তেজপুৰৰ মিছন চাৰিআলিত কেতিয়া নিৰ্মাণ হ’ব উৰণীয়া সেঁতু!

0 211

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৫ ডিচেম্বৰ : তেজপুৰৰ মিছন চাৰিআলিত দিনক দিনে যানজঁটৰ সমস্যা গুৰুতৰ হৈ অহাৰ সময়ত অতি প্ৰয়োজনীয় উৰণীয়া সেঁতুখনৰ আধাৰশিলা ২০২১ৰ এক জুলাইত স্থাপনৰ পাছতেই ৰাইজ উৎফুল্লিত হৈ পৰিছিল অচিৰেই এই গুৰুত্বপূৰ্ণ পথত যানজঁটৰ সমস্যা সমাধান হ’ব বুলি ভাবি। উল্লেখযোগ্য যে,৩৭ (ক) নম্বৰ ৰাষ্ট্ৰীয় পথ আৰু ১৫ নম্বৰ ৰাষ্ট্ৰীয় পথৰ এই চাৰিআলিত এখন উৰণীয়া সেঁতুৰ বাবে ৰাইজে দীৰ্ঘদিন ধৰি অপেক্ষা কৰিছিল আৰু পৰৱৰ্তী সময়ত ১০৮ কোটি টকা ব্যয় নিৰ্দ্ধাৰণৰে এইখন উৰণীয়া সেতুৰ আধাৰশিলা স্থাপনৰ লগতে সেঁতুখন নিৰ্মাণৰ বাবে পথৰ দাঁতিৰ সহস্ৰাধিক গছ কটাৰ লগতে সেঁতু নিৰ্মাণৰ বাবে কিছু সামগ্ৰীও মজুত কৰা হৈছিল৷ কিন্তু ইয়াৰ পাছতে বিষয়টো স্থবিৰ হৈ পৰে৷ উল্লেখযোগ্য যে, সেঁতুখন নিৰ্মাণৰ ক্ষেত্ৰত তেজপুৰস্থিত সেনাৰ চতুৰ্থ ক’ৰৰ সন্মতি অতি গুৰুত্বপূৰ্ণ বিষয় আছিল য’দিও প্ৰথম অৱস্থাত সেনাৰ এই সন্মতি প্ৰক্ৰিয়া সম্পূৰ্ণ নৌহওঁতেই সেঁতুখনৰ আধাৰশিলা স্থাপন কৰা হয়৷ কিন্তু আধাৰশিলা স্থাপনৰ পাছত কামৰ অগ্ৰগতি নোহোৱাকৈয়ে বিষয়টো পৰি ৰয় আৰু এটা সময়ত নিৰ্মানৰ ঠিকা লাভ কৰা প্ৰতিষ্ঠানে ইয়াত মজুত কৰা সামগ্ৰীও আঁতৰাই নিয়াত মিছন চাৰিআলিৰ এই উৰণীয়া সেঁতুখনৰ নিৰ্মাণক লৈ সৰ্বসাধাৰণ সন্দিহান হৈ পৰে৷ এনে অৱস্থাত তেজপুৰত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে, এই উৰণীয়া সেঁতুখনৰ প্ৰকল্প অধিক বিস্তাৰ কৰা হৈছে আৰু ইয়াৰ দৈৰ্ঘ্য পূৰ্বতকৈ বৃদ্ধি পোৱাৰ লগতে ইয়াৰ ব্যয়ৰ পৰিমাণো পাঁচশ কোটি টকালৈ বৃদ্ধি কৰা হয়৷ প্ৰণিধানযোগ্য যে, মুখ্যমন্ত্ৰীৰ এনে ঘোষণাই ৰাইজক পুনৰ উৎফুল্লিত কৰে যদিও এটা কথা স্পষ্ট হয় যে তেতিয়ালৈকে সেনাৰ পৰা উৰণীয়া সেঁতুখনৰ নিৰ্মাণৰ ক্ষেত্ৰত সম্পূৰ্ণ সন্মতি লাভ কৰা হোৱা নাছিল৷ উল্লেখযোগ্য যে, দেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সুৰক্ষাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ চতুৰ্থ ক’ৰৰ মুখ্যালয় থকা মিছন চাৰিআলিত নিৰাপত্তাজনিত কাৰণতেই বিভিন্ন নিৰ্মাণকাৰ্যৰ ক্ষেত্ৰত সেনাই আপত্তি কৰি আহিছে আৰু উৰণীয়া সেঁতু নিৰ্মাণৰ ক্ষেত্ৰতো একেই বিষয় উত্থাপন হৈছে৷ অৱশ্যে শেহতীয়াকৈ পুনৰ উৰণীয়া সেতুখন নিৰ্মাণৰ বাবে নিৰ্মাতা প্ৰতিষ্ঠানে নতুনকৈ কিছু সামগ্ৰী মজুত কৰিছে৷ ইপিনে, এই সেঁতুখনৰ নিৰ্মাণৰ ক্ষেত্ৰত লেহেমীয়া গতিৰ অন্যতম কাৰণ হৈছে সেনাৰ অতি গুৰুত্বপূৰ্ণ যোগাযোগ ব্যৱস্থা৷ সেঁতুখনৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় স্থান খনন হ’লেই সেনাৰ এই যোগাযোগ ব্যৱস্থা ব্যাহত হোৱাৰ আশংকা কৰা হৈছে৷ এনে স্থলত সেনাৰ সেই যোগাযোগ প্ৰণালী নতুনকৈ আৰু আগতীয়াকৈ নিৰ্মাণ কৰি দিয়াটো অতি আৱশ্যক৷ উল্লেখযোগ্য যে, ইয়াৰ বাবে প্ৰয়োজনীয় কাম আগবঢ়োৱাৰ লগতে উৰণীয়া সেঁতু নিৰ্মাণৰ ঠিকা লাভ কৰা প্ৰতিষ্ঠানে সেনাৰ এই যোগাযোগৰ দূৰসংযোগ ব্যৱস্থা গঢ়ি দিয়াৰ বাবে আমদানি কৰা কিছু সঁজুলিৰ মান সেনাই বিচৰাৰ দৰে নোহোৱাত সেয়া নাকচ কৰাত তেনে সা-সৰঞ্জাম নতুনকৈ যোগাৰ কৰিবলগীয়া এক অৱস্থাৰ উদ্ভৱ হোৱা বুলিও এক প্ৰশাসনীয় সূত্ৰৰ পৰা জানিব পৰা গৈছে৷ উল্লেখযোগ্য যে, মিছন চাৰিআলিত যানজঁটৰ সমস্যা দিনক দিনে বৃদ্ধি পাইছে আৰু চাৰআলিৰ দুটা দিশত যাত্ৰবাহী বাছৰ আস্থান থকাত এই সমস্যা অধিক বৃদ্ধি পাইছে৷ সেনাৰ বাবে গুৰুত্বপূৰ্ণ আৰু বিত্তীয় প্ৰতিষ্ঠান আদি থকা অঞ্চলটোত দীৰ্ঘসময় ধৰি ৰখাই থোৱা বাছ আৰু টেম্পোসমূহৰ বিশৃংখল অৱস্থাই এই যানজঁট অধিক বৃদ্ধি কৰিছে৷ সম্প্ৰতি চৰকাৰী ঘোষণাৰ বিপৰীতে সেনাৰ দূৰসংযোগ ব্যৱস্থা বিকল্পৰূপত নিখুঁতভাৱে গঢ়ি নুঠালৈকে এই উৰণীয়া সেঁতুৰ নিৰ্মাণৰ কামো আশা কৰাৰ দৰে ক্ষিপ্ৰতাৰে হোৱাৰ সম্ভাৱনা প্ৰায় স্তিমিত হৈ পৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More