তেজপুৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত নতুন শাখা মুকলি

দৰং মহাবিদ্যালয়ত ৰং- তুলিকাৰে বিশেষ কাৰ্যসূচী ৰূপায়ণ

0 143

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৭ জুন : দেশ তথা ৰাজ্যৰ অন্যতম মানসিক চিকিৎসা আৰু গৱেষণা প্ৰতিষ্ঠান লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত আজি “ড্ৰাগছৰ অপব্যৱহাৰ-অবৈধ সৰবৰাহ বিৰোধ আৰু আফিঙৰ ক্ৰিয়া প্ৰেৰক চিকিৎসা সেৱা উদ্ঘাটন” ৰাষ্ট্ৰীয় শীৰ্ষক বিষয়ৰ লগত সংগতি ৰাখি ’আসক্তিৰ ঔষধ’ বিভাগৰ অধীনত এটা নতুন শাখা মুকলি কৰা হয় ।IMG 20220627 WA0058 এই শাখা আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্য অতিথি তথা শোণিতপুৰ জিলাৰ চেছন ন্যায়াধীশ আৰু জিলা আইনী সেৱা প্ৰাধিকাৰীৰ সভাপতি চি বি গগৈয়ে। তেওঁ ড্ৰাগছ সম্পৰ্কীয় তথ্য দাঙি ধৰি লগতে ইয়াৰ নিৰ্মূলৰ বাবে বিভিন্ন অনুষ্ঠান, স্বেচ্ছাসেৱী অনুষ্ঠান আদিৰ সক্ৰিয় সহযোগিতা কামনা কৰে । অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই বিভিন্ন প্ৰকাৰৰ অপকাৰিতাৰ লগতে ড্ৰাগচ সৰবৰাহৰ পথ সম্পৰ্কত ম্যানমাৰ আদিৰ কথা অৱগত কৰে । উপায়ুক্তগৰাকীয়ে প্ৰসংগক্ৰমে বিশেষকৈ ২০ বছৰৰ তলৰ লৰা ছোৱালীক অভিভাৱকে যে বিশেষ চকু দিব লাগে বুলিও মন্তব্য কৰে । লগতে তেওঁ এই প্ৰতিষ্ঠানৰ লগত যৌথ উদ্যোগত বিভিন্ন কাৰ্য্য ব্যৱস্থা গ্রহণ কৰা হব বুলিও উল্লেখ কৰে । প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ শৈলেন্দ্ৰ কুমাৰ দেউৰীয়ে সমাজৰ সকলো স্তৰৰ লোকে এই বিষয়ত আগবাঢ়ি আহিবলৈ আহ্বান জনায়। “আসক্তিৰ ঔষধ“ বিভাগৰ তত্ত্বাৱধায়ক ডাঃ হেমন্ত দত্তই আদৰণি ভাষণ আগবঢ়োৱা সভাখনত তেজপুৰ চহৰৰ বিশিষ্ট ব্যক্তি ক্ৰমে অধীক্ষক ডাঃ বসন্ত হাজৰিকা, ডাঃ অনিল শৰ্মা, দৰং মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° জয় শংকৰ হাজৰিকা, বিশিষ্ট চিকিৎসক এফ আৰ চৌধুৰী উপস্থিত থাকে। সভাত শলাগ জ্ঞাপন কৰে ডাঃ দীপ্তি দি মুখাৰ্জীয়ে । সভাত প্ৰতিষ্ঠানখনৰ বিভিন্ন বিভাগৰ মুৰব্বী,গৱেষক ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীবৃন্দ উপস্থিত থাকে।

ইপিনে, ঐতিহ্যমণ্ডিত দৰংমহাবিদ্যালয় প্ৰাংগনতো এখন দীঘলীয়া কেনভাচৰ সন্মুখত চিত্ৰকলাৰ একাংশ শিক্ষাৰ্থী সমবেত হৈ ৰং তুলিকাৰে ড্ৰাগচৰ ভয়াৱহতা বা ড্ৰাগচৰ বিৰুদ্ধে বিশেষ সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখ্য যে, কালিৰ দিনটোত আন্তৰ্জাতিক ড্ৰাগছ বিৰোধী দিৱস ৰূপে সমগ্ৰ বিশ্বজুৰি উদযাপিত হৈছিল যদিও কালি দেওবাৰ হোৱাৰ বাবে শিক্ষানুষ্ঠান বন্ধ থকাত দৰংমহাবিদ্যালয়ৰ একাংশ শিক্ষাৰ্থী জড়িত হৈ থকা ‘জীয়া নৈ’ নামৰ স্বেচ্ছাসেৱী সংগঠনটিৰ উদ্যোগত আৰু দৰংমহাবিদ্যালয়ৰ সহযোগত আজি চিত্ৰকলাৰ মাজেৰে উদযাপিত হয় আন্তৰ্জাতিক ড্ৰাগছ বিৰোধী দিৱস। দৰং মহাবিদ্যালয়ৰ অধ্যক্ষ ড° পলাশমণি শইকীয়াই চিত্ৰাংকনৰ মাধ্যমৰে এই সজাগতা কাৰ্যসূচী শুভাৰম্ভ কৰি ভাষণ প্ৰসংগত বৰবিহ ড্ৰাগছে কেনেকৈ আমাৰ সমাজলৈ অশনি সংকেত কঢ়িয়াই একোটা প্ৰজন্ম পংগু কৰি তুলিছে তাৰ ওপৰত আলোকপাত কৰে। স্বেচ্ছাসেৱী সংগঠনটোৰ সদস্যই উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটিত দৰংমহাবিদ্যালয়ৰ এলুমনি সন্থাৰ যুটীয়া সম্পাদক পংকজ বৰুৱায়ো ড্ৰাগছৰ ভয়াৱহতাই কেনেকৈ ৰাজ্যখনলৈ অশনি সংকেত কঢ়িয়াই অনাৰ পিছত শেহতীয়াকৈ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰি চৰকাৰৰ এই অভিযানত জনসাধাৰণৰ লগতে শিক্ষাৰ্থী সমাজক চামিল হ’বলৈ আহ্বান জনায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More