তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ পৰিগৃহীত গাঁও বানৰ কবলত

মহাবিদ্যালয় কৰ্তৃপক্ষৰ খাদ্য সামগ্ৰী আৰু অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান 

0 16
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২১ মেঃ  তেজপুৰৰ বিভিন্ন অঞ্চলত বানপানীয়ে জনসাধাৰণৰ স্বাভাৱিক জীৱন যাত্ৰা দুৰ্বিসহ কৰি তোলাৰ সমান্তৰাল ভাবে খাদ্য সামগ্ৰী আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিছে। এনে সমস্যাৰ মাজতেই কালি তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয় কৰ্তৃপক্ষই বান আক্ৰান্ত মহাবিদ্যালয়খনৰ পৰিগৃহীত গাঁও খোলাকুটি কলিতা গাঁৱত উপস্থিত হৈ বহুকেইটা পৰিয়ালক এনেদৰে খাদ্য সামগ্ৰী আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ টোপোলা প্ৰদান কৰে। মহাবিদ্যালয়খনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত আৰু মহাবিদ্যালয়খনৰ শাৰীৰিক শিক্ষা বিভাগৰ তত্বাৱধায়িকা বৰ্ণালী দেৱীৰ তৎপৰতাত মহাবিদ্যালয়খনৰ পৰিগৃহিত গাঁও তেজপুৰ নিকটবৰ্তী খোলাকুটি কলিতা গাঁৱৰ বান পিড়িত বাসিন্দাসকলৰ সাহায্য প্ৰদানৰ উদ্দেশ্যে এটি কাৰ্যসূচী গ্ৰহণ কৰাৰ পিছত  মহাবিদ্যালয়খনৰ সজাতি দলটি গৈ গাঁওখনত উপস্থিত হয়গৈ। মহাবিদ্যালয়খনৰ ছাত্ৰী তথা ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ সদস্যাসকলে বান পিড়িত প্ৰতিজন বাসিন্দাৰ ঘৰে ঘৰে উপস্থিত হৈ বানে কঢ়িয়াই অনা দুৰ্যোগৰ এনেদৰে বুজ লোৱাৰ লগতে আৰ্তজনক খাদ্যৰ টোপোলা প্ৰদান কৰে। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° তপন কুমাৰ কলিতা, উপাধ্যক্ষা  জ্যোৎস্না বৰা, অধ্যাপক পল্লব ভট্টাচাৰ্য্য আৰু শাৰীৰিক শিক্ষা বিভাগৰ প্ৰশিক্ষক বৰ্ণালী দেৱীয়ে ছাত্ৰীসকলক সহযোগ কৰাৰ লগতে গাঁওখনত উপস্থিত হৈ বান বিধ্বস্ত অঞ্চলটোৰ অৱস্থাৰ বুজ লয়।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More