তেজপুৰ বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হিচাপে নিযুক্ত ড° শম্ভু নাথ সিঙ

0 41

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১এপ্ৰিলঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হৈছে নতুন দিল্লীৰ ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° শম্ভু নাথ সিঙক৷তেওঁক কালি কেন্দ্ৰীয় চৰকাৰে তেজপুৰ বিশ্ববিদ্যালয়ত পাঁচবছৰীয়া কাৰ্যকালৰ বাবে উপাচাৰ্য হিচাপে নিয়োগ কৰে৷পাটনা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড° সিঙে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি অৰ্জন কৰিছিল আৰু তেওঁৰ গৱেষণা পত্ৰই সেইবাৰৰ শ্ৰেষ্ঠ গৱেষণা পত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছিল৷ অধ্যাপক ড° সিং স্কুল অৱ জাৰ্ণেলিজিমৰ প্ৰতিষ্ঠাপক সঞ্চালক আছিল৷দেশ বিদেশৰ বহুকেইখন আগশাৰীৰ বিশ্ববিদ্যালয়ৰ অতিথি অধ্যাপক হিচাপে সেৱা আগবঢ়োৱা ড° সিঙে ইউনেস্কৰ প্ৰকল্পৰেও জড়িত হোৱাৰ লগতে জাৰ্মানী তথা এচিয়াৰ একাধিক বিখ্যাত শৈক্ষিক প্ৰতিষ্ঠানৰ স’তে জড়িত থাকি জনসংযোগ ক্ষেত্ৰত বিশেষ বৰঙনি আগবঢ়াইছে৷দেশৰ একাধিক সংবাদগোষ্ঠীৰ সম্পাদকীয় পৰিষদৰ স’তেও ড° সিং জড়িত আছিল৷দেশৰ বিভিন্ন শৈক্ষিক পৰিষদত সেৱা আগবঢ়োৱা ড° সিঙৰ এহেজাৰৰো অধিক ৰাজনৈতিক তথা সমকালিন বিষয়ৰ নিৱন্ধ প্ৰকাশ পাইছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More