থাইৰয়ডৰ আমনিঃ পাকঘৰত ৰাখক এই চাৰিবিধ খাদ্য সামগ্ৰী

0 137

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ জুন : থাইৰয়ডৰ সমস্যাত অনেকেই ভোগে। বিশেষজ্ঞসকলৰ মতে, থাইৰয়ডৰ অৱস্থান আমাৰ শৰীৰৰ ডিঙিত। দেখাত বহুখিনি পখিলাৰ দৰে। ইয়াৰ ভিতৰত বহুকেইটা হৰমন সৃষ্টি হয়। যেতিয়া থাইৰয়ডৰ হৰমনবোৰ অস্বাভাৱিক হাৰত উৎপাদন হয়, তেতিয়াই সমস্যাৰ সৃষ্টি হয়। বিশেষজ্ঞসকলৰ মতে, সাধাৰণতে দুই ধৰণৰ থাইৰয়ডৰ সমস্যা দেখা যায়। হাইপাৰথাইৰয়ডিজম আৰু হাইপোথাইৰয়ডিজম। জিভা আয়ুর্বেদৰ ডিৰেক্টৰ ডাঃ প্রতাপ চৌহানৰ মতে, চিকিৎসা জগতত থাইৰয়ডৰ অনেক চিকিৎসা পোৱা যায়। অৱশ্যে ইয়াৰ কিছু আয়ুর্বেদিক প্রতিকাৰো আছে। এইটো বিশ্বাস কৰা হয় যে, আয়ুর্বেদিক প্রতিকাৰে কেৱল থাইৰয়ড ৰোগেই প্রতিৰোধ নকৰে, বৰং থাইৰয়ড ব্যাধিৰ মূল কাৰণো নিৰাময় কৰে। তলত চাৰিবিধ খাদ্য সামগ্ৰীৰ নাম উল্লেখ কৰা হৈছে, যি থাইৰয়ড উপশমৰ কাম কৰে।

* ​চজিনা
ড্রামষ্টিক বা চজিনাত বেছিভাগ প্রধান পুষ্টি উপাদান আছে, যি থাইৰয়ড উপশমৰ বাবে অপৰিহার্য। চেলেনিয়ামৰ অভাৱত থাইৰয়ড ৰোগ হ’ব পাৰে আৰু চজিনাত চেলেনিয়ামৰ পৰিমাণ বেছিকৈ থাকে।

* আদা
আদা হৈছে থাইৰয়ডৰ বাবে সকলোতকৈ সহজ ঘৰুৱা প্রতিকাৰসমূহৰ ভিতৰত অন্যতম। কাৰণ আদা সহজেই পোৱা যায়। আদা পটাচিয়াম আৰু মেগনেচিয়ামৰ দৰে প্রয়োজনীয় খনিজ সমৃদ্ধ আৰু প্রদাহৰ বিৰুদ্ধে যুদ্ধ কৰাত সহায় কৰে, যি থাইৰয়ডৰ অন্যতম প্রধান কাৰণ। আদা চাহ পান কৰা সকলোতকৈ ভাল সমাধান।

* জিৰা
জিৰাৰ অনেক ঔষধি গুণ আছে। ই কেৱল খাদ্যৰ স্বাদেই নবঢ়ায়; বৰং থাইৰয়েডৰ দৰে গুৰুতৰ অৱস্থাৰ চিকিৎসাতো সহায়ক। থাইৰয়েড ৰোগীসকলে উপশম পাবলৈ জিৰা তিয়াই ৰাখি সেই পানী পান কৰা উচিত।

* ধনীয়া
থাইৰয়েডৰ সমস্যা নিৰাময়ত হাজাৰ হাজাৰ বছৰ ধৰি ধনীয়া তিয়াই ৰখা পানী ব্যৱহাৰ হৈ আহিছে। আয়ুর্বেদিক চিকিৎসাত এইটো এটা প্রধান চিকিৎসা। ধনীয়াত প্রচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট আৰু ভিটামিন আছে, যি থাইৰয়েড নিৰাময়ত কাম কৰে আৰু থাইৰয়েডত হৰমনৰ উৎপাদন নিয়ন্ত্রণ কৰে।

(এই প্রতিবেদন মাত্র সাধাৰণ তথ্যৰ বাবে। এয়া কোনো কাৰণতেই কোনো ঔষধ বা চিকিৎসাৰ বিকল্প হ’ব নোৱাৰে। বিস্তাৰিতভাৱে জানিবৰ বাবে সদায় চিকিৎসকৰ ওচৰ চাপক।)

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More