তেজপুৰ বিশ্ববিদ্যালয়ত হেমলতা বৰুৱালৈ ‘তিলোত্তমা বৰুৱা সোঁৱৰণী বঁটা

৯ মেত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰদান কৰিব বঁটা

0 142

ত্যাগ আৰু সংগ্ৰামৰ চানেকী ৯৪ বছৰীয়া হেমলতা বৰুৱালৈ ‘তিলোত্তমা বৰুৱা সোঁৱৰণী বঁটা“
তেজপুৰ বিশ্ববিদ্যালয়ত ৯ মেত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰদান কৰিব এই বঁটা
কেন্দ্ৰীয় শিশু আৰু মহিলা উন্নয়ন দপ্তৰৰ মন্ত্ৰী স্মৃতি ইৰানীয়ে প্ৰদান কৰিব তিলোত্তমা বৰুৱা স্মাৰক বক্তৃতা

IMG 20220507 WA0051 e1651937524728শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৭ মেঃ প্ৰবীন স্বাধীনতা সংগ্ৰামী মহিলা সৱলীকৰণৰ অগ্ৰণী নেত্ৰী সমাজসেৱিকা তিলোত্তমা বৰুৱাই গোলাঘাট জিলাত সাংস্কৃতিক-ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত আগবঢ়াই গৈছে অনবদ্য বৰঙণি । সম্ভ্ৰান্ত পৰিয়ালৰ বোৱাৰী হৈয়ো সমাজক দি গৈছে অনুকৰণীয় উদাহৰণ । যিগৰাকী বিদূষী মহিলাই স্বাধীনতা আন্দোলনত সক্ৰিয় কৰ্মী হিচাপে সেৱা আগবঢ়াইছিল, সেইগৰাকী মহিলাই আকৌ সমাজৰ পিছপৰা অঞ্চলৰ নিৰক্ষৰ লোকৰ উন্নয়নৰ বাবে জনজাগৰণ সেৱা আৰম্ভ কৰিছিল । কলেৰা আৰু মহামাৰী ৰোগ নিৰ্মূলৰ উদ্দেশ্যে জনজাগৰণৰ অগ্ৰণী নেত্ৰী আছিল তিলোত্তমা বৰুৱা। তেজপুৰত জন্মগ্ৰহণ কৰি স্কুলীয়া শিক্ষা লাভ কৰা তিলোত্তমা বৰুৱাই গোলাঘাটৰ সম্ভ্ৰান্ত বৰুৱা পৰিয়ালৰ মহেশ্বৰ বৰুৱাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল । ইয়াৰ পিছতে স্বাধীনতা আন্দোলন, স্বদেশী আন্দোলন আৰু সামাজিক জনজাগৰণত জড়িত হৈ নাৰী সমাজক দেখুৱাই গৈছে উৎকৃষ্ট নিদৰ্শন । ১৯৮২ চনৰ ৯ মে’ তাৰিখে ইহলীলা সম্বৰণ কৰা এইগৰাকী সংগ্ৰামী আদৰ্শ মহিলাৰ স্মৃতি যুগমীয়া কৰাৰ অৰ্থে তেজপুৰ বিশ্ববিদ্যালয়ৰ ‘চন্দ্ৰপ্ৰভা শইকীয়ানী অধ্যয়ন কেন্দ্ৰ’ই গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ । এই পদক্ষেপৰ অংশ হিচাপেই আয়োজন কৰিছে তিলোত্তমা বৰুৱা স্মাৰক বক্তৃতানুষ্ঠানৰ লগতে স্মাৰক বঁটা প্ৰদান অনুষ্ঠান । উল্লেখ্য যে, অহা ৯ মে’ত আনুষ্ঠানিকভাৱে তেজপুৰৰ আন এগৰাকী একেই ত্যাগ আৰু সংগ্ৰামৰ চানেকী ৯৪ বছৰীয়া হেমলতা বৰুৱাক এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । উল্লেখ্য যে, চৰকাৰী শিক্ষয়িত্ৰীৰ চাকৰি ইস্তফা দি নাৰী মুক্তি, নাৰী সৱলীকৰণৰ অৰ্থে ওৰেটো জীৱন উছৰ্গা কৰা, ত্যাগ আৰু সংগ্ৰামৰ প্ৰতীক, তেজপুৰ মহিলা সমিতি আৰু তেজপুৰ জিলা মহিলা সমিতিৰ প্ৰাক্তন সম্পাদিকা, প্ৰাক্তন সভানেত্ৰী, প্ৰাক্তন উপদেষ্টা, গান্ধীবাদী সংগ্ৰামী মহিলা হেমলতা বৰুৱালৈ তেজপুৰ বিশ্ববিদ্যালয়ৰ চন্দ্ৰপ্ৰভা শইকীয়ানী মহিলা অধ্যয়ন কেন্দ্ৰই তিলোত্তমা বৰুৱা সোঁৱৰণী বঁটা প্ৰদানৰ কথা ঘোষণা কৰাৰ পিছতেই উৎফুল্ল হৈ পৰিছে তেজপুৰ জিলা আৰু তেজপুৰ মহিলা সমিতিৰ সকলো বিষয়ববীয়া ।  অহা ৯ মে’ তাৰিখে পুৱা ১১ বজাৰ পৰা বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিষদীয় ভৱনত অনুষ্ঠিত হ’ব লগা “তিলোত্তমা বৰুৱা স্মাৰক বক্তৃতা আৰু বঁটা প্ৰদান“ অনুষ্ঠানত সাংসদ কামাখ্যা তাছা, পল্লৱ লোচন দাস, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাকে ধৰি বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত হেমলতা বৰুৱাক এই বঁটা আনুষ্ঠানিক ভাবে প্ৰদান কৰিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অনুষ্ঠানটিত তিলোত্তমা বৰুৱা স্মাৰক বক্তৃতা প্ৰদান কৰিব কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন দপ্তৰৰ মন্ত্ৰী স্মৃতি জুবিন ইৰাণীয়ে । ১৯২৮ চনৰ ৫ নৱেম্বৰত জন্মগ্ৰহণ কৰা তেজপুৰ চহৰৰ নতুন আমোলাপট্টি নিবাসী অবিবাহিতা হেমলতা বৰুৱাই তেজপুৰ অসমীয়া মজলীয়া চৰকাৰী কন্যা বিদ্যালয়ত ১৯৪৭ চনতেই শিক্ষয়িত্ৰী হিচাপে যোগদান কৰিছিল । কিন্তু মহিলাৰ সৱলীকৰণ আৰু সমাজৰ সাৰ্বিক মংগলৰ বাবে ওৰেটো জীৱন নিজকে উৎসৰ্গিত কৰি অহা হেমলতা বৰুৱাই ১৯৫৪ চনত সেই চৰকাৰী শিক্ষয়িত্ৰীৰ পদবী ইস্তফা দি তেজপুৰ মহিলা সমিতিৰ শিশু ভাৰতী বিদ্যালয়ত যোগদান কৰে আৰু একে সময়তে তেজপুৰ সমবায় শিপিনী সংঘৰ সম্পাদিকা হিচাপে নিযুক্ত হয় । ১৯৫৮ চনৰ পৰা ১৯৮৫ চনলৈ শোণিতপুৰ জিলা মহিলা বোৱাকটা সমবায় সমিতিত নিৰ্বাচিত সম্পাদিকা হিচাপে কাৰ্যগ্ৰহণ কৰাৰ লগতে তেজপুৰ জিলা মহিলা সমিতিৰ সৈতেও জড়িত হৈ পৰে। ইয়াৰ পৱৰতী সময়ত অৰ্থাৎ ১৯৯৩ চনত তেজপুৰ জিলা মহিলা সমিতিৰ কাৰ্যকৰী সভানেত্ৰী আৰু ২০০৪ চনৰ পৰা সভানেত্ৰীৰ পদত একেৰাহে চাৰিবছৰ অধিষ্ঠিত হয়। এই সময়ছোৱাত শোণিতপুৰ জিলাৰ বিভিন্ন প্ৰান্তত বানপানীত আক্ৰান্ত লোকসকলৰ বস্ত্ৰ বিতৰণকে ধৰি ৭৫খন সঞ্চয় সমিতি গঠন কৰিছিল । ইয়াৰোপৰি ১৫০ খন প্ৰাথমিক মহিলা সমিতি গঠনেৰে দৃষ্টান্ত দেখুৱাবলৈ সক্ষম হোৱা হেমলতা বৰুৱাই ১৫০০ ৰো অধিক নিৰ্যাতিতা মহিলাৰ নিৰ্যাতন দূৰ কৰি আৰ্থিক স্বাৱলম্বিতাৰ পথ প্ৰশস্ত কৰি তুলিছিল ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More