তেজপুৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনিয়মীয়া কৰ্মচাৰী আৰু ঠিকাদাৰ ফাৰ্মৰ বিয়াগোম জালিয়াতি

অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য অভিযন্তাৰ স্বাক্ষৰ জালিয়াতিৰে ভুৱা প্ৰমাণপত্ৰ প্ৰদান

0 12

শতাব্দ প্ৰতিনিধি ,তেজপুৰ,২১জুন: তেজপুৰস্থিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এজন অনিয়মীয়া কনিষ্ঠ অভিযন্তাই এটা ঠিকাদাৰ প্ৰতিষ্ঠানক কোনো কাম নকৰাকৈয়ে প্ৰায় এক কোটি ৬২লাখ টকাৰ কাম তেজপুৰত সম্পূৰ্ণ কৰাই নহয়,সেই ধন আদায় পোৱা বুলি প্ৰমাণ পত্ৰ দিয়া আৰু ইয়াৰ বাবে তেজপুৰস্থিত উত্তৰ অসম সংমণ্ডলৰ বিভাগীয় অতিৰিক্ত মুখ্য অভিযন্তাৰ স্বাক্ষৰ জাল কৰাৰ গুৰুতৰ ঘটনা পোহৰলৈ আহিছে। তথ্য অনুসৰি,তেজপুৰৰ ২০২১ৰ ২৬ ফেব্ৰুৱাৰীৰ ৱৰ্ক অৰ্ডাৰৰ বিপৰীতে তেজপুৰৰ কুণ্ডাৰ বাৰীত জলজীৱন মিছনৰ অধীনত ৰূপায়িত প্ৰকল্পৰ ৬০হেজাৰ লিটাৰৰ টেংকি তথা পাম্পহাউচকে ধৰি পকী পথ,দেৱাল আদি নিৰ্মাণৰ কাম যোৱা তিনি অক্টোবৰত সম্পূৰ্ণ কৰা আৰু ইয়াৰ বিপৰীতে এই কাম কৰা গুৱাহাটী মালিগাঁৱৰ সিং ইনফ্ৰা কনচট্ৰাকচন নামৰ ফাৰ্মক এক কোটি ৬২লাখ ৩৭হেজাৰ টকা আদায় দিয়া বুলি এই ঠিকাদাৰ ফাৰ্মক যোৱা দুই ডিচেম্বৰত এখন প্ৰমাণ পত্ৰ দাখিল কৰা হয়। কিন্তু ৰহস্যজনক ভাবে তেজপুৰ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ অধীনস্থ এই কামৰ প্ৰমাণপত্ৰ যিটো ঠিকাদাৰ ফাৰ্মক দিয়া হ’ল সেই ফাৰ্মে কুণ্ডাৰবাৰীৰতো বাদেই তেজপুৰত ক’তো কাম কৰা নাই আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কোনো কামেই তেজপুৰত আৱণ্টন পোৱা নাছিল। প্ৰকৃততে এই ঠিকা তেজপুৰৰ কৌশিক শইকীয়াই লাভ কৰিছিল আৰু তেওঁৰ লগতে জনৈক কুমাৰ নামৰ এজন ঠিকাদাৰে টেংকি নিৰ্মাণ কৰিছিল। বৰ্তমানেও শইকীয়াই এই বিল লাভ কৰা নাই। ইপিনে এই প্ৰমাণপত্ৰ জালিয়াতিৰ ঘটনা পোহৰলৈ অহাৰ উপৰি এই ভূৱা প্ৰমাণপত্ৰ সংগ্ৰহ কৰা ঠিকাদাৰ ফাৰ্মে গুৱাহাটীত ৰে’ল বিভাগৰ ঠিকা লাভৰ বাবে ব্যৱহাৰ কৰে। ইপিনে ৰে’ল বিভাগে তেজপুৰৰ জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ স’তে এই প্ৰমাণ পত্ৰ সন্দৰ্ভত জানিবলৈ বিচৰাত জোলোঙাৰ মেকুৰী ওলাই পৰাই নহয় এয়া এক জালিয়াতি বুলি স্পষ্ট হয়। উল্লেখযোগ্য যে,ইতিমধ্যেই অৱসৰপ্ৰাপ্ত এজন অতিৰিক্ত মুখ্য অভিযন্তাৰ স্বাক্ষৰ নকল কৰি এই প্ৰমাণপত্ৰ তেজপুৰৰ কাৰ্যলয়টোতে অনিয়মীয়া ভাবে কৰ্মৰত এজন কনিষ্ঠ অভিযন্তাই যোগান ধৰিছিল অভিযুক্ত ঠিকাদাৰ ফাৰ্মখনক ।এই গুৰুতৰ কাৰ্য সংঘটিত কৰি ধৰা পৰাত এইজন কনিষ্ঠ অভিযন্তাই লিখিত ভাবে এনে ভুল ভৱিষ্যতে নকৰাৰ প্ৰতিশ্ৰুতিৰে ক্ষমা খোজে বুলিও বিভাগীয় সূত্ৰই প্ৰকাশ কৰিছে। আনহাতে,আজি এই ভূৱা প্ৰমাণপত্ৰ ঠিকাদাৰ ফাৰ্মক দিয়া ঘটনাটো সত্যতা স্বীকাৰ কৰি তেজপুৰ জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাই লগতে এই বিষয়ে ইতিমধ্যেই কৰ্তৃত্বশীল পক্ষক অৱগত কৰা বুলিও প্ৰকাশ কৰে। আনহাতে,পূৰ্বৰ অতিৰিক্ত মুখ্য অভিযন্তাৰ স্বাক্ষৰ জাল কৰা অনিয়মীয়া কৰ্মচাৰীজনে এইপৰ্যন্ত একেটা কাৰ্যালয়তে চাকৰি কৰি আছে। সম্প্ৰতি জালিয়াতিৰ আশ্ৰয় লোৱা কৰ্মচাৰীজনৰ স্বাৰ্থত বিষয়টো গাঁপ দিয়াৰো চেষ্টা চলোৱা হৈছে বুলি অভিযোগ উঠিছে। ইপিনে এই বিষয়ে ৰে’ল বিভাগো জ্ঞাত হোৱাৰ বিপৰীতে অভিযুক্ত ঠিকাদাৰ ফাৰ্মখনৰ বিৰুদ্ধে এই পৰ্যন্ত ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More