তেজপুৰৰ হৰ্জ্জৰ পুখুৰীৰ পাৰত আঢ়ৈশ শিল্পীৰ অভিনয়ৰে প্ৰাণ পাব “লাচিত – বুৰঞ্জী লিখা তৰোৱাল”

লাচিতৰ ৪০০ বছৰীয়া জয়ন্তী শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত  "অসম ৰেপাৰেটৰী" ৰ বৰ্ণাঢ্য আয়োজন

0 73

শব্দ – পোহৰৰ মায়াজালত ঐতিহাসিক হজৰা পুখুৰী পাৰত বিশেষ শৈলীৰে মুক্তাংগণত “লাচিত – বুৰঞ্জী লিখা তৰোৱাল”
আতন বুঢ়াগোহাঁইৰ চৰিত্ৰত অসমীয়া চলচ্চিত্ৰৰ জনপ্ৰিয় অভিনেতা প্ৰাঞ্জল শইকীয়া -জীৱন্ত হাতীত উঠি প্ৰতাপ সিংহৰ চৰিত্ৰ ৰূপায়ণ কৰিব বিধায়ক পদ্ম হাজৰিকাই
চক্ৰধ্বজ সিংহৰ ৰূপত কলাগুৰুৰ পুত্ৰ পৃথ্বিৰাজ ৰাভা

তেজপুৰৰ ঐতিহাসিক “পকী “ৰ চোতালত বিদ্বৎ সমাজৰ উপস্থিতিত সম্পন্ন হ’ল নাটমেলা

সাম্প্ৰতিক সময়ত উছৰ্গিত মনোভাৱেৰে জাতিক জগাবৰ কাৰণে প্ৰয়োজন হৈছে লাচিতৰ আদৰ্শ – প্ৰাঞ্জল শইকীয়া

নতুন প্ৰজন্মই জাতিটোক, অসমখনক ৰক্ষা কৰিবলৈ লাচিতৰ মূৰ্তি ধাৰণ কৰিব লাগিব – পদ্ম হাজৰিকা

লাচিত বৰফুকনৰ জীৱন – দৰ্শন সংপৃক্ত লেখাৰে উন্মোচিত হ’ব “কুশীলৱ”

১০ নবেম্বৰৰ পৰা শিক্ষানুষ্ঠানত “লাচিতৰ বাবে মাথো ৩০ মিনিট” শীৰ্ষক সজাগতা কাৰ্যসূচী

শতাব্দ প্ৰতিনিধি, তেজপুৰ , ১ নবেম্বৰ: অসমীয়া জাতিৰ শৌৰ্য্য – বীৰ্য্যৰ প্ৰতীক, অসম আৰু অসমীয়াৰ স্বাভিমান বীৰ লাচিত বৰফুকনৰ বীৰ গাঁথা শব্দ আৰু পোহৰৰ মায়াজালেৰে ৰাজ্যখনৰ প্ৰথিতযশা অভিনয় শিল্পীসহ আঢ়ৈশ শিল্পীয়ে মঞ্চৰ বিপৰীতে তেজপুৰৰ হজৰাপাৰৰ হৰ্জ্জৰ পুখুৰীৰ পাৰত বিশেষ শৈলীৰে মুক্তাংগণত প্ৰদৰ্শন কৰি এক ইতিহাস সৃষ্টি কৰাৰ দিশে আগবাঢ়িছে তেজপুৰৰ নাট্যানুষ্ঠান “অসম ৰেপাৰেটৰী ।উল্লেখ্য যে লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি তেজপুৰৰ নাট্যানুষ্ঠান “অসম ৰেপাৰেটৰী” এ শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত বৰ্ণাঢ্য ৰূপত হাতত লোৱা কাৰ্য্যসূচীৰ অংশ হিচাপে নয়নজ্যোতি ভট্টাচাৰ্য্যৰ বহু চৰ্চিত উপন্যাস” বুৰঞ্জী লিখা তৰোৱাল “ৰ আলমত পুলক কুমাৰ ডেকাৰ নাট্যৰূপ, পৰিকল্পনা আৰু পৰিচালনাৰে “অসম ৰেপাৰেটৰী” ৰ ১৯ আৰু ২০ নবেম্বৰত নিবেদন হ’ব লগা “লাচিত – বুৰঞ্জী লিখা তৰোৱাল” শীৰ্ষক নাটকখনৰ কালি সন্ধিয়া তেজপুৰৰ ঐতিহাসিক “পকী”ৰ চোতালত এক মাংগলিক আৰু বৰ্ণাঢ্য পৰিৱেশত “নাট মেলা” শুভাৰম্ভ হয়।তেজপুৰৰ বিভিন্ন অনুষ্ঠানৰ প্ৰতিনিধি, বিদ্বৎ সমাজৰ উপস্থিতিত স্হানীয় সত্ৰীয়া শিল্পীৰ ঘোষা পাঠ আৰু নাম প্ৰসঙ্গৰে এই মাংগলিক অনুষ্ঠান শুভাৰম্ভ হোৱাৰ পিছত বন্তি প্ৰজ্বলন কৰে নাটকখনৰ অন্যতম চৰিত্ৰ ৰূপায়ন কৰিব লগা জনপ্ৰিয় তথা বিশিষ্ট চলচিত্ৰ অভিনেতা প্ৰাঞ্জল শইকীয়া, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা, বিশিষ্ট নাট্যকাৰ পৰিচালক ঐশ্বৰ্য কাকতিয়ে।আনহাতে ইয়াৰ মাজতে বিশিষ্ট শিক্ষাবিদ তথা বাণ থিয়েটাৰৰ প্ৰাক্তন সভাপতি মহেন্দ্ৰ নাথ কেওঁট, বিশিষ্ট বুৰঞ্জীবিদ ভুবন চন্দ্র গগৈ, এমট্ৰণৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা, তেজপুৰ সাহিত্য সভাৰ সভাপতি ডঃ ভূপেন শইকীয়া,তেজপুৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক, লেখক ড° প্ৰাণজিত হাজৰিকা প্ৰবীণ অভিনেত্ৰী কল্পনা কলিতা, তৰুলতা দাস, বাণ থিয়েটাৰৰ উপ সভাপতি ভৱানন্দ দাস, অসম চৰকাৰৰ জনসংযোগ বিভাগৰ যুটীয়া সঞ্চালক জ্যোতিৰ্ময় চক্ৰৱৰ্তী, শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ শইকীয়া, উত্তৰ পশ্চিম তেজপুৰ শাখা সাহিত্য সভাৰ সম্পাদক প্ৰশান্ত দাস, বিশিষ্ট নৃত্যশিল্পী ৰুবী বৰা বৰদলৈকে ধৰি বিশিষ্ট ব্যক্তিসকলে ধূপ প্ৰজ্বলন কৰাৰ পিছত শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু অসম ৰেপাৰেটৰীৰ সভাপতি ডা০ প্ৰদীপ লহকৰে নাৰিকল ভাঙে। উল্লেখ্য যে, একাংশ শিল্পীৰ দ্বাৰা দবা, শংখৰ মংগল বাদ্যৰ মাজত এই মাংগলিক কাৰ্য সম্পন্ন হোৱাৰ পিছতেই এই বৰ্ণাঢ্য অনুষ্ঠানৰ উদ্বোধনী গীত পৰিৱেশিত হয় সমবেত ভাবে। পুলক কুমাৰ ডেকা ৰচিত, আলিম্পন চৌধুৰী সুৰাৰোপিত আৰু অমিত বড়োৱে সংগীত ব্যৱস্থাপনা কৰা উদ্বোধনী গীতটিত কণ্ঠদান কৰে ক্ৰমে – আলিম্পন চৌধুৰী, প্ৰজ্ঞানজ্যোতি পাঠক, নিৰূপম দাস, হিৰকজ্যোতি বৰা, প্ৰান্তিক কৃষ্ণণন, মণিষা চৌধুৰী আৰু ইন্দ্ৰানী তামুলীয়ে। অসম সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত অসম ৰেপাৰেটৰীৰ তৰফৰ পৰা সভাপতি ডা০ প্ৰদীপ লহকৰে আদৰণী ভাষণ দিয়াৰ লগতে শোণিতপুৰৰ উপায়ুক্তই বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ এই বৰ্ণাঢ্য আয়োজনত উঠি অহা প্ৰজন্মক লাচিতৰ জীৱন দৰ্শনেৰে পাঠেয় কৰি তোলাৰ প্ৰয়াস বুলি মন্তব্য কৰি লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী উপলক্ষে ৰাজ্য চৰকাৰে বিশেষ তৎপৰতা গ্ৰহণ কৰি কেনেদৰে অগ্ৰসৰ হৈছে সেই প্ৰসংগ সদৰী কৰে। আনহাতে নাটকখনত ব্যৱ্হৃত হ’ব লগা সংগীতৰ কিয়দাংশ উপস্থিত ৰাইজক শুনোৱাৰ মাজতে এই আয়োজনত চামিল হোৱা বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়াই লাচিতৰ বীৰ গাঁথাৰ প্ৰাসংগিকতা সদৰী কৰি সাম্প্ৰতিক সময়ৰ পৰিপ্ৰেক্ষিতত পুনৰ লাচিতৰ প্ৰয়োজন আহি পৰিছে বুলি মন্তব্য কৰে। এতিয়া আমাৰ জাতিটো বহুধা বিভক্ত হৈ পৰিছে। সেয়েহে জাতিটোত একত্ৰিত কৰি পুনৰ শক্তিশালী কৰিবৰ বাবেই লাচিতক আকৌ প্ৰয়োজন হৈছে বুলি মন্তব্য কৰি সকলোকে উছৰ্গিত মনোভাৱৰে জাতিটোক জগাবৰ বাবে লাচিতৰ প্ৰয়োজন বুলিও মন্তব্য কৰে। আনহাতে নাটক আমাৰ প্ৰাণ। নাটকে জীয়া অনুভূতিৰ কথা কয় বুলি কৈ নাটকখনত নিজে ৰূপায়ণ কৰিব লগা আতন বুঢ়াগোহাঁই চৰিত্ৰৰ সংলাপ পৰিৱেশন কৰি উপস্থিত ৰাইজক মুগ্ধ কৰে। তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাইও বক্তব্য ৰখা আৰু নাট্যকাৰ – পৰিচালক পুলক কুমাৰ ডেকাই নাটকখনৰ লগত জড়িত সকলো কুশীলৱৰে পৰিচিতি দাঙি ধৰা অনুষ্ঠানটিত নাটকখনৰ প্ৰতাপ সিংহৰ চৰিত্ৰ ৰূপায়ন কৰিব লগা চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই সাম্প্ৰতিক সময়তো অসমীয়া জাতিলৈ নামি অহা ভাবুকি – প্ৰত্যাহ্বান প্ৰতিহত কৰিব পৰাকৈ লাচিতৰ আদৰ্শেৰে সকলো অগ্ৰসৰ হোৱাৰ সময় আকৌ আহিছে বুলি মন্তব্য কৰি লাচিত বৰফুকনৰ বীৰ গাঁথা আজিৰ শিক্ষাৰ্থী সকলে জানিব লাগিব বুলি কয়। বিধায়ক হাজৰিকাই সময়ে সময়ে আমাৰ জাতিটোলৈ পৰিকল্পিত ষড়যন্ত্ৰ অব্যাহত আছে বুলি মন্তব্য কৰি নতুন প্ৰজন্মক ইয়াৰ বাবে সজাগ – সচেতন কৰি তুলিব লাগিব জাতিটোক ৰক্ষা কৰিবৰ কাৰণে বা অসমখনক ৰক্ষা কৰিবৰ কাৰণে। নতুন প্ৰজন্মই অসমখনক – জাতিটোক ৰক্ষা কৰিবলৈ লাচিতৰ মূৰ্তি ধাৰণ কৰিব লাগিব বুলি কৈ এই আয়োজন সেইবাবেই সময়োপযোগী হৈছে বুলি কৈ হাতীত উঠি নাটকখনৰ প্ৰতাপ সিংহৰ চৰিত্ৰ ৰূপায়ণ কৰিবলৈ সাজু হৈছে বুলি কয়। উল্লেখ্য যে, অসম ৰেপাৰেটৰীয়ে এই আয়োজনৰ অংশ হিচাপে শিক্ষানুষ্ঠান সমূহত “লাচিতৰ বাবে মাথো ৩০ মিনিট” শীৰ্ষক এক সজাগতামূলক কাৰ্য্যাসূচী গ্ৰহণ কৰিছে। অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বিশ্বজিৎ বড়ো সমন্বয়ক হিচাপে থাকি কেবাগৰাকীও অভিজ্ঞ সমল ব্যক্তিয়ে অহা ১০ নৱেম্বৰৰ পৰা এই সজাগতা অভিযান চলাব তেজপুৰৰ শিক্ষানুষ্ঠান সমূহত। ইয়াৰোপৰি এই আয়োজনৰ লগত সংগতি ৰাখি অসম সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক পংকজ বৰুৱা আৰু শোণিতপুৰ জিলা তথ্য আৰু জনসংযোগ বিষয়া নীনা বৰুৱা সম্পাদিত “কুশীলৱ” শীৰ্ষক এখন স্মৃতিগ্ৰন্থও উন্মোচিত হ’ব, য’ত ৰাজ্যখনৰ নিৰ্বাচিত একাংশ লেখক – লেখিকাৰ লাচিত সম্পৰ্কীয় বা লাচিত বৰফুকনৰ বীৰ গাঁথাৰ ওপৰত বিশেষ লেখা প্ৰকাশ পাব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More