তেজপুৰৰ মাৰ্গদৰ্শনকাৰী, বিশিষ্ট সংস্কৃত পণ্ডিত উপেন্দ্ৰ নাথ শৰ্মাৰ দেহাৱসান

শোকস্তব্ধ তেজপুৰ-শোণিতপুৰঃ বিভিন্ন ব্যক্তি - অনুষ্ঠানৰ শ্ৰদ্ধাঞ্জলি

0 31

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৩ মে’ঃ ৰাজ্যখনৰ বিশিষ্ট সংস্কৃত পণ্ডিত, দৰংমহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক, মহাবিদ্যালয়খনৰ বৰ্তমানৰ পৰিচালনা সমিতিৰ সভাপতি, এক যোগাত্মক চিন্তাধাৰাৰে তেজপুৰৰ বৌদ্ধিক, সামাজিক আৰু শৈক্ষিক অনুষ্ঠানৰ নেতৃত্ব প্ৰদান কৰোতা, বিশিষ্ট শিক্ষাবিদ উপেন্দ্ৰ নাথ শৰ্মাৰ আজি গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত পুৱা প্ৰায় ৮ – ৪০ বজাত পৰলোকপ্ৰাপ্তি ঘটাত তেজপুৰৰ লগতে জিলাখনতে শোকৰ ছাঁ পৰিছে। তেজপুৰৰ সমাজ জীৱনৰ অগ্ৰণী ব্যক্তিত্ব তথা সৰবৰহী শিক্ষাবিদ গৰাকী কিছুদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছিল আৰু শেহতীয়াকৈ শৰীৰৰ দ্ৰুত অৱনতি ঘটাত পৰিয়ালৰ লোকে গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন কৰাইছিল যদিও আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰে। ১৯৪৭ চনত নলবাৰীৰ গমাৰীমুৰী গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা আৰু বৰ্তমানে তেজপুৰ মাজগাঁৱৰ ৰত্নপুৰৰ স্হায়ী বাসিন্দা শৰ্মাই ১৯৬৪ চনত কৈঠালকুছি হাইস্কুলৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা, ১৯৬৫ চনত কটন মহাবিদ্যালয়ৰ পৰা বিজ্ঞানত প্ৰাক বিশ্ববিদ্যালয় পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিছত ১৯৬৮ চনত গুৱাহাটীৰ আৰ্যবিদ্যাপীঠ মহাবিদ্যালয়ৰ পৰা সংস্কৃত বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰি সেই বৰ্ষতেই পৰিয়ালৰ ভৰণ পোষণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ টেলিকমিউনিকেশ্যন বিভাগত চাকৰিত যোগদান কৰে। এই চাকৰিৰ মাজতেই দিনত কলেজত অধ্যয়ন কৰি নিশা চাকৰি কৰি ১৯৭০ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। এই ডিগ্ৰী লাভ কৰাৰ পিছতেই ডিফুৰ ডি এ ইউ স্কুলত শিক্ষকতা জীৱনৰ পাতনি মেলে আৰু ইয়াৰ পিছতেই ডিগবৈ মহাবিদ্যালয়, ডিব্ৰুগড়ৰ হনুমান বক্স কানৈ মহাবিদ্যালয়ত আৰু ১৯৭২ চনত দৰংমহাবিদ্যালয়ত যোগদান কৰি ২০০৭ চনত সংস্কৃত বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে। মহাবিদ্যালয়খনত অধ্যাপনা কৰি থকাৰ সময়ত শিক্ষাৰ্থীৰ মাজত প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰা শৰ্মাই মহাবিদ্যালয় সপ্তাহ, বিশ্ববিদ্যালয়ৰ যুৱ সমাৰোহ আদিত শিক্ষাৰ্থী সকলৰ বিভিন্ন প্ৰতিযোগিতা আদিত বিশেষ তৎপৰতা গ্ৰহণ কৰিছিল। আনহাতে সেইখিনি সময়তে মহাবিদ্যালয়ৰ শিক্ষক গোট আৰু অসম কলেজ শিক্ষক সন্হাৰ দৰং – শোণিতপুৰ মণ্ডলৰ সভাপতিৰ দায়িত্বত থাকি সন্হাৰ বিকাশ আৰু উত্তৰণত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। তেজপুৰৰ ভালেসংখ্যক শৈক্ষিক, সামাজিক – সংস্কৃতিক অনুষ্ঠানৰ লগতে বৰ্তমানেও দৰং মহাবিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতিৰ দায়িত্বত নিয়োজিত হৈ থকা বিশিষ্ট শিক্ষাবিদগৰাকী তেজপুৰ মহাবিদ্যালয়, ৰঙাপৰা মহাবিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সদস্যৰ লগতে লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ প্ৰতিষ্ঠাপক সদস্যৰ উপৰি দীঘলীয়া কাৰ্যকাল সদস্য হিচাপে জড়িত হৈ থাকি আটাইকেইখন মহাবিদ্যালয়ৰ শৈক্ষিক আৰু আন্তগাঁথনি উন্নয়নত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছিল । বাণ থিয়েটাৰ, তেজপুৰ সাহিত্য সভা, তৰুণ অসম সংঘ, অসমীয়া ক্লাব আদিৰ সৈতেও জড়িত শৰ্মা তেজপুৰৰ শতবৰ্ষ গৰকা আধ্যাত্মিক – সংস্কৃতিক অনুষ্ঠান কামৰূপীয় সনাতন ধৰ্ম মণ্ডলীৰ সৈতেও ওতঃপ্ৰোতভাবে জড়িত হোৱাই নহয় শতবৰ্ষ উদযাপন সমিতিৰ সভাপতিৰ লগতে মণ্ডলীৰ প্ৰাক্তন যুটীয়া সম্পাদক, কৰ্ণধাৰ সমিতিৰ সদস্যৰ লগতে বৰ্তমানেও উপদেষ্টাৰ পদত আসীন হৈ আছিল। চৰকাৰী বিভিন্ন শৈক্ষিক অনুষ্ঠানৰ পৰামৰ্শদাতা আৰু উপদেষ্টা হিচাপেও মাৰ্গদৰ্শন প্ৰদান কৰি অহা আৰু বিভিন্ন অনুষ্ঠানে সন্মান আৰু সম্বৰ্ধনা জ্ঞাপন কৰা বিশিষ্ট সংস্কৃত পণ্ডিত গৰাকীৰ সংস্কৃত বিষয়ত থকা ঈৰ্ষণীয় দক্ষতাৰ বাবেই পূজাৰ চণ্ডীপাঠ কৰা আৰু শ্লোক পৰিৱেশন কৰাত যথেষ্ট ব্যুৎপত্তি অৰ্জন কৰাৰ লগতে এগৰাকী সুবক্তা হিচাপেও সভাই সমিতিয়ে বাগ্মিতাৰ পৰিচয় দিবলৈ সক্ষম হৈছিল। অলপতে কামৰূপ সংস্কৃত সঞ্জীৱনী সমাজৰ দ্বাৰা “বিদ্যাৰত্ন” উপাধিৰে বিভূষিত সকলোতে জনপ্ৰিয় শিক্ষাবিদগৰাকীৰ অধ্যক্ষতাত গঢ়ি উঠা শৈক্ষিক অনুষ্ঠান “ইন্সপায়াৰ একাডেমী” আজি তেজপুৰৰ এখন আগশাৰীৰ শৈক্ষিক অনুষ্ঠান হিচাপে পৰিগণিত হৈছে। একেদৰে শোণিতপুৰ জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সঞ্চালক আছিল শৰ্মা। উল্লেখ্য যে, বিজেপিৰ শোণিতপুৰ জিলা সমিতিৰ প্ৰাক্তন সভাপতি হিচাপেও দলটোক মাৰ্গদৰ্শন প্ৰদান কৰা শৰ্মাই বিভিন্ন কাকত আলোচনী আৰু স্মৃতি গ্ৰন্থ আদিত মননশীল প্ৰবন্ধ ৰচনা কৰি অহা শিক্ষাবিদ গৰাকী ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা সময়ত ১৫ টাকৈ বিশেষ প্ৰবন্ধ একত্ৰিত কৰি প্ৰকাশ কৰি উলিওৱা “কিছুমান ভাল লগা কথাৰ কেইটামান ক্ষুদ্ৰ নিবন্ধ ৰূপ” শীৰ্ষক এখন গ্ৰন্থ এখন যোৱা ৯ মে’ তাৰিখে চিকিৎসক ডাঃ যদুনাথ বুঢ়াগোহাঁয়ে উন্মোচন কৰিছিল। প্ৰতিষ্ঠা লগ্নৰে পৰা নিজে অধ্যক্ষ হিচাপে থকা তেজপুৰৰ ইন্সপায়াৰ একাডেমীক এখন অতি উন্নতমানৰ শৈক্ষিক অনুষ্ঠান হিচাপে গঢ়ি তুলিবলৈ শয়নে সপোনে চিন্তা কৰা শিক্ষাবিদগৰাকীৰ পৰলোকপ্ৰাপ্তিৰ বতৰা পোৱাৰ পিছতেই আজি শোকত ভাঙি পৰে শিক্ষানুষ্ঠানখনৰ শিক্ষক – শিক্ষয়িত্ৰীৰ লগতে শিক্ষাৰ্থী আৰু পৰিচালনা সমিতিৰ বিষয়ববীয়া সকল। শিক্ষানুষ্ঠানখনতে প্ৰতিচ্ছবিত আজি শিক্ষক – শিক্ষয়িত্ৰী আৰু শিক্ষাৰ্থী সকলে শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ সময়ত ম্ৰিয়মান হৈ পৰে সকলো। মৃত্যুৰ সময়ত পত্নী দিপালী দেৱী, দুই পুত্ৰ ক্ৰমে – নীলকমল শৰ্মা আৰু চন্দ্রকমল শৰ্মাৰ লগতে দুগৰাকী বোৱাৰীসহ আত্মীয়স্বজনক এৰি যোৱা শিক্ষাবিদগৰাকীৰ নশ্বৰ দেহ আজি বিয়লি বাসগৃহ আহি পোৱাৰ পিছত মাজগাঁও ৰত্নপুৰৰ ঘৰখনৰ লগতে সমগ্ৰ তেজপুৰতে এক শোকাকুল পৰিবেশ বিৰাজ কৰে।বাসগৃহত বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱাই আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰথমেই ৰত্নপুৰ নামঘৰ পৰিচালনা সমিতিৰ তৰফৰ শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ পিছত ভাৰতীয় জনতা পাৰ্টীৰ শোণিতপুৰ জিলা সমিতিৰ তৰফৰ পৰা বিশ্বদেৱ শৰ্মা, ৰাজ্যিক মুখপাত্ৰ ঋতুবৰণ শৰ্মা, মাজগাঁও পঞ্চায়তৰ সভানেত্ৰী সীমা ৰেখা বৰুৱা, পৰ্বতীয়া জিলা পৰিষদৰ সদস্যা স্বপ্না বনিয়াৰ লগতে জিলা সমিতিৰ একাংশ বিষয়ববীয়া, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, দৰংমহাবিদ্যালয়ৰ একালৰ সতীৰ্থ ড০ ভুবনেশ্বৰ চহৰীয়া, ড০ ৰমেশ চন্দ্ৰ গোস্বামী, অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ অবনী কুমাৰ শৰ্মা, ড০ জয় শংকৰ হাজৰিকা, অৱসৰপ্ৰাপ্ত অধ্যাপক জীতেন গোস্বামী, পৰেশ গোস্বামী, মনোৰঞ্জন শৰ্মা, ড০ স্বাধীনতা মহন্তৰ লগতে অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপসভাপতি মৃগেন চন্দ্র বড়া, বাণ থিয়েটাৰৰ সাধাৰণ পৰিচালক ভূপেন শৰ্মা, সম্পাদক দ্বীজেন নাথ, নটৰাজম কলা মন্দিৰৰ সভাপতি শেখৰ বৰুৱা, তেজপুৰ সাহিত্য সভাৰ সহকাৰী সম্পাদক পল্লৱ ভট্টাচাৰ্য্য, সংস্কৃত ভাৰতী, অসমৰ কুমুদ বৰঠাকুৰ, তেজপুৰ লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী শশীপ্ৰভা দেৱী, সম্পাদিকা কাঞ্চন শইকীয়া, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী ড০ চাৰু চহৰীয়া নাথ, তেজপুৰ মৈত্ৰী সংঘৰ সম্পাদিকা প্ৰণতি বৰুৱা, মহিলা অনুষ্ঠান সমাৰোহৰ তৰফৰ পৰা মায়া শৰ্মা, শোণিতপুৰ জাতীয় বিদ্যালয়ৰ শিক্ষক, শিক্ষয়িত্ৰী আৰু শিক্ষাৰ্থী, ইন্সপায়াৰ একাডেমীৰ পৰিচালনা সমিতিৰ ৰমেন গোস্বামী, শিক্ষক – শিক্ষয়িত্ৰী আৰু শিক্ষাৰ্থীকে ধৰি অসংখ্যজনে পুষ্পাঞ্জলি অৰ্পনৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ।ইয়াৰ পিছতেই নশ্বৰ দেহ এখন পুষ্প সজ্জিত বাহনত লৈ উলিওৱা শ্ৰদ্ধাঞ্জলি যাত্ৰাৰ কালত প্ৰথমে ভাৰতীয় জনতা পাৰ্টীৰ শোণিতপুৰ জিলা সমিতিৰ কাৰ্যালয়লৈ নিয়াৰ পিছত জিলা সভাপতি বাতাচ ওৰাং, পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ উপাধ্যক্ষ তুলসী বৰঠাকুৰ, এমট্ৰণৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মাৰ লগতে যথেষ্ট সংখ্যক বিষয়ববীয়াই শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ পিছত দৰংমহাবিদ্যালয় প্ৰাংগনত অধ্যক্ষ ড০ পলাশমণি শইকীয়া, এলুমনি সন্থাৰ সভাপতি ড০ ধৰ্মেন্দ্ৰ কুমাৰ শৰ্মা, সাধাৰণ সম্পাদক ড০ মনোজ কুমাৰ হাজৰিকাৰ লগতে অধ্যাপক – অধ্যাপিকা আৰু একাংশ শিক্ষাৰ্থীয়ে শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ পিছত কামৰূপীয় সনাতন ধৰ্ম্ম মণ্ডলী প্ৰাংগনত সভাপতি শ্ৰীমন্ত ডেকাৰ লগতে অনান্য বিষয়ববীয়া আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা অতিৰিক্ত উপায়ুক্ত ৰাজ বৰুৱাই শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। ইয়াৰ পিছতেই স্হানীয় দৌলগুৰি শান্তিধামত অসংখ্য গুণমুগ্ধৰ উপস্থিতিত শেষ কৃত্য সম্পন্ন হোৱা জনপ্ৰিয় শিক্ষাবিদ, সমাজকৰ্মী তথা সংস্কৃত পণ্ডিত গৰাকীৰ পৰলোকপ্ৰাপ্তিত অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা, সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পংকজ কুমাৰ নাথ, বাণ থিয়েটাৰৰ সভাপতি – সম্পাদক ক্ৰমে বংকিম শৰ্মা, জিতুমণি দেৱচৌধুৰী তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ সভাপতি জিতেন বৰঠাকুৰ, তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ জ্যোতিকমল হাজৰিকা, , শোণিতপুৰ প্ৰেছ ক্লাবৰ সভাপতি সুভাষ চন্দ্ৰ বিশ্বাস, সম্পাদক পংকজ বৰুৱা, শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাপতি সঞ্জীৱ হাজৰিকা, সম্পাদক মনোজ কুমাৰ শইকীয়া, শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড০ ভূপেন শইকীয়া, দামোদৰ দেৱ সংঘ, সাংস্কৃতিক অনুষ্ঠান চাতকৰ সভাপতি অনিল কুমাৰ ভট্টাচাৰ্য, জনসাংস্কৃতিক পৰিষদৰ সভাপতি ৰাজু বৰুৱা, তৰুণ অসম সংঘৰ সভাপতি ৰবীন্দ্ৰ নাথ শৰ্মা, অসমীয়া ক্লাবৰ সভাপতি অৰুণা দেৱী আদিয়ে গভীৰ শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More