তেজপুৰ জয়মতী পথাৰত চিপিআই(এম)ৰ জনসভাঃ চাৰি জিলাৰ মৰ্যাদা কৰ্তনৰ বিৰোধিতা

0 14

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৫ জানুৱাৰীঃ ২০২৬ ত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে দেশৰ লোকসভাত সিদ্ধান্ত গ্ৰহন কৰাৰ পিছত ২০০১ৰ লোক পিয়লৰ আধাৰত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে চৰকাৰে গ্ৰহন কৰা সিদ্ধান্ত আৰু ৰাজ্যচৰকাৰে ৰাজ্যৰ চাৰিখন জিলা বিলুপ্তিকৰণৰ তীব্ৰ বিৰোধিতা কৰিছে চি পি আই এম দলে। আজি তেজপুৰৰ জয়মতী পথাৰত আয়োজিত এখন জনসভাত চি পি আই (এম) দলৰ সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে মুখ্য অতিথি হিচাবে অংশ গ্ৰহন কৰি চৰকাৰৰ এনে সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে। তেওঁ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক মিছলীয়া আখ্যা দি কয় যে বানত ককবকাই থকা ৰাইজক সকাহ দিয়াৰ বাবে শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰৰ বুকু ড্ৰেজাৰৰে খান্দি দুয়োপাৰে এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰিব বুলি ঘোষণা কৰি ৰাজ্যৰ সৰ্বসাধাৰণক আভুৱা ভাৰিলে।বিধায়ক তালুকদাৰে কয় যে এক্সপ্ৰেছ হাইৱে নিৰ্মাণ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ কোনো প্ৰস্তাৱ নাছিল। ইফালে বছৰি বানত ৰাজ্যৰ কৃষক সকলে সন্মূখীন হোৱা সমস্যাৰ কথা সদৰি কৰি বিধায়ক গৰাকীয়ে বানত ইতিমধ্যে ৰাজ্যখনৰ ৩২লাখ বিঘাতকৈ অধিক ভূমি  ব্ৰহ্মপুত্ৰ আৰু আন নদীত জাহ গৈছে বুলি মন্তব্য কৰি তেওঁ আৰু কয় যে, নিৰ্বাচনৰ পূৰ্বে আন আন ৰাজনৈতিক দলৰ লগতে বিজেপি দলেও বান সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষনাৰ দাবী উত্থাপন কৰিছিল যদিও ক্ষমতা দখলৰ পিছতে উক্ত দাবী বিজেপিয়ে উপেক্ষা কৰিছে৷ বান সমস্যা সমাধান কল্পে চিপিআই এমে মাথাউৰি সমূহ পকীকৰণৰ কৰি স্থায়ী সমাধান কৰাৰ দাবী তুলিছিল যদিও সেয়া হৈ নুঠিল বুলিও ক্ষোভ প্ৰকাশ কৰে চিপিআইএমৰ বিধায়কজনে। বৰ্তমান ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকো ক্ষুৰধাৰ সমালোচনা কৰি তেওঁ কয় যে, ৰাজ্য চৰকাৰে সম্প্ৰতি জন বিৰোধী নীতি গ্ৰহণ কৰিছে৷ বৰ্তমান ৰাজ্যৰ ২৩লাখ পঞ্জীভুক্তসহ চল্লিশ লাখ নিবনুৱাৰে ভাৰাক্ৰান্ত অসমত উদ্যোগ স্থাপন কৰিব লাগে৷ বিধায়ক তালুকদাৰে আৰু কয় যে,
ৰাজ্য চৰকাৰে সম্প্ৰতি বহু শ কোটি টকীয়া ব্যক্তিগত হিতাধিকাৰীৰ আচনি গ্ৰহন কৰি আহিছে য’দিও ৰাজ্যৰ দুটাকৈ কাগজ কল পুনৰ কাৰ্যক্ষম কৰাৰ বাবে কিন্তু কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই৷অথচ এই কাগজকল দুটাৰ পুণৰ উজ্জীৱিত কৰাৰ বাবে কিন্তু সিমান পুজিৰ প্ৰয়োজন নহয় বুলি উল্লেখ কৰি বিধায়ক তালুকদাৰে লগতে কয় যে,কাগজ কল দুটা পুণৰোজ্জীৱিত কৰিলে নিৱনুৱা সংস্থাপনৰ বাট মুকলি হলহেঁতেন।চিপিআইএমৰ বিধায়কজনে কৃষক আৰু বান সমস্যাৰ স্থায়ী সমাধান নহলে ৰাজ্যৰ কৃষি অৰ্থনীতি ধ্বংস হৈ যাব বুলি উল্লেখ কৰি লগতে কয় যে, বৰ্তমান ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ধানৰ মূল্যই একাংশ দালালকহে লাভাম্বিত কৰিব।ইয়াৰ কাৰণ উল্লেখ কৰি তেওঁ কয় যে, কিয়নো আধিয়াৰৰ কৃষকৰ নিজা মাটিৰ কাগজ নাই আৰু আনফালে বজাৰত বেপাৰীয়ে ধান ক্ৰয় নকৰাৰ ফলত ধানৰ মূল্য হ্ৰাস পাবলৈ ধৰিছে ৷ দলটোৰ জ্যেষ্ঠ নেতা তথা চিপিআই(এম)ৰ ৰাজ্যিক সদস্য ৰবীন তামুলীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত প্ৰতিবিধ সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে তথা মজুৰি, মাটি, শিক্ষা, কৰ্ম্ম সংস্হাপনৰ অধিকাৰ ৰক্ষা , প্ৰতিখন পঞ্চায়তত ধান ক্ৰয় কেন্দ্ৰ স্হাপন , বান খহনীয়া ৰোধ , কৃষকক উচ্ছেদ বন্ধ কৰা , অ’পিএছ প্ৰৱৰ্তন আদিৰ দাবী উত্থাপন কৰা হয়৷ বিশাল জনসভাখনত প্ৰবীন বাওঁপন্থী নেতা তামুলীয়ে কয় যে , বিজেপি চৰকাৰৰ দিনত সাধাৰন ৰাইজৰ জীৱন জীবিকা কঠিন পথেৰে অগ্ৰসৰ হৈছে ৷ বৃহৎ পুজিপতিৰ স্বাৰ্থ সুৰক্ষিত কৰি সাধাৰণ মানুহৰ মাজত বিজেপিয়ে ভাগ ভাগ কৰিছে বুলি মন্তব্য কৰে তামুলীয়ে৷আজিৰ এই জনসভাখনত চিপিআই(এম) ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ, দলটোৰ শোণিতপুৰ জিলা সম্পাদক মনেশ্বৰ বড়ো , ৰাজ্যিক সদস্য ৰয়েল চৰেং , নীৰু দত্ত আদিয়েও ভাষন দি চৰকাৰৰ জনবিৰোধী নীতিৰ সমালোচনা কৰে৷ জিলা খনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় কেবাশ ৰাইজে অংশ গ্ৰহন কৰা সভাৰ আৰম্ভণিতে সৰ্বসন্মতিক্ৰমে ন টাকৈ প্ৰস্তাৱ গ্ৰহন কৰে ৷ সেই অনুসৰি ৰাজ্যখনত উচ্ছেদিত পৰিয়ালক সংস্হাপন দিয়া, অঙ্গনবাড়ী কৰ্ম্মী সহায়িকা, আশা কৰ্ম্মীক চৰকাৰী কৰ্ম্মচাৰীৰ মৰ্যাদা প্ৰদান কৰা, ৰেচন কাৰ্ডৰ পৰা বাদ পৰা হিতাধিকাৰীক পুনৰ অন্তৰ্ভুক্ত কৰি ৰেচন দিয়াৰ ব্যৱস্থা কৰা, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৬৬১ টকা নিৰ্ধাৰণ কৰা, চৰ চাপৰি বনাঞ্চলত বহু বছৰ ধৰি বসবাস কৰা লোক সকলক মাটিৰ অধিকাৰ প্ৰদান কৰা, প্ৰতিটো পঞ্চায়ত এলেকাত ধান ক্ৰয় কেন্দ্ৰ স্হাপন কৰা , তেজপুৰ নগৰলৈ ৰেল সেৱা পুনৰ সম্প্ৰসাৰণ কৰা, ৰাজ্যৰ চাৰি খন জিলা বিলুপ্তিকৰণৰ বিৰুদ্ধে আৰু পুনৰ জিলাৰ মৰ্যাদা প্ৰদানৰ দাবী জনাই আজিৰ জনসভাখনত প্ৰস্তাৱ গ্ৰহন কৰা হয়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More