তেজপুৰৰ বুঢ়া ডাঙৰীয়া থানৰ পালনামত ভক্তিপ্ৰাণৰ লানি নিছিগা সোঁত

বিশিষ্ট সত্ৰীয়া শিল্পী হিৰো প্ৰসাদ মহন্তৰ পৰিচালনাত নাম প্ৰসঙ্গৰে মুখৰিত

0 60

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৪ ফেব্ৰুৱাৰী : তেজপুৰৰ নিকটৱৰ্তী গটঙা পাঠকৰ চুবুৰীত অৱস্থিত অতি মাহাত্ম্যৰে পূৰ্ণ কেন্দুগুৰি আঞ্চলিক বুঢ়া ডাঙৰীয়া থানৰ বাৰ্ষিক পালনামৰ আজিৰ পৱিত্ৰ দিনটোত পুৱাৰ পৰা অগণন ভক্তিপ্ৰাণ ৰাইজৰ ভীৰ পৰিলক্ষিত হয়। হাতে হাতে ধূপ, নৈবেদ্য আৰু খিচিৰি ভোগৰ সামগ্ৰী কঢ়িয়াই লৈ মাহাত্ম্যৰে পূৰ্ণ থানখনত দহসহস্ৰাধিক ভক্তিপ্ৰাণ ৰাইজৰ সমাগম ঘটাৰ পিছত সমগ্ৰ অঞ্চলটো যেন বৈকুণ্ঠ নগৰীলৈ পৰিণত হয়। উল্লেখ্য যে, জনবিশ্বাস আৰু মাহাত্ম্যৰে পূৰ্ণ এই থানখনলৈ নিতৌ ভক্তিপ্ৰাণ ৰাইজৰ আগমন ঘটা আৰু ভক্তি অঞ্জলি প্ৰদান কৰাৰ পিছত বহুজনৰ ফলপ্ৰাপ্তি ঘটাত থানখন ভক্তিপ্ৰাণ ৰাইজৰ মাজত অতি জনপ্ৰিয় হৈ পৰে আৰু ২০০০ চনৰ পৰা স্হানীয় বহুকেইখন গাঁৱৰ ৰাইজে এখন পৰিচালনা সমিতি গঠন কৰি প্ৰত্যেক বছৰে বাৰ্ষিক পালনামৰ আয়োজন কৰি অহাৰ পিছত আজি ২৪ সংখ্যক বাৰ্ষিক পালনামৰ দিনটোত চাকি বন্তি প্ৰজ্বলনেৰে এক বিশেষ আধ্যাত্মিক পৰিৱেশৰ সূচনা কৰে। ১০ হাজাৰ ভক্তিপ্ৰাণ ৰাইজৰ উপস্থিতিত থান পৰিচালনা সমিতিয়ে বুজন পৰিমাণৰ মাহ প্ৰসাদ, নৈবেদ্য সাজু কৰি তোলাৰ লগতে প্ৰায় এশ জাও খিচিৰি ভোগৰ বাবেও পুৱাৰ পৰা ব্যস্ত হৈ পৰে স্হানীয় পৰিচালনা সমিতি। কলিয়াবৰৰ বাঘৰ বৰা সত্ৰৰ অধিকাৰ তথা বিশিষ্ট সত্ৰীয়া শিল্পী হিৰো প্ৰসাদ মহন্তই নামাচাৰ্য হিচাপে ভকত বৈষ্ণৱৰ নাম প্ৰসঙ্গ পৰিচালনা কৰা আজিৰ এই বাৰ্ষিক পালনামৰ প্ৰসংগত থান পৰিচালনা সমিতিৰ বিষয়ববীয়াই সাংবাদিকৰ আগত দিনে দিনে থানখনলৈ দূৰ দূৰণিৰ পৰা ভক্তিপ্ৰাণ ৰাইজৰ আগমণ বৃদ্ধি পোৱাৰ পিছত এনেদৰে প্ৰতিবছৰে বাৰ্ষিকী পালনাম আয়োজনৰ দ্বাৰা দেশবাসী আৰু জনতাৰ মংগল কামনা কৰা হয় বুলি মন্তব্য কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More