তেজপুৰৰ বৃদ্ধাশ্ৰমত পৰক আপোন কৰি জীৱনৰ গান

0 21

শতাব্দ জিলা প্ৰতিনিধি তেজপুৰ, ২০ এপ্ৰিল: এসময়ত সোণালী সপোন ৰছা ঘৰখন তেওঁলোকৰ বাবে এতিয়া মাথোঁ স্মৃতি। কোনোবাগৰাকীৰ স্বামীৰ বিয়োগ ঘটা আৰু কোনোবাজন বিপত্নীক হোৱাৰ পাছতে তেওঁলোক সেই সপোনৰ ঘৰখনৰ পৰাও বিচ্ছিন্ন হৈ পৰিল। পুত্ৰ কন্যা সকলো থাকিলেও সেই সকলে এতিয়া তেওঁলোকক চিনি নোপোৱাৰ দৰেই হ’ল। নিজৰ ভাগৰ পৰাই যিসকলক খুৱাই বোৱাই তিল তিলকৈ তেওঁলোকে ডাঙৰ দীঘল কৰিলে সেইসকলৰ বাবে এতিয়া এইসকল পিতৃ-মাতৃ বোজাত পৰিণত হ’ল। তেজপুৰৰ বেছেৰীয়াৰ এখন বৃদ্ধাশ্ৰমত এতিয়া এনেবোৰ কৰুণ স্মৃতিৰ বোজা পাতলাবলৈ চেষ্টা চলাইছে ইয়াৰ ১৬গৰাকী ৭০উৰ্দ্ধৰ পুৰুষ মহিলাই। ইয়াৰে ভিতৰত ১৪গৰাকী বৃদ্ধা। এইসকল মায়ে এতিয়া নিজৰ পুত্ৰ-কন্যা নতুবা নাতি-নাতিনীক নেদেখা বহুদিনেই হ’ল। একেদৰে তেজক পানী কৰা পৰিশ্ৰমৰে নিজ সন্তানক ডাঙৰ দীঘল কৰা দুজন পিতৃৰ বুকুতো আছে সন্তানৰ দুৰ্ব্যৱহাৰ আৰু অৱহেলাৰ শোকৰ বোজা। দৰ্পণৰ তত্বাবধানত তেজপুৰৰ বেছেৰীয়াৰ বৃদ্ধাশ্ৰমখনত তেওঁলোকে বৰ্তমান অৱহেলা অনাদৰৰ সেই অতীতক পাহৰি ইজনে সিজনৰ স’তে হাঁহি মাতি জীৱনৰ অৱশিষ্ট সময়খিনি অতিবাহিত কৰাৰ চেষ্টা কৰিছে। তেওঁলোকক সেৱা-শুশ্ৰূষা কৰাসকলৰ স’তে তথা তেজ মঙহৰ কোনো সম্পৰ্ক নথকা বহুজনৰ স’তে গীত গাই নাচি বাগি জটিল সময়বোৰক ৰঙীয়াল কৰি তোলাৰ যত্ন কৰিছে। দৰ্পণৰ বিষয় ববীয়াৰ লগতে তেজপুৰৰ একাধিক সামাজিক অনুষ্ঠান আৰু এই বৃদ্ধাশ্ৰমখনৰ পৰিচালক কাচেম হাজৰিকা এইসকল জ্যেষ্ঠ লোকৰ বাবে অতি আপোন। তেওঁলোকৰ কাষলৈ অচিনাকী হৈ আহি আপোন হৈ পৰা প্ৰতিজনকে আশ্ৰমখনৰ আবাসীসকলে দিছে হিয়া উজাৰি আশীৰ্বাদ। আজিও এইখন বৃদ্ধাশ্ৰমত এইসকল বয়োজ্যেষ্ঠ লোকে নাচিবাগি জীৱনটোক আকৌ এবাৰ নতুনকৈ উদযাপন কৰিলে । ইয়াতে থকা এগৰাকী বয়োবৃদ্ধা অকণ গগৈয়ে তেওঁৰ জন্ম নগাঁৱৰ চামগুৰিৰ বিদ্যুৎ পৰিষদত বুলি প্ৰকাশ কৰি লগতে কয় যে, তাৰ পিছত তেওঁ জখলাবন্ধাত আছিল। কিন্তু স্বামীৰ বিয়োগৰ পাছত তেওঁৰ ঘৰটোও শুই পৰিল বুলি কোৱা বয়োবৃদ্ধা গৰাকীয়ে কয় যে, তেওঁৰ পুত্ৰ-কন্যা, বোৱাৰী-জোঁৱাইসকলো আছে। পুত্ৰই ডিগবৈত তেল কোম্পানীত চাকৰি কৰে আৰু জোঁৱাই চৰকাৰী চাকৰিয়াল য’দিও কাৰোৰে তেওঁৰ খবৰ ল’বলৈ আহৰি নাই। এনে অৱস্থাত অৱশেষত তেজপুৰ বেছেৰীয়াৰ কাচেম হাজৰিকাই তেওঁৰ তত্বাৱধানত থকা বৃদ্ধা আশ্ৰমলৈ লৈ আনে এইগৰাকী মহিলাক।ইয়াত থকা প্ৰতিগৰাকী আবাসীৰে এনে একোটা কাহিনী আছে। কোনোবাই সুৰামত্ত পুত্ৰৰ অত্যাচাৰৰ সন্মূখীন হোৱা আৰু কোনোবাই পুত্ৰ-বোৱাৰীৰ পৰা পোৱা নিৰ্যাতনক এতিয়া আৰু স্মৰণ কৰিব নিবিচাৰে। উল্লেখযোগ্য যে,আজি ইয়াত এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰে পুৱাৰে পৰাই। কিয়নো প্ৰায়ে তেওঁলোকৰ খবৰ লবলৈ আহি থকা শোণিতপুৰৰ চাৰিদুৱাৰৰ ১২ নম্বৰ অসম ৰাইফালছৰ কামণ্ডিং বিষয়া ৰাজেশ চৌধুৰীৰ পত্নী তথা অসম ৰাইফলছ মহিলা কল্যাণৰ নেত্ৰী অনুভা চৌধুৰীসহ এটা দলে এইসকল আৱাসীলৈ খাদ্য সামগ্ৰীৰ লগতে যথেষ্ট পৰিমাণৰ অত্যাৱশ্যকীয় সামগ্ৰী লৈ বিহুৰ শুভেচ্ছা জনাবলৈ উপস্থিত হয়হি আশ্ৰমখনত। এনে পৰিৱেশত বিহুৰ আনন্দত বিহু নাচি অসম ৰাইফলচৰ মহিলা কল্যাণৰ বিষয়ববীয়া তথা সদস্যসকলৰ স’তে বিভিন্ন গীত গাই তেওঁলোকক হিয়াউজাৰি আশীৰ্বাদ দিলে এইসকল বয়োজ্যেষ্ঠই। আশ্ৰমখনতেই তেওঁলোক অতি সুখী আৰু থকা, খোৱা তথা পিন্ধালৈকে কোনো সমস্যাৰ সন্মূখীন হোৱা নাই বুলি উল্লেখ কৰি তেওঁলোকে আশ্ৰমখনত সকলোৰে পৰাই মৰম-চেনেহ পোৱা বুলি প্ৰকাশ কৰাৰ লগতে সকলোৰে মংগল কামনা কৰে। ইপিনে এইসকল লোকৰ প্ৰতি কিবা এটা কৰিব পাৰি যথেষ্ট সুখী অনুভৱ কৰা পৰিচালক কাচেম হাজৰিকাই কয় যে,অৱহেলাৰ সন্মূখীন হোৱা এনেসকলৰ বাবে মন ব্যথিত হয় আৰু সেয়ে এনেলোকৰ বিষয়ে খবৰ লাভ কৰিলেই তেওঁলোকৰ বাবে কিবা এটা কৰাৰ প্ৰয়াস কৰে। হাজৰিকাই লগতে কয় যে,ইয়াত পূৰ্বে থকা একাংশক অৱশ্যে পৰৱৰ্তী সময়ত তেওঁলোকৰ আত্মীয়ই উভটাই নিয়াৰো নজিৰ আছে। উল্লেখযোগ্য যে, একাংশ স্থানীয় সংস্থা আৰু একাংশ লোকৰ সহায়ৰে আশ্ৰমখন পৰিচালিত হৈ আছে য’দিও আশ্ৰমখনে আজিলৈকে কোনোধৰণৰ চৰকাৰী সাহায্য লাভ কৰা নাই। ২০১১ৰ পৰাই বৃদ্ধাশ্ৰমখনৰ বাবে চৰকাৰী সাহায্যৰ বাবে আবেদন জনালেও আজিলৈকে তেনে সাহায্য লাভ কৰা নাই।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More