তেজপুৰ কেবিনেটৰ অন্তত মুখ্যমন্ত্ৰীৰ সংবাদ মেল

0 31

ৰাজ্যৰ বিভিন্ন স্থানত দলং পথ নিৰ্মানৰ লগতে সৌৰ প্ৰকল্প: ভূমি আৱন্টন: লাচিতৰ মৈদাম আৰু আলাবৈ ৰণৰ স্মাৰকৰে সজোৱাৰ প্ৰস্তাৱ:

শতাব্দ  প্ৰতিনিধি তেজপুৰ, ১১জুন: “বাকী মন্ত্ৰী সকলৰ কামৰ মূল্যায়ন হোৱাৰ পূৰ্বে মোৰ কামৰ মূল্যায়ন হ’ব লাগিব।মোৰ কামৰ মূল্যায়ন নেতৃত্বই কৰিব।উপযুক্ত সময়ত ময়ো মন্ত্ৰী সকলৰ কামৰ মূল্যায়ন কৰিম।এতিয়া মন্ত্ৰী সকলৰ দায়িত্ব বৃদ্ধি পাইছে।”তেজপুৰত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ পাছত সংবাদ মাধ্যমক সম্বোধন কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়।কেবিনেট বৈঠক সমাপ্তিৰ পাছতে মুখ্যমন্ত্ৰীয়ে সংবাদমেল যোগে আজিৰ কেবিনেটে গ্ৰহণ কৰা প্ৰস্তাৱ সমূহৰ বিষয়ে প্ৰকাশ কৰে।ড° শৰ্মাই দিছপুৰৰ বাহিৰত তেজপুৰত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকখন চতুৰ্থ বৈঠক বুলি প্ৰকাশ কৰি লগতে কয় যে এইপৰ্যন্ত ৰাজ্য চৰকাৰখনৰ ৫০খন বৈঠক অনুষ্ঠিত হৈছে আৰু দিছপুৰৰ বাহিৰত ধেমাজি,বঙাইগাঁও আৰু হাফলঙৰ পিছতে তেজপুৰত কেবিনেট বৈঠক অনুষ্ঠিত হয়।তদুপৰি জুলাইত শিলচৰত আৰু আগষ্টত কোকৰাঝাৰত ৰাজ্য চৰকাৰৰ কেবিনেট অনুষ্ঠিত হ’ব বুলি তেওঁ মন্তব্য কৰে।আনহাতে আজিৰ কেবিনেটক ঐতিহাসিক আখ্যা দি মুখ্যমন্ত্ৰীয়ে আজি কেবিনেটত গৃহীত প্ৰস্তাৱ সমূহ সদৰী কৰে।তেওঁ কয় যে,বৰ্তমানলৈকে অনুষ্ঠিত কেবিনেট সমূহত লোৱা সৰ্বমুঠ সিদ্ধান্তৰ সংখ্যা হৈছে ছয়শ আৰু আজিৰ কেবিনেটত এই ছয়শ সিদ্ধান্ত কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত কিমান দূৰ আগবঢ়া হ’ল তাৰ সমীক্ষা কৰিবলৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নেতৃত্বত এখন কেবিনেট কমিটি গঠন কৰি দিয়া হৈছে আৰু এই কমিটিয়ে অহা কেবিনেটত ছয়শ সিদ্ধান্তৰ ভিতৰত কিমানখিনি কাৰ্যকৰী হৈছে সেই বিষয়ে জনাব।উল্লেখযোগ্য যে,মুঠ ১৯জনীয়া মন্ত্ৰী সভাৰ ভিতৰত ১৬জন মন্ত্ৰী উপস্থিত আছিল আজিৰ কেবিনেটত।মন্ত্ৰী পিযুষ হাজৰিকা আৰু তেজপুৰৰ সাংসদ পল্লৱলোচন দাসক লগত লৈ সংবাদমেলত মুখ্যমন্ত্ৰী ড° শৰ্মাই আজিৰ কেবিনেটৰ সিদ্ধান্ত সমূহৰ বিষয়ে ঘোষণা কৰি কয় যে,ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা ভূমি আবন্টনৰ কাৰনে চৰকাৰৰ হাতলৈ বহু প্ৰস্তাৱ আহে আৰু এই প্ৰস্তাৱ সমুহ এটা এটাকৈ নিস্পত্তি হওঁতে বহু সময লাগে । ১৯৯২ চনত শোণিতপুৰৰ উপায়ুক্তই দিছপুৰলৈ প্ৰেৰণ কৰা ভূমিৰ আবন্টনৰ প্ৰস্তাৱ আজিলৈকে চৰকাৰৰ ঘৰত অনুমোদন হোৱা নাছিল । বিশেষকৈ দুখীয়া মানুহ দিছপুৰলৈ আহি এইক্ষেত্ৰত কাম কৰাৰ বাবে কোনো সুবিধা নাছিল বুলি উল্লেখ কৰে ড° শৰ্মাই প্ৰকাশ কৰে যে আজি তেনেধৰনৰ ১০৩৭ প্ৰস্তাৱত কেবিনেটে অনুমোদন দিয়ে । তদুপৰি অহা কেবিনেটত যিমান এন জি অৰ আদিৰ প্ৰস্তাৱ আছিল সেইবোৰো চোৱা হ’ব বুলি প্ৰকাশ কৰি তেওঁ কয় যে, ভূমি আৱণ্টনৰ ব্যক্তিগত ১০৩৭প্ৰস্তাৱৰ ভিতৰত কামৰূপ মহানগৰৰ ৪১০ টা ,শোণিতপুৰৰ ১৯০ টা ,ডিব্ৰুগড়ৰ ১১৭ টা , তিনিচুকীয়াৰ ৮৪ টা , ধেমাজিৰ ৫৮ টা , লখিমপুৰৰ ৩৯ টা , যোৰহাটৰ ৩৯ টা , ধুবুৰীৰ ২৯ টা , বঙ্গাইগাঁৱৰ ১৮ টা , গোলাঘাটৰ ১২ টা , দৰঙৰ ন টা , হোজাইৰ সাতটা , গোৱালপৰাৰ সাতটা , বিশ্বনাথৰ ছটা , মৰিগাঁৱৰ চাৰিটা, বৰপেটাৰ তিনিটা ,কামৰূপ(গ্ৰাম্য) তিনিটা আৰু কাছাৰৰ

দুটা প্ৰস্তাৱত কেবিনেটে অনুমোদন জনায় ।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ভূমিৰ আবন্টন পোৱা লোক সকলে সেই দিনাৰ নিৰিখত মাটিৰ প্ৰিমিয়াম দিব যিদিনাখন উপায়ুক্তই প্ৰস্তাৱটোত চহী কৰিছিল।সেই অনুসৰি ভূমিৰ আৱণ্টন পোৱা সকলে ২০ বছৰ আগৰ নিৰিখতে ধন আদায় দিব লাগিব আজিৰ নিৰিখত নহয় বুলিও তেওঁ স্পষ্ট কৰি দিয়ে । মিছন সদভাৱনা কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত এইটো এটা ডাঙৰ পদক্ষেপ আৰু দিছপুৰত সেইমতে ৰাজহ বিভাগৰ প্ৰায় ৩০ শতাংশ খালী হৈ গল বুলিও মুখ্যমন্ত্ৰীয়ে কয়।আনহাতে, আজিৰ তেজপুৰ কেবিনেটত এখন অধ্যাদেশ জাৰী কৰিবলৈয়ো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে, চাহ বাগিছা সমূহৰ অৱ্যবহৃত ভূমিত যদি চাহ বাগিছাৰ গৰাকীয়ে অগৰকে ধৰি আন গছৰ খেতি, সৌৰশক্তি প্ৰকল্প স্থাপন কৰিব বিচাৰে, অথবা চাহ পৰ্যটনৰ কিবা পদক্ষেপ লব খোজে তেনেকুৱা পদক্ষেপ লব পাৰিব। অৱশ্যে সেই মাটি বাগিছাৰ সৰ্বমুঠ মাটিতকৈ পাঁচ শতাংশৰ অধিক হব নোৱাৰে বুলিও তেওঁ কয়। তাত কোনো অধিগ্ৰহন বা কোনোবাই বেলেগে নহয় বুলিও তেওঁ উল্লেখ কৰে।ড° শৰ্মাই কয় যে তেনে চাহ বাগিছাৰ গৰাকীয়ে চাহ গছৰ লগত অগৰ গছ ,জালুকৰ গছ , পুখুৰী খান্দিব পাৰিব অথবা সৌৰ শক্তি উৎপাদন কৰিব পাৰিব । কিন্তু এনে কাম চাহ গছ থকা ঠাইত নহয় আৰু তাৰ কাৰণে এখন চিলিং এক্ট সংশোধন কৰা হব।ইয়াৰ দ্বাৰা চাহ শ্ৰমিক সকল সুৰক্ষিত হ’ব বুলিও তেওঁ কয়।ইপিনে আজিৰ কেবিনেটত বৰ্তমানৰ পৰা পৌৰ নিগম নিকায়ত মুখ্য কাৰ্যবাহী সদস্য ,গাণনিক বিষয়া আৰু অভিযন্তাজন চৰকাৰে নিয়োগ কৰাৰ এক প্ৰস্তাৱ গ্ৰহণ কৰা হয়।এই তিনিওজনৰে ৰাজ্যত বদলিৰ ব্যৱস্থা হব আৰু তেওঁলোকৰ দৰমহা পৌৰ নিগম নিকায়ৰ সলনি চৰকাৰে দিব।ইয়াৰ দ্বাৰা অসম পৌৰ নিগম নিকায় হিচাপে এটা নতুন কেডাৰ সৃষ্টি হ’ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।আনহাতে আমগুৰিত ৭৫ মেগাৱাটৰ এটা সৌৰ প্ৰকল্পৰ উদ্বোধন হৈছিল আৰু সেই অনুসৰি ওদালগুৰি ,চামগুৰি আৰু বৰাক উপত্যকাকে ধৰি সমগ্ৰ ৰাজ্যত আৰু এশ মেগাৱাট সৌৰ শক্তি উৎপাদন হৈ আছে যিটো অহা মাহত উদ্বোধন হব বুলি প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে, এইক্ষেত্ৰত ৰাজ্য চৰকাৰে অসম সৌৰ শক্তি প্ৰকল্পৰ ক্ষেত্ৰত এক বৃহৎ শক্তি বিচাৰে আৰু সেয়ে আজি ভাৰত চৰকাৰৰ এটা সংগঠনৰ লগত যুটীয়া ভাৱে এটা কোম্পানী গঠনৰ সিদ্ধান্ত লোৱা হৈছে আৰু ইয়াৰ জৰিয়তে ৰাজ্যত এহেজাৰ মেগাৱাটৰ নতুনকৈ সৌৰ শক্তি উৎপাদন কৰ হব । প্ৰায় পাঁচ হাজাৰ কোটি টকা বিনিয়োগেৰে ৰাজ্য চৰকাৰৰে গঠিত এটা যুটীয়া কোম্পানীয়ে এহেজাৰ মেগাৱাট অতিৰিক্ত সৌৰ শক্তি উৎপাদন কৰাৰ লগে লগে অসম বিদ্যুতৰ ক্ষেত্ৰত স্বনিৰ্ভৰশীল হৈ উঠিব বুলি কয় মুখ্যমন্ত্ৰী ড° শৰ্মাই।আজিৰ কেবিনেটত এই প্ৰস্তাৱ গ্ৰহণ কৰা হয় বুলিও তেওঁ কয়।ৰাজ্যৰ বিভিন্ন চৰকাৰী ভূমিত এই কাম কৰা হব আৰু ডিমা হাচাওত ইতিমধ্যেই পাঁচ হেজাৰ ভূমি ৰাজ্য চৰকাৰে কাউঞ্চিলৰ পৰা লাভ কৰিছে বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে।তদুপৰি, স্মাৰ্ট মিটাৰ বহুওৱা , ট্ৰেঞ্চফৰ্মাৰবোৰ নতুনকৈ সুসজ্জিত কৰা আৰু বিদ্যুৎ পৰিবাহী তাঁৰবোৰত দুৰ্ঘটনা কম হব পৰা আদি বিষয়তো বিনিয়োগ কৰাৰ বাবে আঠ হেজাৰ ৭২৭ কোটি টকাৰ অনুমোদন কৰা হৈছে আৰু এপিডিচি’এলে ইয়াক ৰূপায়ন কৰিব বুলিও কয় ড° শৰ্মাই। ইপিনে

গৰুখুটি প্ৰকল্পৰ বিষয়েও কেবিনেটত গ্ৰহণ কৰা প্ৰস্তাৱৰ বিষয়ে প্ৰকাশ কৰি তেওঁ কয় যে,এই প্ৰকল্পত এ চি এছ বিষয়াৰ নেতৃত্বত এজন অধ্যক্ষ থাকিব আৰু ই এক স্থায়ী প্ৰকল্প হব বুলি কৈ লগতে ড° শৰ্মাই কয় যে গৰুখুটি প্ৰকল্পৰ অধ্যক্ষজন মুখ্যমন্ত্ৰীয়ে নিযুক্তি দিব পাৰিব।ইপিনে আজিৰ কেবিনেটত ঐতিহ্যমণ্ডিত বটদ্ৰৱা থানৰ উন্নয়নৰ বাবেও দ্বিতীয় কিস্তিৰ ১০৮ কোটি ধনৰ অনুমোদন দিয়ে।তদুপৰি, ছহিদ কুশল কোঁৱৰক ফাঁচি দিয়া যোৰহাট কাৰাগাৰক এক স্মৃতি উদ্যানলৈ ৰূপান্তৰ কৰাৰ বাবে কেবিনেটে ১৩৪.৯১ কোটি টকাৰ অনুমোদন দিয়ে । ইপিনে জাতীয় বীৰ লাচিত বৰফকুনৰ সমাধিক্ষেত্ৰ নতুনকৈ নিৰ্মাণ কৰাৰ বাবে ১৪৯ কোটি টকাৰ অনুমোদন দিয়ে কেবিনেটে ।ইয়াতে লাচিত বৰফুকনৰ এটা ১৫০ ফূট উচ্চতাৰ প্ৰতিমুৰ্ত্তিও নিৰ্মাণ কৰা হব আৰু লাচিত বৰফুকনৰ চাৰিশ সংখ্যক জন্মজয়ন্তী উপলক্ষে আলাবৈ আৰু লাচিত সমাধি নিৰ্মাণৰ কাম ৰাজ্য চৰকাৰে হাতত লৈছিল । উল্লেখযোগ্য যে আলাবৈ ৰণৰ স্মৃতিত ইয়াত এক এশ ফুট দৈৰ্ঘৰ হেংদাং স্মাৰক হিচাপে নিৰ্মাণ কৰা হ’ব।এই প্ৰকল্পৰ বাবে ৰাজ্য চৰকাৰে ব্যয় কৰিব ১৫০কোটি টকা।আজিৰ কেবিনেটত ৰাজ্যত অমৃত সৰোবৰ আঁচনিৰ অধীনত মুখ্যমন্ত্ৰীৰ গ্ৰাম্য যোজনাৰ পৰা ৩৫০কোটি টকাৰ অনুমোদন দিছে বুলিও সংবাদমেলত কয় মুখ্যমন্ত্ৰীয়ে।তদুপৰি আজিৰ কেবিনেটত ঘুনাসুঁতিৰ পৰা লখিমপুৰ আৰু ঢকুৱাখনাৰ মাজত এখন দলং নিৰ্মাণৰ বাবে কেবিনেটে ৩৮৩ কোটি টকাৰ অনুমোদন জনোৱাৰ বিষয়ে প্ৰকাশ কৰি তেওঁ কয় যে এই দলংখন নিৰ্মাণ হ’লে লখিমপুৰ আৰু ঢকুৱাখনাৰ মাজৰ পথৰ দূৰত্ব ৩৫ কিলোমিটাৰলৈ হ্ৰাস পাব।

বাক্সা আৰু বৰমাৰ মাজতো এখন দলং নিৰ্মাণ কৰা হ’ব আৰু ইয়াৰ বাবে ২৪৭ কোটি কেবিনেটে অনুমোদন কৰাৰ কথা দোহাৰি তেওঁ লগতে কয় ।

আজিৰ কেবিনেটত তেজপুৰৰ উন্নয়নৰ ক্ষেত্ৰতো আশাব্যঞ্জক প্ৰস্তাৱ গ্ৰহণ কৰা হয়।সেই অনুসৰি,তেজপুৰৰ মিছন চাৰিআলিৰ উৰণীয়া সেতুৰ নিৰ্মাণৰ বাবে চৰকাৰে বাজেটৰ পৰিমাণ ৪৭৪ কোটিলৈ বৃদ্ধি কৰাৰ বিষয়ে উল্লেখ কৰি লগতে কয় যে সেতুৰ দৈৰ্ঘ নিকামূলৰ সেনা চিকিৎসালয় পৰ্যন্ত বৃদ্ধি পাব।সেনাই দিয়া পৰামৰ্শৰ বাবেই সেঁতুখনৰ কেতবোৰ দিশ নতুনকৈ অন্তৰ্ভুক্ত কৰিবলগীয়া হয় আৰু এইখনেই ৰাজ্যৰ সবাটোকৈ অধিক খৰচৰ উৰণীয়া সেতু হব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।আনহাতে,তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰ পুনৰ নিৰ্মাণৰ বাবে চাৰে চাৰি কোটি টকাৰ অনুমোদন দিছে বুলি সদৰী কৰে মুখ্যমন্ত্ৰীয়ে । তদুপৰি তেজপুৰৰ মৰাভৰলী নদীক নতুনকৈ খান্দি সৌন্দৰ্যবৰ্দ্ধনৰ বাবে জলসম্পদ বিভাগক কেবিনেটে ১৫ কোটি টকাৰ অনুমোদন দিয়াৰ লগতে তেজপুৰৰ বৰপুখুৰীৰ সৌন্দৰ্যবৰ্দ্ধনৰ বাবেও ১৬ কোটি টকাৰ অনুমোদন দিয়াৰ কথা ড° শৰ্মাই প্ৰকাশ কৰে। ইপিনে,তেজপুৰ জিলা কাৰাগাৰখন চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কল্ডাৰ ঘাটলৈ নিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তাৰ বাবে ৭০ বিঘা ভূমিৰ আবন্টন দিয়া হৈছে । তদুপৰি বৰ্তমানৰ কাৰাগাৰখনত এহেজাৰ লোক বহিব পৰাকৈ জ্যোতি, বিষ্ণু আৰু ফণী শৰ্মাৰ নামেৰে এটা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰাৰ লগতে ইয়াৰ ৬৪বিঘা ভূমিত আন নিৰ্মাণো কৰা হ’ব। লগতে আন আৰু উপাদানো থাকিব আৰু অহা ছমাহৰ ভিতৰতে কাৰাগাৰখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হব বুলি কয় মুখ্যমন্ত্ৰীয়ে।ইপিনে,পকীৰ উন্নয়নৰ বাবে সাংস্কৃতিক বিভাগক তেজপুৰৰ ৰাইজৰ স’তে কথা পাতি এটা প্ৰকল্প প্ৰস্তুত কৰাৰ বাবেও পদক্ষেপ লৈছে চৰকাৰে। ইপিনে সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে ডুলু চাহ বাগিছাত উচ্ছেদ নহয়,ভূমিহে অধিগ্ৰহণ হোৱা বুলি দাবী কৰি কয় যে,ইয়াৰ বাবে চাহ বাগিছাৰ গৰাকী,চাহ শ্ৰমিক সংগঠন আদিৰ স’তে আলোচনা হৈছিল আৰু এয়া তেওঁলোকৰ সন্মতি সাপেক্ষেই হোৱা বুলিও তেওঁ কয়।তদুপৰি,ভূমি অধিগ্ৰহণৰ বিপৰীতে ইয়াৰ চাহশ্ৰমিক সকলকো একলাখ টকাকৈ আদায় দিয়া হৈছিল বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰি লগতে কয় যে,সেই স্থানত এটা গ্ৰীণ এয়াৰপৰ্টেই স্থাপন হ’ব।তেওঁ লগতে যি সকলে ইংৰাজী বুজি নাপাই তেওঁলোকৰ প্ৰতি পুতৌ জন্মে বুলি কটাক্ষ কৰি কয় যে,বিমান বন্দৰৰ বাবে প্ৰস্তাৱ দাখিল কৰাৰ সময়ত ভূমিৰ কথা উল্লেখ কৰিব লাগিব।আনহাতে যোৰহাটৰ পৰা ৰাষ্ট্ৰীয় পথৰ শোচনীয় অৱস্থা শীঘ্ৰেই দূৰ হ’ব বুলিও মুখ্যমন্ত্ৰী ড° শৰ্মাই প্ৰকাশ কৰে।উল্লেখযোগ্য যে,আজিৰ কেবিনেটত নৱ নিযুক্ত মন্ত্ৰী নন্দিতা গাৰ্লোচাই অংশ গ্ৰহণ কৰাৰ বিপৰীতে আনজন নতুন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু অশোক সিংঘাল ত্ৰিপুৰাত থকাৰ বাবে উপস্থিত নাছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More