তেজপুৰ চহৰৰ পৰা ৰহস্যজনক ভাৱে নিৰুদ্দেশ শিক্ষক 

0 6

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ২ জুনঃ তেজপুৰৰ নিকটৱৰ্তী শ’লমৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক এগৰাকী আজি দুপৰীয়াৰ পৰা ৰহস্যজনক ভাৱে নিৰুদ্দিষ্ট হৈ পৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।এই সন্দৰ্ভত পৰিয়ালৰ লোকৰ পৰা জানিব পৰা মতে নিজ হলেশ্বৰ নিবাসী গণেশ হাজৰিকা নামৰ শ’লমৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক গৰাকী আন দিনাৰ দৰে আজিও বিদ্যালয়ত উপস্থিত হৈ ১২ বজাৰ মধ্যাহ্ন বিৰতিলৈকে স্কুলতে থকাৰ পিছত ঔষধ কিনিবলৈ থকা বুলি তেজপুৰ চহৰলৈ বিদ্যালয়ৰ পৰা ছুটী লৈ আহে। চহৰত উপস্থিত হৈ কুমাৰ গাঁৱত থকা বায়েকৰ ঘৰত সোমাই আৰু বায়েকৰ ঘৰতে নিজৰ স্কুটিখন থৈ দোকানলৈ ঔষধ কিনিবলৈ যাওঁ বুলি প্ৰায় দুপৰীয়া ১ বজাত ওলাই যোৱাৰ পিছৰ পৰা সন্ধানহীন হৈ পৰে। নিজৰ মোবাইল ফোনটোও স্কুটিৰ দিকিত ভৰাই নিৰুদ্দিষ্ট হৈ পৰা ৫৫ বছৰীয়া গণেশ হাজৰিকা নামৰ শিক্ষক গৰাকীৰ কোনো লোকে সন্ধান পালে 6026931390 / 7577894948 / 9954041925 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More