দক্ষিণৰ ছবিৰ দৰেই অসমীয়া ছবি চাবলৈ আহ্বান অভিনেত্ৰী প্ৰস্তুতিৰ

তেজপুৰত নতুন অসমীয়া চলচ্চিত্ৰ গংগাৰ প্ৰচাৰ

0 21

 

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৭ এপ্ৰিল : দেশৰ বলিউড খ্যাত মুম্বাই মহানগৰীত নিৰ্মাণ হোৱা হিন্দী চলচ্চিত্ৰক চেৰ পেলাই দক্ষিণৰ চলচ্চিত্ৰই বাজীমাৎ কৰাৰ সময়ত অসমীয়া চলচ্চিত্ৰও চোৱাৰ আহ্বানৰে তেজপুৰৰ দুখন মহাবিদ্যালয়ত আজি চলিল এখন নতুন অসমীয়া চলচ্চিত্ৰৰ প্ৰচাৰ । গংগা নামৰ নৱনিৰ্মিত অসমীয়া চলচ্চিত্ৰখনৰ প্ৰচাৰ চলাবলৈ আজি তেজপুৰ মহাবিদ্যালয় আৰু দৰং মহাবিদ্যালয়ত দুই  শিশুশিল্পী তথা আন কলাকুশলী সহ উপস্থিত হয় ৰাজ্যৰ এগৰাকী বলিষ্ঠ অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ । দুয়োখন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত গংগা নামৰ অসমীয়া চলচ্চিত্ৰখনৰ কলাকুশলী সকলে গীত গাই তথা নৃত্য প্ৰদৰ্শন কৰি প্ৰচাৰ চলায় । কভিড সৃষ্ট পৰিবেশে কোঙা কৰা ৰাজ্যৰ চলচ্চিত্ৰ জগতখনলৈ পুনৰ সুদিন উভতি আহিব বুলি আশাবাদী সকলো  । কাৰণ এতিয়া ছবি ঘৰলৈ চিনেমা চাবলৈ পুনৰ দৰ্শক যাবলৈ আৰম্ভ কৰিছে । ইতিমধ্যেই দাক্ষিণাত্যৰ ছবিয়ে দৰ্শকৰ বেছ সঁহাৰি লাভ কৰিছে । এনে অৱস্থাত আজি অসমীয়া চলচ্চিত্ৰ চোৱাৰ বাবে আহ্বান জনাই অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে তেজপুৰ মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰী সকলক কয় “আমি আমাৰ অসমীয়া ছবিকো সমানে আদৰ কৰিব লাগিব । ছবি গৃহত গৈ অসমীয়া চিনেমা চাব লাগিব ।” উল্লেখযোগ্য যে, অহা ছয় মে’ত ৰাজ্যৰ ছবি গৃহত মুক্তি পাব গংগা নামৰ অসমীয়া চলচ্চিত্ৰখনে, য’ত প্ৰস্তুতি পৰাশৰেও শীৰ্ষ ভূমিকাত অভিনয় কৰিছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More