তেজপুৰৰ “সপ্তাশ্ব” দশম “নৃত্যকল্প” অনুষ্ঠান

দৃষ্টিনন্দন শাস্ত্ৰীয় নৃত্যৰে মুখৰিত হ'ল ভূপেন হাজৰিকা কলাভূমি প্ৰাংগন

0 69

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১ এপ্ৰিল : পৰিৱেশ্য কলা, সাহিত্য আৰু সুকুমাৰ কলাৰ জৰিয়তে সমগ্ৰ বিশ্বৰ জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলোৱে যাতে নিজৰ স্বকীয় সত্তা বিচাৰি পাই সেই লক্ষ্যৰে ২০ ১১ চনৰ পৰা তেজপুৰৰ বিশিষ্ট নৃত্যশিল্পী ড০ প্ৰতিভা শৰ্মাৰ তৎপৰতাত এক আলোকসন্ধানী যাত্ৰাৰে অগ্ৰসৰ হোৱা তেজপুৰৰ অন্যতম সামাজিক – সংস্কৃতিক আৰু নৃত্যানুষ্ঠান “সপ্তাশ্ব” ৰ দশম বাৰ্ষিক শাস্ত্ৰীয় নৃত্য তথা সাংস্কৃতিক সমাৰোহৰ “নৃত্য কল্প” শীৰ্ষক অনুষ্ঠানৰ কালি প্ৰথম দিনটো তেজপুৰ ভূপেন হাজৰিকা কলাভূমি প্ৰাংগন জীপাল হৈ পৰে দৃষ্টিনন্দন অনুষ্ঠানেৰে।IMG 20230401 WA0083 সত্ৰীয়া নৃত্য, ওডিছী নৃত্য, কথক নৃত্য, ভোৰতাল নৃত্য, সুৰ সমলয়ৰ সুমধুৰ পৰিৱেশনেৰে মনোৰম হৈ পৰা এই ৰুচীশীল অনুষ্ঠানটি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই ।শোণিতপুৰ প্ৰেছ ক্লাবৰ সম্পাদক পংকজ বৰুৱাই আঁত ধৰা দৃষ্টিনন্দন অনুষ্ঠানটি উদ্বোধন কৰি শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই শুদ্ধ শৈলীৰে অভিজ্ঞ শিল্পীৰ দ্বাৰা শাস্ত্ৰীয় নৃত্য শিকি তেজপুৰৰ পৰা সুনাম কঢ়িয়াই অনাত মনোনিবেশ কৰিবলৈ ন শিকাৰু সকলক আহ্বান জনাই “সপ্তাশ্ব” দহ বছৰীয়া এনে প্ৰয়াসৰ প্ৰশংসা কৰে। ইয়াৰ মাজতে বিগত সময়ত “সপ্তাশ্ব” ৰ কাৰ্যসূচীসমূহত মাৰ্গদৰ্শন কৰি উদ্বুদ্ধ কৰা প্ৰয়াত হেমন্ত কুমাৰ বৰুৱাৰ প্ৰতিচ্ছবিৰ লগতে শশীন্দ্ৰ নাথ শৰ্মা – সবিতা শৰ্মা আৰু বিশিষ্ট শিক্ষাবিদ জিতেন্দ্ৰ কুমাৰ বৈশ্যৰ প্ৰতিচ্ছবিত সপ্তাশ্বৰ হৈ হেমন্ত কুমাৰ বৰুৱাৰ সহধৰ্মিনী হিমাদ্ৰী বৰুৱা, শৰ্মা দম্পতীৰ কন্যা আৰু জোঁৱাই ক্ৰমে ড০ প্ৰতিভা শৰ্মা – মৃদুল কুমাৰ শৰ্মা আৰু জিতেন্দ্ৰ কুমাৰ বৈশ্যৰ সহধৰ্মিনী ৰোহিনী বৈশ্যই বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উল্লেখ্য যে, দুদিনীয়া কাৰ্যসূচীৰ কালিৰ উদ্বোধনী অনুষ্ঠানতে ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা প্ৰাপক তেজপুৰৰ বিশিষ্ট অভিনেত্ৰী ডা০ জাহানাৰা বেগম, শ্ৰেষ্ঠ নৱাগত অভিনেতাৰ বঁটা লাভ কৰা জিতুমণি কলিতা আৰু” “লাচিত – বুৰঞ্জী লিখা তৰোৱাল “নাটকেৰে তেজপুৰলৈ সুনাম কঢ়িয়াই অনা নাট্যকাৰ – পৰিচালক তথা সাংবাদিক পুলক কুমাৰ ডেকাক” সপ্তাশ্ব “ৰ হৈ শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতা আৰু ৰূপকোঁৱৰৰ ভতিজা, শিল্পী অপৰূপ আগৰৱালাই একোখনকৈ আৰনাই, স্মাৰক আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে। সম্বৰ্ধনা গ্ৰহণ কৰি তিনিওগৰাকীয়ে অনুভৱ সদৰী কৰা অনুষ্ঠানৰ পিছতেই হংসজা শৰ্মা, সাৰণ্যা মহন্ত, তানজিম চুলতানা ভাৰ্গৱী পকোৱালৰ সত্ৰীয়া নৃত্যৰ আৰম্ভ হয় মনোৰম অনুষ্ঠানটি। আনহাতে, তেজপুৰৰ একাংশ ৰুচীশীল দৰ্শকৰ উপস্থিতিত এই দৃষ্টিনন্দন অনুষ্ঠানটিত “সপ্তাশ্ব” সম্পাদিকা ড০ প্ৰতিভা শৰ্মা, মায়াৰাণী বৰা, প্ৰেৰণা বৈশ্য আৰু ঈৰাণী মহন্তই মাধৱদেৱ বিৰচিত বৰগীতৰ আধাৰত পৰিৱেশন কৰা এই আকৰ্ষণীয় অনুষ্ঠানে সকলোকে মুগ্ধ কৰি তোলে। আনহাতে সাংস্কৃতিক তথা নৃত্য সমালোচক অতুল দত্ত, শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ শইকীয়া, শোণিতপুৰ প্ৰেছ ক্লাবৰ সম্পাদক পংকজ বৰুৱা, সাংবাদিক তৰুণ বৰাক বিশেষ ভাৱে সন্মান জনোৱা অনুষ্ঠানটিত তেজপুৰ বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক বিষয়া মধুস্মিতা দত্তৰ দৃষ্টিনন্দন ওডিছী নৃত্য, বিদিশা সাহা আৰু প্ৰেৰণা বৈশ্যৰ আকৰ্ষণীয় কথক নৃত্য, বিশিষ্ট সংগীতশিল্পী লিখন শৰ্মাৰ পৰিচালনাত তেজপুৰৰ “সংগীতম” ৰ শিল্পীৰ মনোৰম সুৰ সমলয় অনুষ্ঠানৰ লগতে আকৰ্ষণীয় ভোৰতাল নৃত্যৰে ভূপেন হাজৰিকা কলাভূমি প্ৰাংগন জীপাল হৈ পৰে। “সংগীতম” ৰ সুৰ সমলয়ত তবলাত অংশ গ্ৰহণ কৰে ক্ৰমে – লিখন শৰ্মা, ৰণজিৎ শৰ্মা, ভায়লিনত ক্ৰমে – ময়ূখ দেৱচৌধুৰী, সুবৰ্ণ ভূঞা, অৰুণা বৰা, অৰুণিমা চৌধুৰী আৰু সুপ্ৰিয়া চৌধুৰী আৰু চেতাৰত অংশ গ্ৰহণ কৰে ক্ৰমে – প্ৰীতম নাথ, পাপৰি দাস, মণিষা গোস্বামী, লীনা দাস, মন্দিৰা গোস্বামী আৰু মনালিছা দেৱী। সেইদৰে দৃষ্টিনন্দন ভোৰতাল নৃত্যত অংশ গ্ৰহণ কৰা শিল্পী সকল আছিল ক্ৰমে – মৈত্ৰেয়ী দাস, হৰ্ষিতা ডেকা, প্ৰতিক্ষা পৰাশৰ, জুমন হাজৰিকা, হিয়াস্মিতা ডেকা, ভাৱিকা বৰুৱা, বৃষ্টিৰূপা ডেকা, বাগেশ্ৰী শইকীয়া, ৰিক্তিকা পৰাশৰ, হংসজা শৰ্মা, ভাৰ্গৱী পকোৱাল আৰু তানিস্তা ভৰালী

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More