বঁটা আনুষ্ঠানিক ভাৱে প্ৰদান কৰিব বুলি ভাৰতীয় চিকিৎসা সন্হাৰ অসম ৰাজ্যিকৰ সভাপতি ডাঃ সত্যজিৎ বৰাই জানিবলৈ দিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More