তেজপুৰৰ বৰঘোপত বৈশাগু উৎসৱ

বৰ্ণিল নৃত্য,গীতৰে জীপাল পশ্চিম তেজপুৰ

0 8

শতাব্দ প্ৰতিনিধি তেজপুৰ,১৯এপ্ৰিল: বৰ্ণিল নৃত্য,গীতৰে আজি জীপাল হ’ল পশ্চিম তেজপুৰৰ বৰঘোপ অঞ্চলৰ ৰংজালী বৈশাগু উৎসৱ। শোণিতপুৰৰ বৰছলা বিধান সভা সমষ্টি অন্তৰ্গত খেলমাটি চেন্টাৰৰ নিকটৱৰ্তী অঞ্চলত বৈশাগু উৎসৱ উপলক্ষে যোৱা ১০এপ্ৰিলৰ পৰাই ২৩খন গাঁৱত বিৰাজ কৰিছে এক জীপাল পৰিৱেশে। পশ্চিম তেজপুৰ আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত তথা  বড়ো সাহিত্য সভা ,বাথৌ মহাসভাৰ সহযোগত ৰাজ্যখনৰ আটাইতকৈ প্ৰাচীন সাংস্কৃতিক উৎসৱৰে জীপাল হৈ উঠিছে বৃহত্তৰ অঞ্চলটো। নাচনীৰ ৰূপত ওলাই আহিছে বৃদ্ধাৰ পৰা শিশুলৈকে। অতি শৃংখলাৱদ্ধ ৰূপে তেওঁলোকে ইখন গাঁৱৰ পৰা সিখন গাঁৱত গাইছে হুঁচৰি। জ্যেষ্ঠজনৰ চৰণ স্পৰ্শ কৰি কণিষ্ঠসকলে আশীৰ্বাদ গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে,পশ্চিম তেজপুৰ আঞ্চলিক এবছুৰ উদ্যোগত যোৱা ১০এপ্ৰিলৰ পৰাই এবছুৰ কাৰ্যালয়ত অনুষ্ঠিত হৈছিল খাম, চিফুং, চেৰজা, যথা আদি লোকবাদ্য বাদনৰ লগতে বাগুৰুম্বা নৃত্যৰ প্ৰশিক্ষণ কৰ্মশালা। ১৬এপ্ৰিলত ইয়াতে পতনি মেলা হয় বৈশাগু উৎসৱৰ। বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে ভিন্ন ধৰ্মী লোকেও অংশ লোৱা এই বাৰেৰহণীয়া কাৰ্যসূচীত মুঠ ১৮৬জন আাশী উৰ্দ্ধৰ ব্যক্তিক সন্মান জনোৱা হয়। সাত শতাধিক লোকে নৃত্য গীতৰে এক অনন্য পৰিৱেশ সৃষ্টি কৰাৰ লগতে ইয়াৰ পিছৰ পৰাই আৰম্ভ হয় গাঁৱে গাঁৱে হুঁচৰি গোৱা পৰ্ব। উল্লেখযোগ্য যে ভিন্ন জাতি জনগোষ্ঠীয়ে পুৰাতন সম্প্ৰীতিৰে বাস কৰা এই অঞ্চল সমূহত হুঁচৰি গাবলৈ যোৱা দলসমূহে কেবল হুঁচৰি গোৱাতে সীমাবদ্ধ হৈ থকা নাই। প্ৰতিখন গাঁৱৰ বয়োবৃদ্ধসকলক এবছুৰ বিষয়ববীয়াই তেওঁলোকৰ বাসগৃহতে সন্মান জনোৱাৰ লগতে সেৱা জনাই গ্ৰহণ কৰিছে আশীৰ্বাদ। আনহাতে নাহৰণি গুন্দাৰবিল বৰছন বগাপানী আদিকে ধৰি প্ৰায় সাতখন গাঁৱে এই হুঁচৰি দলক আনুষ্ঠানিক ভাবে আমন্ত্ৰণ জনাইছে তেওঁলোকৰ গাঁৱত হুঁচৰি গোৱাৰ বাবে। যোৱা ১৭এপ্ৰিলৰ পৰা চলি থকা এই হুঁচৰিৰ আজিৰ অন্তিম দিনটোত পুৱা ন বজাত বৰঘোপৰ বাথৌ মন্দিৰ প্ৰাংগণত সমবেত হয় বিভিন্ন গাঁৱৰ লগতে ৰাইজ ।পশ্চিম তেজপুৰ আঞ্চলিক এবছুৰ সভাপতি জিকু বড়ো, সম্পাদক ৰূপজ্যোতি বড়ো,বাঁহবাৰী শাখা বড়ো সাহিত্য সভাৰ সভাপতি বাসুদেৱ দৈমাৰী, শোণিতপুৰ জিলা বাথৌ মহাসভাৰ মুখ্য ধৰ্মপ্ৰচাৰক এহেম হায়নাৰী,পশ্চিম তেজপুৰ বাথৌ মহাসভাৰ সভাপতি থানেশ্বৰ বড়ো, পশ্চিম তেজপুৰ বাথৌ মহাসভাৰ সম্পাদক ৰাইদাউ সিজুৱাৰী,কৃষিজীৱী ৰাইজৰ প্ৰকৃতি নিৰ্ভৰ পৰিৱেশৰ মাজত পুৰণিকলীয়া সংস্কৃতি আৰু পৰম্পৰা ৰক্ষা কৰি পালন কৰি অহা এই উৎসৱৰ প্ৰতি ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰিয়ে প্ৰদান কৰে এক অনন্য মাত্ৰা। উল্লেখযোগ্য যে,বাথৌ পূজাৰ দৰেই প্ৰকৃতিক পূজা কৰি আজি বাগুৰুম্বা নৃত্য কৰি আশীৰ্বাদ গ্ৰহণ কৰি সমবেত ৰাইজ নামঘৰ প্ৰাংগণত উপস্থিত হয় আৰু ইয়াৰ পৰা সকলোৱে যাত্ৰা কৰে বৰঘোপ খেলপথাৰলৈ। ভাষা,কৃষ্টি তথা সংস্কৃতিক আগবঢ়াই নিয়াত সচেতনভাবে জড়িত হৈ সম্প্ৰীতিৰ সাঁকো গঢ়াত গুৰুত্ব প্ৰদান কৰা এইসকল লোকে অসমীয়া ভাষী,আদিবাসী তথা বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে ইছলাম ধৰ্মাৱলম্বী লোককো এই ৰাংজালী বৈশাগু উৎসৱৰ অংশ কৰি লৈছে। আজি পুৱা বৰঘোপ খেলপথাৰত আৰম্ভণি নৃত্য বৈশাগু জাগাইনাই পৰিবেশনৰ পাছতে গৌলাং বৈশাগু আৰু বৈশাগু ফুজোৰনাই নৃত্য কৰা হয়। কৃষিজীৱী তথা প্ৰকৃতি নিৰ্ভৰ লোকসকলে প্ৰতীকী হিচাপে নাচৰ লগে লগে হালবোৱা তথা মাছ ধৰা আদি দৃশ্যও প্ৰদৰ্শন কৰে। একেদৰে মাছধৰা বিভিন্ন সঁজুলিৰো প্ৰদৰ্শন কৰা হয়। শেষত আৰজ অৰ্থাৎ আশীৰ্বাদ কাৰ্যসূচীৰে অনুষ্ঠানৰ সামৰণি পৰে। উল্লেখযোগ্য যে,এখন ভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ বাসভূমি অসমৰ পুৰণি জনগোষ্ঠী বড়োসকলৰ ভাষা, নৃত্য গীত তথা সংস্কৃতিও আটাইতকৈ পুৰণা বুলি উল্লেখ কৰি জিলাখনৰ বাথৌ মহাসভাৰ মুখ্য প্ৰচাৰক হায়নাৰীয়ে কয় যে সেয়ে এয়া সংৰক্ষণৰ ক্ষেত্ৰত নতুন প্ৰজন্মৰ যথেষ্ট দায়িত্ব আছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More