তেজপুৰ পৌৰসভা কংগ্ৰেছমুক্ত হ’ল

0 15

শতাব্দ প্ৰতিনিধি তেজপুৰ,৮মে’: বৰ্তমানৰ তেজপুৰ পৌৰসভাত আজিৰে পৰা কংগ্ৰেছৰ প্ৰতিনিধি নাই । শেহতীয়া পৌৰ নিৰ্বাচনত ছয় নম্বৰ পৌৰখণ্ডৰ পৰা একমাত্ৰ কংগ্ৰেছ প্ৰাৰ্থী হিচাপে জয়লাভ কৰা সুমন দাসে আজি দুপৰীয়া প্ৰায় ১-৩০বজাত বিজেপিত যোগদান কৰে । উল্লেখযোগ্য যে,এইবাৰ কংগ্ৰেছ দলে ছয় নম্বৰ ৱাৰ্ডত সুমনক আৰু দুই নম্বৰ ৱাৰ্ডত তেওঁৰ মাতৃ সোণালী দাসক প্ৰাৰ্থিত্ব দিছিল আৰু কন্যা সুমনে জয় লাভ কৰিছিল বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে । আজি তেজপুৰৰ পৰা গৈ গুৱাহাটীৰ বিজেপি কাৰ্যালয়ত উপস্থিত হোৱা সুমনে বিজেপি নেতা ফণীন্দ্ৰ শৰ্মা, তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস আদিৰ উপস্থিতিত বিজেপিত যোগদান কৰে । ইয়াকে লৈ তেজপুৰ পৌৰসভাত বিজেপি ৱাৰ্ড সদস্যৰ সংখ্যা ১৫জনলৈ বৃদ্ধি পোৱাৰ বিপৰীতে অগপৰ তিনিজন আৰু নিৰ্দলীয় এজন পৌৰসদস্য আছে । বিজেপিয়ে মহিলা আৰু যুৱ চামৰ বাবে কৰা কামকাজত আকৰ্ষিত হৈয়েই বিজেপি দলত যোগদান কৰাৰ লগতে কংগ্ৰেছ দলৰ একাংশই তেওঁক উপেক্ষা কৰা বুলি মন্তব্য কৰি কংগ্ৰেছ ত্যাগী পৌৰ সদস্যা সুমনে কয় যে শোণিতপুৰ জিলা কংগ্ৰেছৰ বৰ্তমানৰ সভাপতি ৰাম প্ৰসাদ শৰ্মাই সুমনক কংগ্ৰেছত থাকিলেও থাকিবা নাথাকিলেও নাই বুলি কৰা উপেক্ষাৰ বাবেই তেওঁ এই পদক্ষেপ গ্ৰহণ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More