তেজপুৰৰ বৃহৎ লিচু বাগিছাখনৰ পৰা ৰসাল লিচু দেশৰ বজাৰলৈ

গোটেপ্ৰতি ১ টকাৰ পৰা ৩০ টকা

0 70

শতাব্দ প্ৰতিনিধি তেজপুৰ, ৪জুন: তেজপুৰৰ ৩০বিঘাৰ অধিক মাটি সামৰি থকা লিচু বাগিছাখনত আছে ছশ জোপা লিচু গছ । বোম্বায়া, চাহী, পিয়াজী, ইলাচি, গ্ৰীণ বেদানা আৰু থলুৱা লিচুৰে ভৰি পৰিছে এইখন বাগিচা । ২০১০ত তেজপুৰৰ পৰোৱাত স্থানীয় বিশিষ্ট ব্যৱসায়ী তথা কৃষক ৰামনাৰায়ণ সিঙে আৰম্ভ কৰা এইখন লিচু বাগিচাত বৰ্তমান অতি ব্যস্ততাই বিৰাজ কৰিছে । কৰ’না কালৰ দুটা বছৰে লিচুৰ ব্যৱসায়ত যথেষ্ট আহুকালৰ বিপৰীতে এইবাৰ এইখন বাগিছাত বোম্বায়া লিচু সংখ্যাত কমকৈ লাগিছে য’দিও বজাৰলৈ ইতিমধ্যেই ওলাই গৈছে বিধে বিধে লিচু । পূৰ্বে দেশৰ বিভিন্ন অঞ্চললৈ এইখন বাগিছাৰ লিচু ৰপ্তানি হোৱাৰ বিপৰীতে এইবাৰ গাজিয়াবাদ আৰু কলকাতালৈ এইখন বাগিছাৰ লিচু ৰপ্তানি হৈছে বুলি প্ৰকাশ কৰিছে ব্যৱসায়ী সিঙে । তেওঁ কয় যে, এইবাৰ যদিও কৰ’না নাই তথাপি প্ৰকৃতিয়ে লিচুৰ ব্যৱসায়ত বিধিপথালি দিছে । উল্লেখযোগ্য যে, ধাৰাবাহিক বৰষুণৰ ফলত এইবাৰ যথেষ্ট লিচু নষ্ট হৈছে । অৱশ্যে বজাৰত প্ৰথম অৱস্থাতে বাগিছাখনৰ উৎপাদিত লিচু উপলব্ধ হৈছে আৰু ৰাজ্যৰ সকলো জিলালৈকে ইয়াৰ লিচু ইতিমধ্যেই নিছে ব্যৱসায়ীসকলে । বাগিছাখনত থলুৱা সাধাৰণ লিছু এটাত এটকাৰ পৰা বোম্বায়া আৰু আন উন্নত জাতৰ ৰসাল তথা মঙহাল লিচু ২০-৩০টকা মূ্ল্যত একোটা বিক্ৰী হোৱাৰ বিষয়ে প্ৰকাশ কৰি ৰাজ্যৰ ভিতৰতে বৃহৎ লিচু বাগিছাখনৰ গৰাকী সিঙে কয় যে অনাগত সময়ত এই লিচুৰ মূল্য আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More