তেজপুৰৰ বিহগুৰিত গঁড়ৰ চফৰ

আহত এজন:তিনিখন বাহন ক্ষতিগ্ৰস্ত

0 15

শতাব্দ প্ৰতিনিধি,তেজপুৰ,২২অক্টোবৰ: তেজপুৰৰ নিকটৱৰ্তী বিহগুৰি অঞ্চলত এটা গঁড়ৰ আৱিৰ্ভাৱে বৃহত্তৰ বিহগুৰি অঞ্চলত হুৱাদুৱাৰ সৃষ্টি কৰে৷ আজি দিনৰ প্ৰায় ১১বজাত ভালুকেখোৱা অঞ্চলৰ প্ৰয়াত লক্ষেশ্বৰ নাথৰ ঘৰৰ পিছফালে এটা মেৰত গঁড়টোৱে আশ্ৰয় লৈ থকা দেখা পাই পৰিয়ালটোৰ দুগৰাকী মহিলা সদস্যাই৷এই বিষয়ে বন বিভাগক খবৰ দিয়া হয়৷ ইপিনে গঁড়টোৰ অৱস্হিতিৰ বিষয়ে বিয়পি পৰাত গঁড়টো চাবলৈ বহুসংখ্যক লোকো সেই স্হানত উপস্থিত হয়৷এই পৰিস্থিতিৰ মাজতে সমীপৰে মুছলিম চুবুৰীৰ কেইজনমান যুৱক গঁড়টো চাবলৈ উপস্থিত হোৱাৰ সময়তে গঁড়টোৱে চোচা লয়৷ জনাঞ্চলত প্ৰৱেশ কৰি দিগবিদিক হেৰুৱাই পেলোৱা গঁড়টোৰ আক্ৰমণত আব্দুল ৰহিম নামৰ যুৱকজন ভৰিৰ লগতে একাধিক স্হানত আহত হয়৷ IMG 20221022 WA0023সম্প্ৰতি তেওঁ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে৷ ইপিনে ৰাইজে অভিযোগ কৰা মতে,খবৰ দিয়াৰ বহু পলমকৈ ঘটনাস্থলীত বনকৰ্মী উপস্থিত হৈ শূন্যলৈ গুলিচালনা কৰি গঁড়টোক সেই স্হানৰ পৰা খেদি পথাবলৈ চেষ্টা কৰে৷ দীৰ্ঘ সময়ৰ চেষ্টাৰ অন্তত গঁড়টোৱে ভিতৰুৱা পথৰে জহামাৰীত উপস্থিত হয়গৈ বুলি স্হানীয় লোকে প্ৰকাশ কৰিছে৷ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বুলি ধাৰণা কৰা গঁড়টোৱে ৰাষ্ট্ৰীয় উদ্যানখনৰ দিশে উভটাৰ সময়ত মটৰচাইকেল, স্কুটীসহ তিনিখন দুচকীয়া বাহনৰো ক্ষতি সাধন কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More